চিটাৰা ডেস্ক, 2 মে’ : বিশ্বৰ আটাইতকৈ চৰ্চিত আৰু প্ৰিয় ফেশ্বন ইভেণ্ট হৈছে মেট গালা ৷ প্ৰত্যেক বছৰৰ দৰেই এইবাৰো অনুষ্ঠিত হৈছে মেট গালা ৷ এইবাৰৰ মেট গালাত বহু তাৰকাই বিভিন্ন আৰু অনন্য শৈলীত প্ৰদৰ্শন কৰিছে নিজৰ লুক । এনে পৰিস্থিতিত এই ফেশ্বন ইভেণ্টত অংশ লোৱা নাটাছা পুনাৱালাই নিজৰ লুকৰ বাবে লাভ কৰিছে ব্যাপক চৰ্চা ৷ পোহৰলৈ আহিছে নাটাছাৰ মেট গালা লুকৰ ছবি, এই ছবিবোৰ চাই কেনেধৰণৰ লুক বাছি লৈছে নাটাছাই সেই বিষয়ে হয়তো কল্পনাও কৰিব নোৱাৰিব আপুনি ।
উল্লেখ্য যে, আলিয়া, প্ৰিয়ংকা আৰু ইছা আম্বানীৰ পিচত এই বছৰ মেট গালাত অংশগ্ৰহণ কৰা দেশী ছোৱালীবোৰৰ ভিতৰত এগৰাকী আছিল নাটাছা পুনাৱালা ৷ মেট গালাত আইনাযুক্ত শ্বিয়াপাৰেলি গাউন পৰিধান কৰি সকলোকে নিজৰ লুকটোৰ বিষয়ে ভাবিবলৈ বাধ্য কৰাইছে নাটাছাই (Natasha Ponawalla)।
![Met Gala 2023: Natasha Poonawalla makes heads turn in extreme bustier outfit, Malaika Arora reacts](https://etvbharatimages.akamaized.net/etvbharat/prod-images/343996073_742306990721423_2350923666409196689_n_0205newsroom_1683002446_785.jpg)
নাটাছা পুনাৱালাৰ লুক আলোচনাৰ বিষয় হৈ পৰাটো এয়াই প্ৰথম নহয়, ইয়াৰ পূৰ্বেও কেইবাৰো নাটাছাই মেট গালাত অংশগ্ৰহণ কৰিছিল আৰু তেতিয়াও নাটাছাৰ লুক লাইমলাইটলৈ আহিছিল ৷ যিয়ে নহওক এইবাৰো মেট গালা ২০২৩ ত নিজৰ ষ্টাইলিছ লুকৰ বাবেই নাটাছা পুনাৱালাৰ ছবি সামাজিক মাধ্যমত দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে ।
নাটাছা পুনাৱালাই চতুৰ্থবাৰৰ বাবে অংশগ্ৰহণ কৰিছে মেট গালাত । যোৱা বছৰ সব্যসাচিৰ শাৰী পৰিধান কৰি মেট গালাত উপস্থিত হৈছিল নাটাছা ৷ সোণৰ ব্ৰেষ্টপ্লেটৰ দৰে কৰ্চেট পৰিধান কৰিছিল নাটাছাই । সকলোতে নাটাছাৰ লুকটো চৰ্চা হৈছিল, অনুৰাগীৰ পৰা আৰম্ভ কৰি চেলিব্ৰিটিলৈকে সকলোৱে তেওঁৰ লুকক প্ৰশংসা কৰিছিল ।
নাটাছা পুনাৱালা কোন ?
নাটাছা পুনাৱালা এগৰাকী ভাৰতীয় ব্যৱসায়ী তথা ভিল্লু পুনাৱালা ফাউণ্ডেশ্যনৰ অধ্যক্ষ ৷ উৎপাদিত মাত্ৰাৰ হিচাপত বিশ্বৰ অন্যতম বৃহৎ ভেকচিন নিৰ্মাণ কোম্পানী ভাৰতীয় ছিৰাম ইনষ্টিটিউটৰ কাৰ্যবাহী সঞ্চালক, নেদাৰলেণ্ডৰ পুনাৱালা বিজ্ঞান উদ্যানৰ পৰিচালক আৰু ভিল্লু পুনাৱালা ৰেচিং এণ্ড ব্ৰীডিং প্ৰাইভেট লিমিটেডৰ পৰিচালক । তেখেত এগৰাকী ফেশ্বন অনুৰাগীও ।
নিউয়ৰ্কৰ মেট্ৰ’পলিটান মিউজিয়াম অৱ আৰ্টত অনুষ্ঠিত হোৱা ফেশ্বন ইভেণ্ট মেট গালাৰ কথা ক’বলৈ গ’লে মেট গালা হৈছে বিশ্বৰ আটাইতকৈ চৰ্চিত ইভেণ্ট । ইয়াত বহু চেলিব্ৰিটিয়ে অংশগ্ৰহণ কৰে, য’ত বলীউডৰ চেলিব্ৰিটি সকলো জড়িত হৈ থাকে । ফেশ্বন ইভেন্ট মেট গালা ২০২৩ ৰ থিম - কাৰ্ল লেগাৰফেল্ড: এ লাইন অৱ বিউটি - প্ৰয়াত ফেশ্বন কিংবদন্তিগৰাকীৰ সন্মানত ৰখা হৈছে ।
লগতে পঢ়ক : Met Gala 2023 : বগা সাজেৰে মেট গালাত আত্মপ্ৰকাশ কৰিছে আলিয়া ভাটে, মেট গালাত আলিয়াৰ প্ৰথম লুকৰ ছবি চাওক