চিটাৰা ডেস্ক, 7 নৱেম্বৰ : বলীউড তাৰকা কাৰ্তিক আৰ্য়ানে সোমবাৰে মুকলি কৰিলে তেওঁৰ আগন্তুক ছবি ফ্ৰেডীৰ টিজাৰ । সোমবাৰে তেওঁ ঘোষণা কৰে যে ছবিখনৰ প্ৰিমিয়াৰ হ’ব 2 ডিচেম্বৰত ডিজনী+ হটষ্টাৰত । বালাজী টেলিফিল্মছ আৰু নৰ্দাৰ্ণ লাইটছ ফিল্মছৰ দ্বাৰা নিৰ্মিত এই ছবিখনক এজ অৱ্ দ্য ছিট থ্ৰিলাৰ হিচাপে নিৰ্মাণ কৰা হৈছে । খুবচুৰত, ভিৰে ডি ৱেডিং আৰু প্লেন এ প্লেন বি আদি চিনেমাৰ বাবে পৰিচিত শশাংক ঘোষে ফ্ৰেডী পৰিচালনা কৰিছে, য'ত ড০ ফ্ৰেডী গিনৱালাৰ চৰিত্ৰত কাৰ্তিকে অভিনয় কৰিছে ।
কাৰ্তিকৰ চৰিত্ৰটো কৰুণ অতীতৰ সৈতে দন্ত চিকিৎসক হিচাপে বৰ্ণনা কৰা হৈছে । সামাজিকভাৱে তেওঁ এজন অস্বস্তিকৰ ব্যক্তি যিয়ে নিজৰ ক্ষুদ্ৰ বিমানবোৰৰ সৈতে খেলি ভাল পায় আৰু তেওঁৰ একমাত্ৰ বন্ধু হৈছে তেওঁৰ পোহনীয়া কাছ হাৰ্ডি । ইনষ্টাগ্ৰামত কাৰ্তিকে ফ্ৰেডী টিজাৰ শ্বেয়াৰ কৰি লিখিছে, "ৱেলকাম টু দা ৱৰ্ল্ড অৱ্ #Freddy 🖤 এপইণ্টমেণ্টচ মুকলি 2 ডিচেম্বৰ 2022 🐢 #ReadyForFreddy !!" ৷
ফ্ৰেডীৰ অফিচিয়েল কাহিনীভাগত প্ৰকাশ পাইছে যে কেনেকৈ কাইনাজ (আলয়া এফ) নামৰ এগৰাকী বিবাহিত মহিলা, যাৰ এগৰাকী নিৰ্যাতনকাৰী স্বামী আছিল তেওঁ ফ্ৰেডীৰ প্ৰেমত পৰে । ফ্ৰেডীয়ে কাইনাজৰ সৈতে বিয়া হোৱাৰ বাবে এটা অস্বাভাৱিক সমাধান বিচাৰি পায় কিন্তু এটা টুইষ্ট থাকে যিয়ে আৱেগৰ বিশৃংখলতাৰ সৃষ্টি কৰে আৰু তেওঁৰ জীৱনটো ওলোটা কৰি পেলায় । টুইষ্ট এণ্ড টাৰ্ণেৰে ভৰা এই আকৰ্ষণীয় কাহিনীভাগে দৰ্শকক আমোদ দিব বুলি আশা কৰিব পাৰি ।
- " class="align-text-top noRightClick twitterSection" data="">
কাৰ্তিকে কয় যে, ছবিখনৰ চিত্ৰনাট্য আৰু চৰিত্ৰ জটিল আৰু এই চৰিত্ৰটোৰ বাবে তেওঁ কঠোৰ পৰিশ্ৰম কৰিবলগীয়া হৈছিল (kartik aaryan upcoming films)। চৰিত্ৰটোৰ বাবে তেওঁ শাৰিৰীক আৰু মানসিকভাৱেও প্ৰস্তুতি চলাব লগীয়া হৈছিল । "চৰিত্ৰটোৱে মোৰ কলাৰ এটা বেলেগ দিশ অন্বেষণ কৰাত সহায় কৰিছিল আৰু অভিনেতা হিচাপে প্ৰতিটো খোজতে মোৰ সামৰ্থ্যক প্ৰত্যাহ্বান জনাবলৈ উৎসাহিত কৰিছিল", তেওঁ লগতে কয় ৷
