চিটাৰা ডেস্ক, 26 মাৰ্চ: গ্ল’বেল ষ্টাৰ প্ৰিয়ংকা চোপ্ৰা আৰু স্বামী আমেৰিকান কণ্ঠশিল্পী নিক জ’নাছ শেহতীয়াকৈ মাতৃ-পিতৃ হৈছে ৷ অৱশ্যে চেৰ’গেচিৰ জৰিয়তে মাতৃ হৈছে যদিও মাতৃৰ দায়িত্ব অতি সুন্দৰকৈ পালন কৰা দেখা গৈছে প্ৰিয়ংকাই ৷ শেহতীয়াকৈ ইনষ্টাগ্ৰামত গ্ল’বেল ষ্টাৰ প্ৰিয়ংকা চোপ্ৰাই স্বামী তথা আমেৰিকান কণ্ঠশিল্পী নিক জ’নাছৰ সৈতে এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে (Mom and dad Priyanka Nick) ৷
শনিবাৰে স্বামীৰ সৈতে কৰা আউটিঙৰ এটা ভিডিঅ’ অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰিছে প্ৰিয়ংকাই । অভিনেত্ৰীগৰাকীয়ে নিক জ’নাছৰ সৈতে কন্যা মাল্টি মেৰীৰ অবিহনে শনিবাৰৰ নিশাটো উপভোগ কৰিবলৈ চেষ্টা কৰা এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে । এইখিনিতে ক’ব লাগিব যে, যিহেতু নতুনকৈ মাতৃ-পিতৃ হ’লে সন্তানৰ কাৰণে স্বামী-স্ত্ৰীয়ে একেলগে সময় অতিবাহিত কৰাৰ সময় নাপায় ৷ সেয়াহে, নতুন অভিভাৱক প্ৰিয়ংকা আৰু নিকে কন্যা সন্তানৰ অবিহনে একেলগে সময় উপভোগ কৰিবলৈ আউটিঙলৈ যোৱা বুলি উল্লেখ কৰে (Priyanka Chopra and Nick jonas) ৷
শ্বেয়াৰ কৰা ভিডিঅ’টোত প্ৰিয়ংকাক বহি হাঁহি থকা দেখা যায় আৰু আপাত দৃষ্টিত ভাগৰুৱা যেন লগা নিকক বেকগ্ৰাউণ্ডত বাজি থকা সংগীতত মূৰ জোঁকাৰি থকা পৰিলক্ষিত হৈছে । আনকি নিকে হাত দুখন ওপৰলৈ উঠাই সংগীত উপভোগ কৰা দেখা, আনহাতে প্ৰিয়ংকাই তেওঁৰ চিত্ৰগ্ৰহণ অব্যাহত ৰাখিছে (Priyanka Nick enjoy saturday outing) । মুঠৰ ওপৰত শনিবাৰে গভীৰ নিশা দম্পতীটোৱে নিজৰ অভিভাৱকত্বৰ কৰ্তব্যৰ পৰা কিছু সময় উলিয়াই একেলগে সময় উপভোগ কৰা পৰিলক্ষিত হৈছে ।
ভিডিঅ’টো জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে তেওঁৰ অফিচিয়েল ইনষ্টাগ্ৰাম একাউন্টত শ্বেয়াৰ কৰি লিখিছে, "যেতিয়া মাতৃ-পিতৃয়ে শনিবাৰে নিশা একেলগে উদযাপন কৰিবলৈ চেষ্টা কৰে ।" ভিডিঅ’টোত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি নিক’ৰ ভাতৃ কেভিন জ’নাছে মন্তব্য কৰে, "I feel this ।"
- " class="align-text-top noRightClick twitterSection" data="
">
উল্লেখ্য যে, প্ৰিয়ংকাৰ আগন্তুক একচন থ্ৰিলাৰ ছবি চিটাডেলৰ বাবে বৰ্তমান ব্যস্ত হৈ আছে ৷ গ্লোবেল ছিৰিজৰ প্ৰথম ছিজনটো ছটা খণ্ডৰে গঠিত, ২৮ এপ্ৰিলত প্ৰাইম ভিডিঅ’ত দুটা খণ্ড আৰু ইয়াৰ পিচত ২৬ মে’লৈকে সাপ্তাহিকভাৱে এটা খণ্ড মুক্তি পাব । ইংৰাজী, হিন্দী, তামিল, তেলেগু, মালয়ালম, আৰু কানাড়া আদি ভাষাত মুক্তি লাভ কৰিব ধাৰাবাহিকখন (Priyanka chopra latest news) ৷
লগতে পঢ়ক: Deepika Padukone: ৰণবীৰ সিঙক কিয় ইগনোৰ কৰিলে দীপিকা পাডুকনে ? অনুৰাগীয়ে প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়া