ETV Bharat / entertainment

Malaika Arora and Arjun Kapoor marriage: সোনকালেই বিয়াত বহিব মালাইকা-অৰ্জুন

author img

By

Published : Nov 10, 2022, 2:17 PM IST

বিয়াৰ বাবে প্ৰেমিক অৰ্জুন কাপুৰক সন্মতি প্ৰদান কৰিছে মালাইকা আৰোৰাই ! মালাইকাই শেহতীয়াকৈ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰা পোষ্টটো দেখি উদ্বিগ্ন হৈ পৰিছে অনুৰাগী (Malaika Arora instagram) । সবিশেষ আগলৈ-

Malaika Arora
সোনকালেই বিয়াত বহিব মালাইকা-অৰ্জুন

চিটাৰা ডেস্ক, 10 নৱেম্বৰ : বলীউড ডিভা মালাইকা আৰোৰাই তেওঁৰ নতুন ছ’চিয়েল মিডিয়া পোষ্টটোৰে অনুৰাগীৰ মাজত উৎসুকতাৰ সৃষ্টি কৰিছে । মালাইকাই নিজৰ নতুন পোষ্টটোত এনেকুৱাকৈ লিখিছে যিয়ে এতিয়া প্ৰেমিক অৰ্জুন কাপুৰৰ সৈতে তেওঁৰ বিয়াৰ চৰ্চা অধিক তীব্ৰতৰ কৰি তুলিছে । এই বছৰতেই বিয়াত বহিব বুলি আশা কৰা হৈছে দুই তাৰকা (Malaika Arora and Arjun Kapoor marriage) ৷

এতিয়া অনুৰাগী সকলে অপেক্ষা কৰিছে কেতিয়া মালাইকাই এই পোষ্টটো সন্দৰ্ভত সকলো তথ্য খোলাখুলিকৈ প্ৰকাশ কৰিব । কিছু সময় পূৰ্বে মালাইকা আৰোৰাই নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত এটা পোষ্ট শ্বেয়াৰ কৰিছে, য’ত তেওঁ কেপছনত লিখিছে, ‘আই ছেইড ইয়েছ’ । মালাইকাই এই কেপছনৰ সৈতে গুলপীয়া হাৰ্ট ইমোজি শ্বেয়াৰ কৰিছে । এতিয়া মালাইকাৰ অনুৰাগীয়ে অভিনন্দন জনাইছে আৰু বিয়াৰ তাৰিখ প্ৰকাশ কৰিবলৈ অনুৰোধ জনাইছে । এই পোষ্টটো শ্বেয়াৰ হোৱাৰ এঘণ্টাও হোৱা নাই আৰু 1 লাখৰো অধিক অনুৰাগীয়ে লাইক কৰিছে ।

মালাইকাৰ এই পোষ্টটোৰ জৰিয়তে অনুৰাগীয়ে জল্পনা-কল্পনা কৰিবলৈ আৰম্ভ কৰিছে যে এই বছৰতে অৰ্জুন কাপুৰ আৰু মালাইকা আৰোৰা বিয়াত বহিব । আপোনালোকক জনাওঁ, চলিত বৰ্ষৰ আৰম্ভণিতে এটা আলোচনা হৈছিল যে অৰ্জুন-মালাইকাই অতি সাধাৰণ ভাৱে বিয়া পাতিব আৰু বলীউড তাৰকাসকলৰ বাবে পাৰ্টী আয়োজন কৰিব ।

অৰ্জুন আৰু মালাইকাই সম্পৰ্কৰ কথা প্ৰকাশ কৰাৰ পিছৰে পৰা দুয়ো একেলগেই ঘূৰি ফুৰি থাকে আৰু ছ’চিয়েল মিডিয়াতো নিজৰ ছবি শ্বেয়াৰ কৰি থাকে । বিভিন্ন ঠাই ভ্ৰমণ কৰি দুই তাৰকাই অনুৰাগীৰে সৈতে ফটো শ্বেয়াৰ কৰি থাকে । এতিয়া অনুৰাগীসকলে মাত্ৰ অপেক্ষা কৰি আছে যে কেতিয়া এই যুটিয়ে আনুষ্ঠানিকভাৱে বিবাহৰ কথা ঘোষণা কৰিব ।

লগতে পঢ়ক : Baap movie:মুকলি হ’ল জেকী, মিথুন, সঞ্জয়, ছানী দেউল অভিনীত বাপৰ ফাৰ্ষ্ট লুক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.