ETV Bharat / entertainment

Miss and Mrs Pragya 2023: প্ৰতিভাৱানসকলক এখন মঞ্চ দিয়াৰ উদ্দেশ্যে আয়োজন মিছ এণ্ড মিছটাৰ্চ প্ৰজ্ঞা ২০২৩

author img

By ETV Bharat Assamese Team

Published : Aug 29, 2023, 1:12 PM IST

মহানগৰীত অনুষ্ঠিত হয় মিছ এণ্ড মিছটাৰ্চ প্ৰজ্ঞা ২০২৩ । চান্দমাৰিস্থিত তীৰ্থনাথ ভৱনত প্ৰজ্ঞা ফাউণ্ডেচনৰ উদ্যোগত অনুষ্ঠিত হয় এই প্ৰতিযোগিতা । উক্ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে ৰাজ্যৰ ভিন্ন প্ৰান্তৰৰ প্ৰায় ৭০ গৰাকী প্ৰতিযোগীয়ে ।

Miss and Mrs Pragya 2023 competition held at Tirtha Nath Sharma Hall in Chandmari
মিছ এণ্ড মিছটাৰ্চ প্ৰজ্ঞা ২০২৩
মিছ এণ্ড মিছটাৰ্চ প্ৰজ্ঞা ২০২৩

গুৱাহাটী, ২৯ আগষ্ট: দেওবাৰে মহানগৰীৰ চান্দমাৰিস্থিত তীৰ্থনাথ ভৱনত অনুষ্ঠিত হয় মিছ এণ্ড মিছটাৰ্চ প্ৰজ্ঞা ২০২৩ । প্ৰজ্ঞা ফাউণ্ডেচনৰ উদ্যোগত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে প্ৰায় ৭০ গৰাকী প্ৰতিযোগীয়ে । আয়োজকে জনোৱা মতে তিনিটা শিতানত অনুষ্ঠিত হয় এই প্ৰতিযোগিতা । ব্ৰাইডেল মেকআপ, বিউটি পিজেন্ট আৰু ৰানৱে শ্ব’ এই শিতানত অনুষ্ঠিত হয় এই প্ৰতিযোগিতা ।

মিছ এণ্ড মিছটাৰ্চ প্ৰজ্ঞা ২০২৩ৰ বিচাৰক হিচাপে উপস্থিত থাকে পাহাৰী মেধি, ৰিমলী বৰবৰা আৰু প্ৰবীৰ শৰ্মা । উল্লেখ্য যে, প্ৰজ্ঞা ফাউণ্ডেচনৰ তৰফৰ পৰা সোমবাৰে গুৱাহাটী প্ৰেছক্লাৱত এক সংবাদমেল আয়োজন কৰা হয় ৷ এই সংবাদমেল সম্বোধন কৰি অনুষ্ঠানটোৰ উদ্দেশ্য বৰ্ণনা কৰে প্ৰজ্ঞা ফাউণ্ডেচনৰ পৰিচালক ইনজামুল হকে ৷

ইনজামুল হকে অনুষ্ঠান উদ্দেশ্য বৰ্ণনা কৰি কয়, ‘‘এই অনুষ্ঠানৰ মূল উদ্দেশ্য হৈছে প্ৰতিভাৱান সকলক এখন মঞ্চ প্ৰদান কৰা । ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ জাতি ধৰ্ম নিৰ্বিশেষে নৱ প্ৰজন্ম তথা যিসকল লোকে কোনো কাৰণত নিজৰ প্ৰতিভা বিকাশৰ বাবে মঞ্চ নাই পোৱা, তেওঁলোকক এখন মঞ্চ প্ৰদান কৰাই এই অনুষ্ঠানৰ মূল উদ্দেশ্য । ইয়াৰোপৰি শাৰীৰিক ভাৱে বিশেষ সক্ষম লোক সকলোকো এখন মঞ্চ প্ৰদান কৰাৰ প্ৰচেষ্টা হাতত লৈছে প্ৰজ্ঞা ফাউণ্ডেচনে ।’’

প্ৰজ্ঞা ফাউণ্ডেচনৰ পৰিচালক পৰিচালকগৰাকীয় লগতে কয়, ‘‘সাংস্কৃতিক ক্ষেত্ৰখনৰ লগতেই সমাজৰ প্ৰতি থকা দায়বদ্ধতাবোৰ পূৰ কৰা উদ্দেশ্য আমি বিগত তিনি বছৰ ধৰি এই প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছোঁ । ইফালে দেওবাৰে অনুষ্ঠিত হোৱা শিশুৰ ছোৱালী শাখাত বিজয়ী হৈছে গংগোত্ৰী শৰ্মা আৰু ল’ৰা শাখাত বিজয়ী হৈছে ভাৰ্গৱজ্যোতি অধিকাৰী । আনহাতে মিছ প্ৰজ্ঞাৰ খিতাপ অর্জন কৰিবলৈ সক্ষম হৈছে দিয়া মুদৈ আৰু মিছটাৰ্চ প্ৰজ্ঞাৰ খিতাপ অর্জন কৰিবলৈ সক্ষম হৈছে নীল ৰাজবংশীয়ে ।

লগতে পঢ়ক: Chicago south asian film festival:চিকাগো ছাউথ এছিয়ান চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত অসমীয়া ছবি "সত্য দ্যা ট্ৰুথ"

লগতে পঢ়ক: Miss Earth India 2023: মিছ আৰ্থ ইণ্ডিয়া ২০২৩ ৰ খিতাপ দখল ৰাজস্থানৰ প্ৰিয়ন সেনৰ, পৰৱৰ্তী সময়ত ভিয়েটনামত ভাৰতক প্ৰতিনিধিত্ব কৰিব

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.