ETV Bharat / entertainment

Ki Kowa Dosti released : ছবি গৃহলৈ আহিল কেনী বসুমতাৰীৰ নতুন ছবি কি কোৱা, দোস্তি - অসমীয়া ছবি

ছবিগৃহত মুক্তি লাভ কৰিলে অভিনেতা-পৰিচালক কেনী বসুমতাৰীৰ ছবি ‘কি কোৱা, দোস্তি’য়ে (Ki Kowa Dosti) ৷ ৰাজ্যৰ ৫০ টা ছবিগৃহত শুভমুক্তি লাভ কৰিছে ছবিখনে ৷

Kenny Basumatarys Assamese film Ki Kowa Dosti released in Cinema hall
কেনী বসুমতাৰীৰ ছবি ‘কি কোৱা দোস্তি’
author img

By

Published : Apr 28, 2023, 8:34 PM IST

গুৱাহাটী, ২৮ এপ্ৰিল: শেহতীয়াকৈ ছবিগৃহত মুক্তি লাভ কৰিছিল অভিনেতা-পৰিচালক কেনী বসুমতাৰীৰ ছবি ‘লোকেল উৎপাত’ (Kenny Basumatarys Assamese film local Utpaat) ৷ ছবিখনে বক্স অফিচত লাভ কৰিছিল বৃহৎ সফলতা ৷ বক্স অফিচত এই ছবিখনৰ সফলতাৰ পাচতে শুকুৰবাৰে শুভ মুক্তি লাভ কৰিছে কেনী বসুমতাৰীৰ আন এখন অসমীয়া ছবি ‘কি কোৱা, দোস্তি’য়ে ।

Kenny Basumatarys Assamese film Ki Kowa Dosti released in Cinema hall
কেনী বসুমতাৰীৰ ছবি ‘কি কোৱা দোস্তি’

গুৱাহাটী, তেজপুৰ, যোৰহাট, নগাঁও, ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰ, ৰঙিয়া, মৰিগাঁও, দুধনৈ, ধুবুৰী, পাঠশালা, মাৰ্ঘেৰিটা, বৰপেটা, ডুমডুমা, সোণাৰী, মৰাণ, মঙলদৈ, লক্ষীমপুৰ, বিশ্বনাথ চাৰিআলি, বিহপুৰীয়া আৰু ছয়গাঁৱকে ধৰি ৰাজ্যৰ প্ৰায় ৫০ টা ছবিগৃহত শুভমুক্তি লাভ কৰিছে ছবিখনে (Ki Kowa Dosti released in Cinema hall) ।

উল্লেখ্য যে, ‘কি কোৱা, দোস্তি’ ছবিখন মূলতঃ ভাড়াঘৰৰ কাহিনীৰ ওপৰত নিৰ্মিত (Kenny Basumatarys Assamese film)। ছবিখনত ভাড়াঘৰত থকা চাৰিজন যুৱক আৰু তিনিগৰাকী যুৱতীৰ মাজত সংঘটিত কেতবোৰ দুঃসাহসিক ঘটনা উপস্থাপন কৰা হৈছে ৷ মুক্তিৰ পূৰ্বেই যথেষ্ট চৰ্চা লাভ কৰা এই ছবিখনক ৰাইজে আদৰি ল’ব বুলি আশাবাদী পৰিচালক কেনী বসুমতাৰী ।

ছবিখনত অভিনয় কৰিছে ৰূপশ্ৰী ফুকন, শ্রুতি হুছেইন, ৰিমি দেউৰী, ছাজু আহমেদ, কৌশিক নাথ, যতীন দাস আৰু দীপজ্যোতি দত্তই । ছবিখনৰ প্ৰায় সংখ্যক অভিনেতা-অভিনেত্রীক দর্শকে পোন প্ৰথমবাৰৰ বাবে পৰ্দাত দেখিবলৈ পাব (Assamese film Ki Kowa Dosti) ।

Black magic 6k pro কেমেৰাৰে ‘কি কোৱা, দোস্তি’ৰ দৃশ্যগ্ৰহণ সম্পন্ন কৰা হৈছে । প্ৰথমবাৰৰ বাবে অসমীয়া ছবিক এক উজ্জ্বল তথা ৰঙীণ ৰূপ দিবলৈ ‘এমুঠি পুথিৰ পৰিচালক কুলনন্দিনী মহন্তই প্রযোজনা ডিজাইনাৰ হিচাপে কাম কৰিছে ছবিখনত । আনহাতে ‘লোকেল উৎপাত’ৰ নায়িকা পুনম গুৰুঙে সাজ-পাৰ নিৰ্দেশক হিচাপে কাম কৰিছে । এতিয়া লক্ষণীয় হ’ব যে দৰ্শকে ছবিখনক কেনেদৰে আঁকোৱালি লয় (Ki Kowa Dosti in cinemas now) ৷

লগতে পঢ়ক: SRK : কিং খানৰ প্ৰতিশ্ৰুতি, ৫ ছয় কোবাই মেচ জয়ী কৰোৱা ৰিংকু সিঙৰ বিয়াত নাচিব শ্বাহৰুখ খানে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.