ETV Bharat / entertainment

Chandrayaan 3: মমতা বেনাৰ্জীয়ে পাহৰিলে দেশৰ প্ৰথম মহাকাশচাৰীৰ নাম, ৰাকেশ শৰ্মাক ক’লে ৰাকেশ ৰোশন

author img

By ETV Bharat Assamese Team

Published : Aug 24, 2023, 4:49 PM IST

চন্দ্ৰযান ৩ৰ সফলতাক লৈ ভাষণ দি বিপদত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী ৷ এটা মন্তব্যৰ বাবে এতিয়া ছ’চিয়েল মিডিয়াত ব্যাপক সমালোচনাৰ সন্মুখীন হৈছে মুখ্যমন্ত্ৰীগৰাকী ৷

Mamata Banerjee's Rakesh Roshan gaffe in viral video after Chandrayaan 3 landing, netizens say Waah Didi Waah
চন্দ্ৰযান ৩ৰ সফলতাক লৈ ভাষণ দি বিপদত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী

চিটাৰা ডেস্ক, 24 আগষ্ট: বুধবাৰে সন্ধিয়া ৬:০৪ বজাত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ অভিযান চন্দ্ৰযান-৩ চন্দ্ৰপৃষ্ঠত সফলতাৰে অৱতৰণ কৰে । ইয়াৰ লগে লগে ভাৰতে চন্দ্ৰৰ দক্ষিণ মেৰুত নিজৰ মহাকাশযান অৱতৰণ কৰা বিশ্বৰ প্ৰথমখন দেশ হিচাপে পৰিগণিত হয় । বুধবাৰে ভাৰতে উদযাপন কৰে চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰা চন্দ্ৰযান-৩ ৰ ঐতিহাসিক সাফল্যক । একে সময়তে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ এটা মন্তব্য চৰ্চালৈ আহিছে ৷

সাধাৰণৰ পৰা বিশেষলৈকে, সকলোৱে নিজৰ ধৰণেৰে ইছৰোৰ বিজ্ঞানীসকলক ‘মিছন মুন’ৰ বাবে অভিনন্দন জনোৱা পৰিলক্ষিত হয় ৷ কিন্তু ইয়াৰ মাজতে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে, য’ত তেওঁ এনেকুৱা এটা মন্তব্য কৰিছিল যাৰ বাবে ছ’চিয়েল মিডিয়াত এতিয়া তীব্ৰ সমালোচনা কৰা হৈছে মুখ্যমন্ত্ৰীগৰাকীক ৷ দৰাচলতে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে চন্দ্ৰযান-৩ৰ সফলতাক লৈ ভাষণ প্ৰদান কৰিছিল আৰু ভাষণত ভাৰতৰ প্ৰথম মহাকাশচাৰী ৰাকেশ শৰ্মা আৰু তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ মাজত হোৱা কথা-বতৰাৰ কথা উল্লেখ কৰিছিল।

কি কৈছিল মমতা দিদিয়ে ?

মমতা দিদিয়ে কয় যে যেতিয়া ৰাকেশ মহাকাশত উপনীত হৈছিল তেতিয়া সেই সময়ৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে তেওঁক সুধিছিল যে ওপৰৰ পৰা ভাৰতবৰ্ষ কেনেকুৱা দেখা যায় ? কিন্তু এইখিনিতে উল্লেখ কৰিব লাগিব যে ৰাকেশ শৰ্মাক জনপ্ৰিয়চলচ্চিত্ৰ নিৰ্মাতা ৰাকেশ ৰোশন বুলি অভিহিত কৰে তেওঁ ৷ ইয়াৰ পিছতে মমতা বেনাৰ্জীক ছ’চিয়েল মিডিয়াত তীব্ৰ সমালোচনা কৰা হয় ৷

  • ऋतिक रोशन जी @iHrithik ये बात आपको भी नहीं पता हो शायद. सोचा जब खबर आयी है तो लगे हाथ आपको सूचित कर दे

    — लिट्टी चोखा 🇮🇳 (@bewaakbaatein) August 23, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখ্য যে, কেৱল মমতা বেনাৰ্জীয়েই নহয়, আন কেইবাজনো নেতা আছে, যিসকলে চন্দ্ৰযান-৩ৰ ওপৰত নিজৰ বক্তব্য সন্দৰ্ভত সামাজিক মাধ্যমত চৰ্চা লাভ কৰিছে ৷ সংবাদ সংস্থা পিটিআইৰ মতে, ৰাজস্থান চৰকাৰৰ ক্ৰীড়া মন্ত্ৰী অশোক চন্দাই চন্দ্ৰযান-৩ মিছনৰ সাফল্যৰ বাবে "যাত্ৰী"ক অভিনন্দন জনায় । ৰাজস্থানৰ ক্ৰীড়া মন্ত্ৰী অশোক চান্দই কয় যে যদি আমি সফল হওঁ আৰু নিৰাপদ অৱতৰণ কৰোঁ তেন্তে যাত্ৰীসকলক প্ৰণাম জনাইছো । আমাৰ দেশে বিজ্ঞান আৰু মহাকাশ গৱেষণাৰ ক্ষেত্ৰত এখোজ আগুৱাই গৈছে, ইয়াৰ বাবে দেশবাসীক অভিনন্দন জনাইছো ।

লগতে পঢ়ক: Chandrayaan3 soft landing: চন্দ্ৰযান সন্দৰ্ভত আকৌ মন্তব্য কৰিছে অভিনেতা প্ৰকাশ ৰাজে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.