ETV Bharat / entertainment

Singham Again: নৱৰাত্ৰিৰ প্ৰথম দিনাই দীপিকাই দেখুৱালে ৰণচণ্ডী ৰূপ, মুকলি হ’ল সিংঘম এগেইনৰ ফাৰ্ষ্ট লুক

নৱৰাত্ৰিত অনুৰাগীক ডাঙৰ উপহাৰ দিলে ‘জৱান’ অভিনেত্ৰী দীপিকা পাডুকনে । ‘সিংঘম এগেইন’ৰ প্ৰথম লুক শ্বেয়াৰ কৰিছে অভিনেত্ৰীগৰাকীয়ে ।

author img

By ETV Bharat Assamese Team

Published : Oct 15, 2023, 2:15 PM IST

Meet Shakti Shetty aka Deepika Padukone from Rohit Shetty and Ajay Devgn's Singham Again
সিংঘম এগেইন’ৰ পৰা মুকলি দীপিকাৰ প্ৰথম লুক

চিটাৰা ডেস্ক, 15 অক্টোবৰ: নৱৰাত্ৰি উপলক্ষে নিজৰ অনুৰাগীক ডাঙৰ উপহাৰ দিছে দীপিকা পাডুকনে । অভিনেত্ৰীগৰাকীৰ এই উপহাৰত যথেষ্ট আচৰিত হৈছে অনুৰাগীসকল । অজয় দেৱগন আৰু ৰণবীৰ সিঙৰ আগন্তুক ছবি ‘সিংঘম এগেইন’ত দেখা যাব দীপিকাক । দেওবাৰে অভিনেত্ৰীগৰাকীয়ে ছবিখনৰ পৰা নিজৰ প্ৰথম লুক শ্বেয়াৰ কৰিছে ।

নৱৰাত্ৰি উপলক্ষে জৱান অভিনেত্ৰীগৰাকীয়ে সিংঘম এগেইনৰ শক্তিশালী ফাৰ্ষ্ট লুকৰ দুখন পোষ্টাৰ শ্বেয়াৰ কৰিছে । পোষ্টটো শ্বেয়াৰ কৰি অভিনেত্ৰীগৰাকীয়ে কেপচনত লিখিছে, ‘পৰিচয়, শক্তি শেট্টী’। প্ৰথম পোষ্টাৰখনত দীপিকাক দেখা গৈছে খাকী পোছাকত ৷ য’ত অভিনেত্ৰীগৰাকীয়ে এজন আহত দুৰ্বৃত্তৰ মুখলৈ বন্দুক দেখুৱাই থকা দেখা গৈছে । পটভূমিত আৰক্ষীৰ বাহন আৰু জুইৰ শিখা দেখা গৈছে । আন এখন পোষ্টাৰত বন্দুক লৈ পোজ দিয়া দেখা গৈছে অভিনেত্ৰীগৰাকীক ।

সিংঘম এগেইনৰ পৰা দীপিকাৰ ফাৰ্ষ্ট লুক ওলোৱাৰ লগে লগে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে । একে সময়তে অভিনেত্ৰীগৰাকীৰ পোষ্টত আহিছে ৰণবীৰ সিং, আলিয়া ভাটৰ দৰে বহু চেলিব্ৰিটিৰ মন্তব্য । দীপিকাৰ স্বামী অভিনেতা ৰণবীৰ সিঙে কমেণ্ট ছেকচনত ফায়াৰ ইমোজিৰে লিখিছে ‘আগ লগা দেগী’। একে সময়তে আলিয়া ভাট, জাহ্নৱী কাপুৰ আৰু নীল নীতিন মুকেশে কমেণ্ট ছেকচনত ফায়াৰ ইমোজি শ্বেয়াৰ কৰিছে । অনুৰাগীয়ে দীপিকা পাডুকনৰ এই অৱতাৰক লেডী সিংঘম নামেৰে নামাকৰণ কৰিছে ।

ইফালে যোৱা মাহত অজয় ​​দেৱগনে সিংঘম এগেইনৰ চেটৰ পৰা নিজৰ, ৰোহিত শ্বেট্টী আৰু ৰণবীৰ সিঙৰ এখন ছবি শ্বেয়াৰ কৰিছিল, য’ত তেওঁ নিজৰ অনুৰাগীসকলক সিংঘমৰ পৰৱৰ্তী ফ্ৰেঞ্চাইজিৰ বিষয়ে অৱগত কৰিছিল । একে সময়তে কিছুদিন পূৰ্বে কৰীণা কাপুৰেও ছবিখনৰ চেটৰ পৰা নিজৰ ছবি ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছিল । পাৱাৰ ষ্টাৰেৰে ভৰা এই ছবিখন অহা বছৰ দীপাৱলীত ছবিগৃহত মুক্তি পাব ।

লগতে পঢ়ক: Khatron Ke Khiladi 13:খতৰো কে খিলাড়ী ১৩’ৰ বিজয়ী খিতাপ দখল ৰেপাৰ ডিনো জেমছৰ, পুৰস্কাৰত কি পালে জানি লওক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.