ETV Bharat / entertainment

Kishor Kumar Bday Spcl: হাজাৰ কণ্ঠে কিশোৰ ! পাঁচ সহস্ৰাধিক অনুৰাগীয়ে একেলগে গালে কিশোৰ কুমাৰৰ যুগজয়ী গীত - কিশোৰ কুমাৰৰ ৯৪ সংখ্যাক ওপজা দিন

শিলচৰত অভিলেখ গঢ়িলে কিশোৰ কুমাৰৰ গুণমুগ্ধসকলে ৷ 5 হাজাৰৰো অধিক লোকে একেলগে গালে কিশোৰ কুমাৰৰ যুগজয়ী গীত ৷ বাংলাদেশৰ পৰাও আহিল শিল্পীৰ দল ৷

Kishor Kumar Song sang by 6000 people at Silchar Assam
শিলচৰত অভিলেখ গঢ়িলে কিশোৰ কুমাৰৰ গুণমুগ্ধসকলে
author img

By

Published : Aug 4, 2023, 2:19 PM IST

Updated : Aug 4, 2023, 5:08 PM IST

শিলচৰত অভিলেখ গঢ়িলে কিশোৰ কুমাৰৰ গুণমুগ্ধসকলে

চিটাৰা ডেস্ক, 4 আগষ্ট: আজি ভাৰতৰ যুগ জয়ী কণ্ঠশিল্পী কিশোৰ কুমাৰৰ ৯৪ সংখ্যাক ওপজা দিন ৷ ১৯২৯ চনৰ আজিৰ দিনটোতে মধ্য প্ৰদেশৰ খাণ্ডৱাত জন্মগ্ৰহণ কৰিছিল চিৰসেউজ কণ্ঠশিল্পীগৰাকীয়ে । কিশোৰ কুমাৰ কেৱল এজন কণ্ঠশিল্পীয়েই নাছিল বৰঞ্চ তেওঁ আছিল এজন বিশিষ্ট অভিনেতা, কমেডিয়ান, প্ৰযোজক আৰু পৰিচালক । বহু প্ৰতিভাশালী এই কণ্ঠশিল্পীগৰাকীৰ জন্মদিন উপলক্ষে আজি (4 আগষ্ট) পুৱাৰে পৰা উদুলি-মুদুলি শিলচৰ চহৰ । কিশোৰ কুমাৰৰ ওপজা দিনটোত শিলচৰ চহৰত এক অভিলেখ সৃষ্টি কৰিছে শিল্পীগৰাকীৰ গুণমুগ্ধসকলে ।

ভাৰতবৰ্ষৰ ইতিহাসত হয়তো কিশোৰ কুমাৰৰ ওপজা দিন উপলক্ষে এয়াই পোনপ্ৰথম মুঠ পাঁচ হাজাৰৰো অধিক শিল্পীয়ে একেলগে কিশোৰ কুমাৰৰ গীতত কণ্ঠদান দান কৰি গঢ়ি তুলিছে এক অভিলেখ। “হাজাৰ কণ্ঠে কিশোৰ” নামেৰে এক বিশাল অনুষ্ঠানৰ জৰিয়তে এই অভিলেখ সৃষ্টি কৰে কিশোৰ কুমাৰ ফেনছ ক্লাবে । শিলচৰ জিলা ক্ৰীড়া সংস্থাৰ খেলপথাৰত কিশোৰ কুমাৰৰ দুটা গীতত একেলগে কণ্ঠদান কৰে প্ৰায় পাঁচ হাজাৰ শিল্পীয়ে ।

এই অভিলেখকাৰী অনুষ্ঠানত অংশগ্ৰহণ কৰে শিলচৰ চহৰৰ বিভিন্ন শিক্ষানুষ্ঠান, বিভিন্ন দল-সংগঠন আৰু সাংস্কৃতিক কৰ্মীসকলে । কেৱল যে শিলচৰ বা বৰাক উপত্যকাৰ লোকসকলে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে এনে নহয় । বাংলাদেশ, কলকাতা, ত্ৰিপুৰা, হাফলং আদিৰ পৰাও বহু শিল্পী আহি আজিৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰে । বাংলাদেশৰ পৰাও আহি অংশগ্ৰহণ কৰিছে এটা শিল্পীৰ দল ৷

দেশৰ চিৰসেউজ শিল্পী কিশোৰ কুমাৰৰ ওপজা দিন উপলক্ষে আজি শিলচৰ কিশোৰ কুমাৰ ফেনছ ক্লাবে দিন জোৰা অনুষ্ঠান আয়োজন কৰিছে চহৰখনত ৷ দিনটোত বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হৈ আছে শিলচৰত । পুৱা প্ৰথমে শিলচৰ চহৰত এক বিশাল শোভাযাত্ৰাৰে কিশোৰ কুমাৰক শ্ৰদ্ধা জনোৱা হয় । শোভাযাত্ৰাৰে চহৰখনৰ বিভিন্ন প্ৰান্ত পৰিভ্ৰমণ কৰি শিলচৰ চাৰ্কেট হাউছ ৰোডত কিশোৰ কুমাৰৰ মূৰ্তিত মাল্যাৰ্পণ কৰা হয় । তাৰ পাছতেই শিলচৰ জিলা ক্ৰীড়া সংস্থাৰ খেলপথাৰত প্ৰায় 6 হাজাৰো অধিক শিল্পীয়ে সমস্বৰে কিশোৰ কুমাৰৰ দুটা গীত । এয়াও নিশ্চয় ভাৰতৰ সাংস্কৃতিক ইতিহাসৰ ব্যতিক্ৰমী পদক্ষেপ হিচাপেই পৰিগণিত হৈ ৰ’ব ৷

লগতে পঢ়ক: KK 1st Death Anniversary: ​​এই 5 টা কাৰণতেই প্ৰাণ হেৰুৱাইছিল KK য়ে, জানি লওক কে কেৰ মৃত্যুৰ আঁৰৰ পাঁচটা কাৰণ

Last Updated : Aug 4, 2023, 5:08 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.