"প্ৰথমবাৰৰ বাবে মই মোৰ অন্ধকাৰ দিশটো অন্বেষণ কৰাৰ সুযোগ পাইছিলোঁ । ডিজনী+ হটষ্টাৰৰ জৰিয়তে নিজৰ সুবিধা অনুসৰি ছবিখন লাখ লাখ দৰ্শকৰ কাষ চাপিব । 'ফ্ৰেডী'ৰ অংশ হ'বলৈ পাই মই আনন্দিত আৰু ছবিখনৰ বাবে দৰ্শকৰ প্ৰতিক্ৰিয়া দেখি উৎসাহিত হৈছো",এইদৰে কয় অভিনেতাগৰাকীয়ে এক বিবৃতিত ।
আলয়া এফে কয় যে তেওঁ চিত্ৰনাট্যৰ বৰ্ণনাৰ পিছত ছবিখনৰ অংশ হ’ব বিচাৰিছিল । "কাইনাজ মোৰ বাবে এটা প্ৰত্যাহ্বানমূলক চৰিত্ৰ আছিল, চৰিত্ৰত সোমাবলৈ মই বহুত কথা শিকিব লগা হৈছিল আৰু আন কথাও শিকিবলগীয়া হৈছিল । এই সুযোগৰ বাবে মই নিজকে অতিশয় কৃতজ্ঞ অনুভৱ কৰিছো ! ই মোক মোৰ চিন্তা বহল কৰাত সহায় কৰিছে আৰু ই মোক এটা সম্পূৰ্ণ নতুন দিশ অন্বেষণ কৰিবলৈয়ো সক্ষম কৰি তুলিছে ৷ কাৰ্তিক, শশাংক ছাৰ আৰু দলৰ আন সকলো সদস্যৰ সৈতে মই ইয়াতকৈ ভাল অভিজ্ঞতা বিচাৰিব নোৱাৰিলোঁহেঁতেন ! ছবিখন ডিজনী+ হটষ্টাৰত মুক্তি পোৱালৈ মই অপেক্ষা কৰিব নোৱাৰো', তেওঁ কয় ৷
বালাজী টেলিফিল্মছৰ প্ৰযোজক একতা আৰ কাপুৰে কয় যে ফ্ৰেডীয়ে আৰ্য়ানক সম্পূৰ্ণ নতুন অৱতাৰত উপস্থাপন কৰিব । ডিজনী+ হটষ্টাৰৰ সৈতে জড়িত হৈ আমি উৎসাহিত হৈছো আৰু দৰ্শকে সমগ্ৰ ছবিখনতে ৰোলাৰ ক’ষ্টাৰ ৰাইড আশা কৰিব পাৰে’ ৷
ঘোষে কৈছিল যে চলচ্চিত্ৰখনে ৰোমাঞ্চ, বিশ্বাসঘাতকতাৰ বিষয়বস্তু অন্বেষণ কৰিব আৰু দেখুৱাব যে এজন সাধাৰণ মানুহ কেনেদৰে অসাধাৰণ হৈ পৰে । "ফ্ৰেডীৰ শক্তি হৈছে প্ৰতিটো চৰিত্ৰ, ছেট আৰু পৃষ্ঠভূমি সংগীতৰ অবিশ্বাস্য লিখনি । এই ধৰণৰ চৰিত্ৰৰ বাবে কাৰ্তিক আৰু আলায়া এফৰ দৰে শক্তিশালী তাৰকাৰ প্ৰয়োজন আছিল ।
তেওঁ লগতে কয় যে, "তেওঁলোকৰ মাজত ফ্ৰেডী আৰু কাইনাজক পাই মই ইমানেই সুখী । ছবিখনত কাৰ্তিকক তেওঁক আগতে কেতিয়াও দেখা নোপোৱা অৱতাৰত দেখি অনুৰাগীসকল মতলীয়া হৈ পৰিব" ৷
যোৱা বছৰ নেটফ্লিক্সত মুক্তি পোৱা ধামাকাৰ পিছত ফ্ৰেডী হৈছে আৰ্য়ানৰ দ্বিতীয়খন চিনেমা যিখন পোনপটীয়াকৈ ডিজিটেলভাৱে মুক্তি পাব ।
লগতে পঢ়ক : Kamal Haasan birthday:মণি ৰত্নমৰ সৈতে 35 বছৰৰ পিছত পুনৰ একেলগ হ’ব কমল হাছান