চিটাৰা ডেস্ক, 11 মে’: ২০২৩ চনৰ কাঁ চলচ্চিত্ৰ মহোৎসৱত আত্মপ্ৰকাশ কৰিবলৈ সাজু হৈছে প্ৰাক্তন মিছ ৱৰ্ল্ড তথা অভিনেত্ৰী মনুষী চিল্লাৰ (Manushi Chhillar) । ১৬ মে’ৰ পৰা ২৭ মে’লৈ ফ্ৰান্সত অনুষ্ঠিত হ’ব ৭৬ সংখ্যক সংস্কৰণ । এই চলচ্চিত্ৰ মহোৎসৱত বলীউডৰ অভিনেত্ৰী অনুষ্কা শৰ্মাৰ সৈতে যোগ দিব মনুষী চিল্লাৰে (Manushi Chhillar at 2023 Cannes Film Festival)।
মাইৱেনৰ পৰিচালনাত জিন ডু বেৰীৰ সৈতে এই উৎসৱৰ আৰম্ভণি হ’ব (2023 Cannes Film Festival) । আনহাতে, পিটাৰ ছ’নৰ পৰিচালনাত পিক্সাৰৰ ছবি এলিমেণ্টেলৰ জৰিয়তে এই মহোৎসৱৰ সামৰণি পৰিব । ঐশ্বৰ্য ৰায় বচ্চন, বিদ্যা বালান, শৰ্মিলা ঠাকুৰ, দীপিকা পাডুকনকে ধৰি কেইবাগৰাকীও বলীউডৰ ব্যক্তিত্বই ফ্ৰান্সৰ এই উৎসৱৰ জুৰীৰ অংশ হিচাপে অংশগ্ৰহণ কৰিছে । প্ৰিয়ংকা চোপ্ৰা, সোণম কাপুৰ, মল্লিকা শ্বেৰাৱট, পূজা হেগড়ে, হিনা খান, তমন্না ভাটিয়া আৰু অদিতি ৰাও হাইদাৰীয়েও ৰেড কাৰ্পেটত খোজ দিছে ।
১৭ বছৰৰ ব্যৱধানৰ অন্তত ভাৰতলৈ মিছ ৱৰ্ল্ডৰ মুকুট ঘূৰাই আনিছিল মনুষী চিল্লাৰে (Manushi Chhillar to attend Cannes Film Festival) । তেতিয়া অভিনেত্ৰীগৰাকীৰ বয়স আছিল মাত্ৰ ২১ বছৰ ৷ মহিলাৰ কল্যাণৰ আৰু নিজৰ সাহসী লক্ষ্যৰ বাবে মিছ ৱৰ্ল্ড হিচাপে থকা সমগ্ৰ সময়ছোৱাত কৰা কাম আৰু প্ৰচেষ্টাৰ বাবে মনুষীয়ে প্ৰশংসা লাভ কৰিছিল (Manushi Chhillar at Cannes Film Festival) ।
দৰিদ্ৰতাৰ বিৰুদ্ধে যুঁজ দিয়াৰ লক্ষ্যৰে অভিনেত্ৰীগৰাকীৰ প্ৰজেক্ট শক্তিৰ প্ৰতি কৰা অসাধাৰণ প্ৰচেষ্টাৰ বাবেই অভিনেত্ৰীগৰাকীয়ে বিউটি উইথ এ পাৰ্পজ বঁটা লাভ কৰিছিল (Former Miss World Manushi Chhillar) । অভিনেত্ৰীগৰাকীয়ে ইউনিচেফৰ সৈতেও সহযোগিতা কৰি নতুন ক’ৰোনা ভাইৰাছৰ বিষয়ে মানুহক সজাগ কৰিছিল ৷ ইফালে, ৱৰ্ক ফ্ৰণ্টত মনুষীক তেহৰাণ ছবিখনত জন আব্ৰাহামৰ সৈতে দেখা যাব ৷ আনহাতে, বৰুণ তেজৰ সৈতে অপাৰেচন ভেলেণ্টাইন ছবিখনত দেখা পোৱা যাব (With agency inputs) ৷