ETV Bharat / entertainment

মনছুৰ আলী খানক তীব্ৰ গৰিহণা মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ - তৃষা আৰু মনছুৰ আলী খান

Mansoor Ali Khan slammed by MHC: দক্ষিণৰ অভিনেত্ৰী তৃষা আৰু মনছুৰ আলী খানৰ সৈতে জড়িত বিতৰ্কই বহু দিন ধৰি বাতৰিৰ শিৰোনাম দখল কৰি আহিছে । পূৰ্বে মনছুৰে তেওঁৰ বিতৰ্কিত বক্তব্যৰ বাবে তৃষাৰ ওচৰত ক্ষমা বিচাৰিছিল । কিন্তু পিচত তেওঁ অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰে । এতিয়া সোমবাৰে এই বিষয়টোত আদালতে শুনানি গ্ৰহণ কৰিছে ।

Mansoor Ali Khan slammed by Madras High Court for filing defamation suit against Trisha, Chiranjeevi, and Khushbu Sundar
মনছুৰ আলী খানৰ গোচৰত মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ শুনানি
author img

By ETV Bharat Assamese Team

Published : Dec 12, 2023, 2:55 PM IST

চিটাৰা ডেস্ক, ১২ ডিচেম্বৰ: অভিনেত্ৰী তৃষা কৃষ্ণণ আৰু মনছুৰ আলী খানৰ মাজত হোৱা বিবাদে যথেষ্ট দিনৰ পৰা বাতৰিৰ শিৰোনাম দখল কৰি আহিছে । দক্ষিণৰ অভিনেতা মনছুৰে অভিনেত্ৰীগৰাকীক লৈ অশ্লীল মন্তব্য কৰাৰ পিছৰে পৰা এই বিষয়টোক লৈ ছ’চিয়েল মিডিয়াত ব্যাপক চৰ্চা আৰম্ভ হৈছিল ৷ ইয়াৰ পিচতে মনছুৰে তৃষাৰ ওচৰত নিজৰ মন্তব্যৰ বাবে ক্ষমা বিচাৰিছিল । কিন্তু ক্ষমা বিচাৰি আকৌ লুটি বাগৰ মাৰি মনছুৰে তৃষা, চিৰঞ্জীৱী আৰু খুশবু সুন্দৰৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰে। এতিয়া এই সন্দৰ্ভত আদালতৰ সিদ্ধান্ত পোহৰলৈ আহিছে ।

প্ৰাপ্ত তথ্য অনুসৰি মাদ্ৰাজ উচ্চ ন্যায়ালয়ে বিষয়টো সন্দৰ্ভত মনছুৰ আলী খানক তীব্ৰ গৰিহণা দিছে । দৰাচলতে তৃষা, চিৰঞ্জীৱী আৰু খুশবু সুন্দৰৰ পৰা ১ কোটি টকাকৈ ক্ষতিপূৰণৰ দাবী কৰাৰ বাবে মনছুৰক আদালতে এই গৰিহণা দিছে । অভিনেতাজনে অভিযোগ কৰিছিল যে তিনিওগৰাকীয়ে তেওঁৰ বক্তব্য নিশ্চিত নকৰাকৈয়ে ৰাজহুৱাভাৱে তেওঁৰ বিৰুদ্ধে অপমানজনক বক্তব্য দিছিল । সোমবাৰে এই বিষয়টোত আদালতে শুনানি গ্ৰহণ কৰে ।

ন্যায়াধীশ এন সতীশ কুমাৰে প্ৰশ্ন উত্থাপন কৰে যে তৃষাৰ সলনি মনছুৰে কিয় মানহানিৰ গোচৰ দাখিল কৰিলে ? তেওঁ প্ৰশ্ন কৰে যে কেৱল গ্ৰেপ্তাৰৰ পৰা হাত সাৰিবলৈ বিনাচৰ্তে ক্ষমা খুজিছে নেকি ? তেওঁৰ পৰিৱৰ্তে তৃষাই ক্ষতিপূৰণৰ বাবে গোচৰ তৰিব লাগিছিল । কিন্তু মনছুৰে কিহৰ ভিত্তিত আদালতলৈ আহিছে ? আদালতে তেওঁক সোধা-পোছা কৰে আৰু তেওঁৰ অধিবক্তাক ৰাজহুৱা স্থানত কেনেকৈ দায়িত্বশীলভাৱে কাম কৰিব লাগে সেই বিষয়ে মনছুৰক পৰামৰ্শ দিবলৈ অনুৰোধ জনায় । ন্যায়াধীশগৰাকীয়ে তৃষা, চিৰঞ্জীৱী আৰু খুশবুকো এই গোচৰৰ উত্তৰ দিবলৈ নিৰ্দেশ দিছে ।

মনছুৰে কয় যে তেওঁ কোনো ব্যক্তিৰ বিষয়ে কোনো ভুল বক্তব্য দিয়া নাছিল । তেওঁৰ আবেদনত লিখা আছে যে তেওঁ নিজৰ নেতিবাচক চৰিত্ৰৰ কথাহে কৈছিল যিবোৰ তেওঁ বহু ছবিত কৰিছিল । অভিনেতাজনে কয় যে তেওঁ তৃষা বা কোনো মহিলাৰ বিৰুদ্ধে কোনো মন্তব্য কৰা নাছিল ।

লগতে পঢ়ক: তৃষা, খুশবু সুন্দৰ আৰু চিৰঞ্জীৱীৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু তৰিব মনছুৰ আলী খানে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.