চিটাৰা ডেস্ক, ১ জানুৱাৰী: কিয়াৰা আদবানী আৰু সিদ্ধাৰ্থ মালহোত্ৰাৰ বাবে এইবাৰৰ নৱবৰ্ষ আছিল অতি বিশেষ । কাৰণ বিয়াৰ পিচত দুয়ো প্ৰথমবাৰৰ বাবে একেলগে উদযাপন কৰিছে নৱবৰ্ষ । যাৰ ফটো কিয়াৰাই ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে । কিয়াৰাই ছ’চিয়েল মিডিয়াত সিদ্ধাৰ্থৰ সৈতে চেলফি শ্বেয়াৰ কৰিছে, য’ত দুয়োকে বৰফৰ ঠাইত দেখা গৈছে । ফটোখনৰ জৰিয়তে কিয়াৰাই অনুৰাগীক নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছে ।
ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে কিয়াৰা আৰু সিদ্ধাৰ্থৰ ফটো । শীতকালীন পোছাকত দুয়োকে বৰ মৰমলগা দেখা গৈছে । কিয়াৰাই মেটালিক জেকেট পৰিধান কৰাৰ বিপৰীতে সিদ্ধাৰ্থই পৰিধান কৰিছে নীলা জেকেট । ইয়াৰ লগতে দুয়োগৰাকীয়ে পৰিধান কৰিছে স্নো গগলছ । বিশেষ কথাটো হ'ল দুয়োগৰাকীয়ে দুযোৰকৈ চশমা পিন্ধিছে ।
সিদ্ধাৰ্থৰ প্ৰিয় ক’লা চশমা
অনুৰাগীয়ে এই ফটোখনত সিদ্ধাৰ্থৰ ‘কালা চশমা’ গীতটিৰ সৈতে সংযোগ দেখা পাইছে । ফটোখন শ্বেয়াৰ কৰি কিয়াৰাই লিখিছে- ২০২৩-বহুত কথাৰ বাবে কৃতজ্ঞ । ২০২৪- আপোনাৰ বাবে আহি আছো বেবী । শুভ নৱবৰ্ষ. বি:দ্ৰ:- ক’লা চশমা তেওঁৰ বৰ ভাল লাগে । আমাৰ ওচৰত চাৰিযোৰ চশমা আছে ।
কিয়াৰাই ইয়াত সিদ্ধাৰ্থৰ ছবি ‘বাৰ বাৰ দেখো’ৰ কালা চশমা গীতটো সংযোগ কৰিছে । কিয়াৰাৰ এই পোষ্টটোৰ বাবে অনুৰাগীৰ পৰা আৰম্ভ কৰি চেলিব্ৰিটিলৈকে সকলোৱে অভিনন্দন জনাইছে । বহুতে এই ফটোখনত হাৰ্ট ইমোজি শ্বেয়াৰ কৰিছে ।
উল্লেখ্য যে, বিগত বৰ্ষৰ ৭ ফেব্ৰুৱাৰীত কিয়াৰা আদৱানী আৰু সিদ্ধাৰ্থ মালহোত্ৰাৰ বিবাহ হৈছিল । সূৰ্যগড় পেলেচত কিয়াৰা আৰু সিদ্ধাৰ্থে অগ্নিক সাক্ষী কৰি যুগ্ম জীৱনৰ পাতনি মেলিছিল । দুয়োৰে প্ৰেম কাহিনী আৰম্ভ হৈছিল শ্বেৰশ্বাহ ছবিৰ চেটৰ পৰা ।
ৱৰ্ক ফ্ৰণ্টৰ কথা ক’বলৈ গ’লে সিদ্ধাৰ্থক অতি সোনকালে দেখা যাব ‘যোদ্ধা’ ছবিখনত । ইয়াৰ পিচত তেওঁক দেখা যাব ৰোহিত শ্বেট্টীৰ ৱেব ছিৰিজ ইণ্ডিয়ান পুলিচ ফৰ্চত । কিয়াৰাৰ কথা ক’বলৈ তেওঁক ৰাম চৰণৰ সৈতে গেম চেঞ্জাৰত দেখা যাব ।
লগতে পঢ়ক: স্বামী ৰাঘৱৰ সৈতে লণ্ডনত নৱবৰ্ষ উদযাপন পৰিণীতি চোপ্ৰাৰ, ভাইৰেল ৰোমান্টিক ফটো