চিটাৰা ডেস্ক, 25 জুলাই: ২০০০ চনৰ ২৫ জুলাইত বিহাৰৰ মধুবনী জিলাৰ এখন সৰু গাঁও বেনীপট্টিত জন্মগ্ৰহণ কৰা মৈথিলী ঠাকুৰক আজি আৰু বেলেগ পৰিচয়ৰ প্ৰয়োজন নাই । সংগীত ক্ষেত্ৰত জনপ্ৰিয় হৈ পৰা বিহাৰৰ কন্যা হিচাপে পৰিচিত মৈথিলীয়ে মাত্ৰ চাৰি বছৰ বয়সৰ পৰাই আৰম্ভ কৰিছিল সংগীতৰ যাত্ৰা । জন্মদিনৰ বিশেষ ক্ষণত জানো আহক মৈথিলীৰ বিষয়ে কিছু নজনা কথা ৷
শৈশৱৰ পৰাই সংগীতৰ লগত জড়িত হৈ পৰিছিল মৈথিলী
সৰুৰে পৰাই সংগীতৰ সহযোগিতা লাভ কৰিবলৈ আৰম্ভ কৰিছিল মৈথিলীয়ে । আচলতে তেওঁৰ পিতৃ পেছাত এগৰাকী সংগীত শিক্ষক, আনহাতে মাতৃ ভাৰতী ৰমেশ ঠাকুৰ এগৰাকী গৃহিণী । মৈথিলীৰ দুই ভাতৃ ঋষভ ঠাকুৰ আৰু অয়চি ঠাকুৰেও সংগীতৰ বিষয়ে বহু কথা জানে ৷
দিল্লীৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে মৈথিলীয়ে
মৈথিলী ঠাকুৰৰ শিক্ষাৰ কথা ক’বলৈ প্ৰাৰম্ভিক শিক্ষা গাঁৱতে সম্পন্ন হৈছিল মৈথিলীৰ । ইয়াৰ পিচত মৈথিলীৰ সমগ্ৰ পৰিয়ালটো দিল্লীলৈ গুচি যায়, দিল্লীৰ বাল ভৱন ইণ্টাৰনেশ্যনেল স্কুলৰ পৰা মৈথিলীয়ে স্কুলীয়া শিক্ষা সমাপ্ত কৰে । ইয়াৰ পিচত মৈথিলীয়ে দিল্লীৰ আত্মৰাম সনাতন ধৰ্ম মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে ।
ছয়বাৰ পৰাজয় হোৱাৰ পিচত সফলতাৰ মুখ দেখে
যদিও আজিৰ তাৰিখত মৈথিলী অতি জনপ্ৰিয় যদিও, কিন্তু সংগীত যাত্ৰাত ছয়বাৰ পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল মৈথিলী । আচলতে ২০১১ চনত মৈথিলী ঠাকুৰে প্ৰথমবাৰৰ বাবে লিটিল চেম্পছত স্থান লাভ কৰিছিল যদিও শ্ব’টোৰ অংশ হ’ব নোৱাৰিলে । ইয়াৰ পিচত আৰু ছটা ৰিয়েলিটি শ্ব’ত অডিচন দিছিল যদিও বাৰে বাৰে বিফল হৈছিল । কিন্তু ২০২১ চনত যেন হঠাৎ সলনি হয় মৈথিলাৰ ভাগ্য ৷ কিয়নো ২০২১ চনত জিনিয়াছ চিংগিং ষ্টাৰৰ খিতাপ অৰ্জন কৰি জনপ্ৰিয় হৈ পৰে মৈথিলী ৷
কোটি টকাৰ গৰাকী মৈথিলী
এসময়ত সংগীত জগতত নাম অৰ্জন কৰিবলৈ সংগ্ৰাম কৰা মৈথিলী আজি কোটি টকাৰ গৰাকী ৷ ২০১৮ চনত ইউটিউব চেনেল আৰম্ভ কৰিছিল মৈথিলীয়ে, য’ত ৩৭.৭ লাখতকৈ অধিক ফ’লৱাৰ আছে ৷ কেৱল ইউটিউবৰ জৰিয়তেহে বছৰি ৫০ লাখ টকা উপাৰ্জন কৰে মৈথিলী ঠাকুৰে । ইয়াৰ উপৰিও বহুতো ব্ৰেণ্ড এণ্ডাৰছমেণ্টো কৰে । সংবাদ মাধ্যমৰ খবৰ অনুসৰি মৈথিলী ঠাকুৰৰ মুঠ সম্পত্তি এক কোটি টকাতকৈও অধিক ।
লগতে পঢ়ক: HBD Manoj Kumar: মগনিয়াৰ হৈ বলীউডলৈ আহিছিল মনোজ কুমাৰ, নাম লাভ কৰিছিল ভাৰত কুমাৰ