ETV Bharat / entertainment

Masaba Gupta shared special post: পিতৃ-মাতৃ আৰু ষ্টেপফাডাৰৰ বাবে মাচাবা গুপ্তাই শ্বেয়াৰ কৰিছে বিশেষ পোষ্ট

author img

By

Published : Jan 31, 2023, 5:35 PM IST

শেহতীয়াকৈ বিবাহপাশত আৱদ্ধ হোৱা নীনা গুপ্তাৰ জীয়াৰী মাচাবা গুপ্তাই ছ'চিয়েল মিডিয়াত তেওঁৰ পিতৃ-মাতৃৰ বাবে এটা বিশেষ পোষ্ট শ্বেয়াৰ কৰিছে । শ্বেয়াৰ কৰা পোষ্টটোত, মাচাবাই নিজৰ পৰিয়ালৰ প্ৰতি অফুৰন্ত প্ৰেম যাচিছে আৰু মাতৃ নীনা গুপ্তা আৰু পিতৃ ভিভ ৰিচাৰ্ডছৰ সৈতে ষ্টেপফাডাৰ বিবেক মেহৰাৰো এখন ফটো শ্বেয়াৰ কৰিছে ।

masaba gupta
সপৰিয়ালে মাচাবা গুপ্তা

চিটাৰা ডেস্ক, 31 জানুৱাৰী : বলীউডৰ প্ৰবীণ অভিনেত্ৰী নীনা গুপ্তাৰ কন্যা অভিনেত্ৰী তথা বিখ্যাত ড্ৰেছ ডিজাইনাৰ মাচাবা গুপ্তা অলপতে বিবাহ পাশত আৱদ্ধ হয় ৷ অভিনেতা সত্যদীপ মিশ্ৰৰ সৈতে জীৱনৰ নতুন অধ্যায়ৰ পাতনি মেলে মাচাবাই । ছ’চিয়েল মিডিয়াত সক্ৰিয় মাচাবাই প্ৰায়ে এটাতকৈ অধিক পোষ্ট শ্বেয়াৰ কৰি অনুৰাগীসকলক নিজৰ ব্যক্তিগত আৰু পেছাদাৰী জীৱনৰ বিষয়ে অৱগত কৰি ৰাখে । শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত তেওঁ পৰিয়ালৰ সদস্যসকলৰ বাবে এটা বিশেষ পোষ্ট শ্বেয়াৰ কৰি নিজৰ হৃদয়ৰ অনুভৱ ব্যক্ত কৰিছে ৷

viv richard
ভিভ ৰিচাৰ্ডছ

বিয়াৰ দিনা আৱেগিক হৈ পৰিছিল মাচাবা গুপ্তা ৷ জীৱনৰ বিশেষ দিনটোত প্ৰথমবাৰৰ বাবে গোটেই পৰিয়ালটো একেলগে হৈছিল যিয়ে সুখী কৰি তুলিছিল মাচাবাক ৷ সকলোৱে মিলিজুলি তুলিলে এখন সম্পূৰ্ণ পাৰিবাৰিক ফটো ৷ এতিয়া মাচাবা গুপ্তাই তেওঁৰ Insta story ত পৰিয়ালৰ সৈতে তেওঁৰ বিয়াৰ নেদেখা ফটো শ্বেয়াৰ কৰিছে (masaba gupta instagram) ।

vivek
বিবেক মেহৰা

বিশেষ কথাটো হ’ল শ্বেয়াৰ কৰাৰ সমান্তৰালকৈ প্ৰতিখন ফটোতে প্ৰেমভাৱেৰে সকলোৰে বাবে নিজৰ মনৰ ভাৱ প্ৰকাশ কৰি লিখিছে । মাচাবাই তিনিখন ছবি শ্বেয়াৰ কৰিছে ধাৰাবাহিকভাৱে । তিনিখন ছবিৰ ভিতৰত এখনত আছে ক্ৰিকেট কিংবদন্তি তথা পিতৃ ভিভ ৰিচাৰ্ডছ, এখনত আছে ষ্টেপফাডাৰ বিবেক মেহৰা আৰু এখনত আছে মাতৃ নীনা গুপ্তা ।

neena gupta
নীনা গুপ্তা

মাচাবাই পিতৃ ভিভ ৰিচাৰ্ডছৰ এখন ফটো শ্বেয়াৰ কৰি লিখিছিল, চকুৱে কেতিয়াও মিছা নকয় । জুইৰ শিখা সদৃশ মোৰ দেউতা যি এজন কোমল হৃদয়ৰ দৈত্যৰ দৰে । মই ইমান সুখী যে মই কেৱল আপোনাৰ নাকেই নহয় আপোনাৰ কান্ধো পাইছো যাৰ জৰিয়তে মই আপোনাৰ দৰে পৃথিৱীৰ সন্মুখীন হ’ব পাৰো আৰু এগৰাকী যুঁজাৰু হিচাপে আত্মপ্ৰকাশ কৰিব পাৰো ।

সমান্তৰালকৈ মাচাবাই মাক নীনাৰ এখন ফটো পোষ্ট কৰিছিল আৰু লিখিছিল, "আটাইতকৈ মধুৰ সম্পত্তি, মোক সিংহৰ দৰে তুলি-তালি ডাঙৰ-দীঘল কৰাৰ বাবে ধন্যবাদ" ৷ মাচাবাই ষ্টেপফাডাৰ বিবেক মেহেৰাৰো এখন ফটো শ্বেয়াৰ কৰি লিখিছিল, "মোৰ মাজৰ উদ্যোগী মনটোক দেখা পোৱা এই ব্যক্তিজন । আটাইতকৈ দয়ালু আৰু আটাইতকৈ মৰমীয়াল মানুহ" ।

মাচাবাৰ পৰিয়ালটোক এনেদৰে দেখি অনুৰাগীৰ লগতে বলীউডৰ তাৰকাসকলেও সমাজৰ বাবে ই এক যোগাত্মক চিহ্ন হিচাপে অভিহিত কৰিছে ৷

লগতে পঢ়ক : Masaba Gupta: পিতৃ-ষ্টেপফাডাৰৰ সৈতে কইনা সাজত হাঁহি হাঁহি ফটোৰ প’জ দিলে মাচাবাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.