চিটাৰা ডেস্ক, 28 ডিচেম্বৰ: ‘মাদাৰ ইণ্ডিয়া’, ‘মায়া’, ‘দ্য চিংগিং ফিলিপিনা’ৰ দৰে ছবিত অভিনয় কৰা অভিনেতা ছাজিদ খানৰ দেহাৱসান । জানিব পৰা মতে বহু দিনৰে পৰা কৰ্কট ৰোগৰ সৈতে যুঁজি আছিল অভিনেতাগৰাকী । অৱশেষত জীৱন যুদ্ধত হাৰ মানে অভিনেতাগৰাকীয়ে ৷ ৭০ বছৰ বয়সত ২২ ডিচেম্বৰত ছাজিদে ইহলীলা সম্বৰণ কৰে যদিও আজিহে এই খবৰ পোহৰলৈ আহিছে । কেৰালাৰ আলাপ্পুঝা জিলাৰ কয়ামকুলাম টাউন জুমা মছজিদৰ ওচৰত ছাজিদ খানক সমাধিস্থ কৰা হয় । ছাজিদ খানৰ একমাত্ৰ পুত্ৰ সমীৰে পিটিআইক কয়, ‘‘তেওঁ বহু দিনৰে পৰা কেন্সাৰ ৰোগৰ সৈতে যুঁজি আছিল । শুকুৰবাৰে (22 ডিচেম্বৰ) তেওঁৰ মৃত্যু হয় ।’’
সমীৰে কয় যে তেওঁৰ পিতৃয়ে দ্বিতীয় পত্নীৰ সৈতে কেৰালাত বসবাস কৰিছিল । সমীৰে লগতে কয়- ‘‘মোৰ পিতৃক ৰাজকুমাৰ পীতাম্বৰ ৰাণা আৰু সুনীতা পীতাম্বৰে তুলি লৈছিল আৰু চলচ্চিত্ৰ নিৰ্মাতা মেহবুব খানে তেওঁক ডাঙৰ-দীঘল কৰিছিল । তেওঁ বহু দিনৰে পৰা ছবিৰ সৈতে জড়িত হৈ থকা নাছিল আৰু বেছিভাগে সময় সমাজসেৱাত নিয়োজিত আছিল । আগতে কেৰালালৈ সঘনাই আহিছিল আৰু ইয়াত থাকি ভাল পাইছিল সেয়ে আকৌ বিয়া পাতি ইয়াতে বসবাস কৰিছিল ।’’
আমেৰিকাৰ টিভি শ্ব’ত দেখা গৈছিল ছাজিদক
ছাজিদ খানে ‘মায়া’ ছবিখনৰ জৰিয়তে শিশু শিল্পী হিচাপে জনপ্ৰিয়তা লাভ কৰিছিল, য’ত তেওঁ স্থানীয় ল’ৰা ৰাজ জীৰ চৰিত্ৰত অভিনয় কৰিছিল । ছবিখনৰ জনপ্ৰিয়তাৰ বাবে একে নামেৰে এখন ধাৰাবাহিকো নিৰ্মাণ কৰা হয় আৰু ইয়াৰ ফলত খান আৰু অধিক জনপ্ৰিয় হৈ পৰে । আমেৰিকাৰ টিভি শ্ব’ ‘দ্য বিগ ভেলী’ৰ এটা খণ্ডতো অতিথি হিচাপে অভিনয় কৰাৰ সুযোগ পাইছিল ৷ লগতে সংগীত শ্ব’ ‘ইটছ হেপিং’ত অতিথি বিচাৰক হিচাপেও দেখা গৈছিল তেওঁক ।
ফিলিপাইনছত বিখ্যাত নাম হৈ পৰা অভিনেতাগৰাকীয়ে নোৰা অ’ন’ৰৰ সৈতে ‘দ্য চিংগিং ফিলিপিনা’, ‘মাই ফানি গাৰ্ল’ আৰু ‘দ্য প্ৰিন্স এণ্ড আই’ৰ দৰে ছবিত কাম কৰিছিল । মাৰ্চেণ্ট-আইভৰীৰ প্ৰডাকচন ‘হিট এণ্ড ডাষ্ট’তো খানে ডকাইতৰ চৰিত্ৰত অভিনয় কৰিছিল ।
লগতে পঢ়ক: বিজয়কান্তৰ মৃত্যুত শোক প্ৰকাশ ৰাজনীতিবিদ-চেলিব্ৰিটিৰ