ETV Bharat / entertainment

Milind Soman House: মুম্বাইৰ প্ৰভাদেৱীত ফ’ৰ বি এইচ কেৰ এটা বিলাসী ঘৰ কিনিলে মিলিন্দ সোমনে

অভিনেতা তথা মডেল মিলিন্দ সোমনে মুম্বাইৰ প্ৰতিষ্ঠিত প্ৰভাদেৱীত ক্ৰয় কৰিলে ফ’ৰ বি এইচ কেৰ এটা বিলাসী ঘৰ (Milind Soman latest news) । বিখ্যাত সিদ্ধিবিনায়ক মন্দিৰৰ পৰা খোজ কাঢ়ি যোৱাৰ দূৰত্বত অৱস্থিত এই ঘৰটো 1720 বৰ্গফুটৰ । সবিশেষ আগলৈ-

Milind Soman
মিলিন্দ সোমন
author img

By

Published : Sep 13, 2022, 5:22 PM IST

চিটাৰা ডেস্ক, 13 ছেপ্টেম্বৰ : মায়ানগৰী মুম্বাইত এটা বিলাসী ঘৰৰ সপোন কিজানি সকলোৰে আছে । সপোনৰ বাট বুলিবলৈ মুম্বাইলৈকে যাত্ৰা কৰে সৰহ সংখ্যকে ৷ ৰণবীৰ দীপিকাৰ পিছত এতিয়া আন এজন তাৰকাই মুম্বাইত কিনিলে সপোনৰ ঘৰখন ৷ যৌৱন আৰু আকৰ্ষণীয় শৰীৰৰ বাবে সদায় বাতৰিৰ শিৰোনামত থকা মিলিন্দ সোমনে ক্ৰয় কৰিছে ফ’ৰ বি এইচ কেৰ এটা বিলাসী ঘৰ (Milind Soman house in Mumbai)।

মিলিন্দ সোমনে ক্ৰয় কৰা ফ্লেটটোৰ কাৰ্পেট এলেকা হৈছে 1720 বৰ্গফুট । ইয়াত চাৰিটা বিলাসী শোৱা কোঠা আছে । পাৰ্কিঙৰ বাবে দুটাকৈ জেগা আছে । দাদাৰ চৌপট্টি বীচ্ছ তেওঁৰ ঘৰৰ পৰা অতিকে ওচৰত আৰু এই প্ৰকল্পৰ পৰা খোজ কাঢ়ি যোৱা দূৰত্বত আছে বিখ্যাত সিদ্ধিবিনায়ক মন্দিৰ জৈন দেৰাছাৰ । দাদাৰ ৰেলৱে ষ্টেচনলৈ মাত্ৰ দহ মিনিট খোজ কাঢ়িলেই চহৰৰ বাণিজ্যিক কেন্দ্ৰবোৰলৈ সহজে যাব পাৰি ।

মিলিন্দ সোমনে ক্ৰয় কৰা ঘৰটো যথেষ্ট সুবিধাজনক স্থানত আছে ৷ সুৰজ এষ্টেট ডেভেলপাৰ্ছৰ হোল টাইম ডাইৰেক্টৰ ৰাহুল থমাছে মন্তব্য কৰি কয়, "অ’চেন ষ্টাৰ হৈছে প্ৰভাদেৱীৰ মাজমজিয়াত অৱস্থিত এটা স্বৰ্গ সদৃশ ঘৰ, চৌপাশ অতি বিচিত্ৰময় আৰু সাগৰখন ইয়াৰ পৰা মাত্ৰ 100 মিটাৰ দূৰত্বত । আমি সুৰজ পৰিয়াললৈ মিলিন্দ সোমনক আদৰণি জনাই আনন্দিত হৈছো" ৷

স্থপতিবিদ সঞ্জয় পুৰীৰ দ্বাৰা ডিজাইন কৰা, অ’চেন ষ্টাৰত ক্ৰমান্বয়ে 1153 বৰ্গ ফুট আৰু 1720 বৰ্গ ফুট আকাৰৰ 3 আৰু 4 বিএইচকেৰ ঘৰ আছে । ইয়াৰ মজিয়াৰ পৰা মজিয়াৰ উচ্চতা 12.6 ফুট আৰু ইয়াৰ পৰা আৰৱ সাগৰ আৰু বান্দ্ৰা ৱৰ্লি চি-লিংকৰ দৃষ্টিনন্দন দৃশ্য উপভোগ কৰিব পাৰি ।

লগতে পঢ়ক : কংগনা ৰাণাৱটৰ ইমাৰ্জেন্সী ছবিখনৰ পৰা দেখা পোৱা গ’ল সঞ্জয় গান্ধীৰ ফাৰ্ষ্ট লুক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.