ETV Bharat / entertainment

SPKK Collection: ১২ দিনত বক্স অফিচত কিমান সংগ্ৰহ কৰিলে সত্যপ্ৰেম কী কথাই ?

কাৰ্তিক আৰিয়ান আৰু কিয়াৰা আদবানী অভিনীত ছবি সত্যপ্ৰেম কী কথাই বক্স অফিচত প্ৰৱেশ কৰিলে ১০০ কোটি টকাৰ ক্লাৱত । এই সন্দৰ্ভত কাৰ্তিক আৰিয়ান আৰু কিয়াৰা আদৱানীয়ে সুখ ব্যক্ত কৰি ক‘লে এনেদৰে ।

author img

By

Published : Jul 11, 2023, 1:30 PM IST

SPKK Collection
SPKK Collection

চিটাৰা ডেস্ক, 11 জুলাই: কাৰ্তিক আৰিয়ান আৰু কিয়াৰা আদৱানী অভিনীত ছবি সত্যপ্ৰেম কী কথাই বক্স অফিচত চমক সৃষ্টি কৰিছে । বিগত ২৯ জুনত মুক্তি লাভ কৰা ছবিখনে ১১ জুলাইত মুক্তিৰ ১৩দিন সম্পূৰ্ণ কৰিছে । এই ১২ দিনত ঘৰুৱা চিনেমাগৃহত প্ৰায় ৭০ কোটি টকা সংগ্ৰহ কৰিছে ছবিখনে ৷ তাৰ মাজতে ছবিখনৰ সৈতে জড়িত কলা-কুশলীলৈ আহিল এক সুখবৰ কিয়নো ছবিখনৰ বিশ্বব্যাপী সংগ্ৰহৰ কথা ক’বলৈ গ’লে ছবিখনে আজি ১০০ কোটিৰ ঘৰত প্ৰৱেশ কৰে ।

চলচ্চিত্ৰ নিৰ্মাতা আৰু কাৰ্তিক-কিয়াৰাই অনুৰাগীক জনাইছে যে তেওঁলোকৰ ছবিখনে বিশ্বজুৰি ১০০ কোটি ঘৰ অতিক্ৰম কৰিছে । এই ১২ দিনত ছবিখনে এতিয়ালৈকে কিমান সংগ্ৰহ কৰিছে জানো আহক-

কাৰ্তিক-কিয়াৰাই সুখ প্ৰকাশ কৰিলে

সত্যপ্ৰেম কী কথা ছবিখনৰ বিশ্বব্যাপী ১০০ কোটি টকাৰ ক্লাবত যোগদান কৰি সুখ প্ৰকাশ কৰি কিয়াৰা আদৱানীয়ে লিখিছে, ‘সত্যপ্ৰেম কী কথাক ইমান মৰম দিয়াৰ বাবে ধন্যবাদ’। একে সময়তে সত্তু ছবিৰ চৰিত্ৰত অভিনয় কৰা কাৰ্তিক আৰিয়ানৰ সুখেও আকাশ চুইছে । অভিনেতাগৰাকীয়ে তেওঁৰ ধন্যবাদ পোষ্টত লিখিছে, ‘এশ কোটিৰ প্ৰেমৰ বাবে ধন্যবাদ’।

সত্যপ্ৰেম কী কথাৰ মুঠ সংগ্ৰহ

আপোনালোকক জনাই দিও যে, ছবিখনে এতিয়ালৈকে দ্বাদশ দিনটোত সৰ্বনিম্ন ২ কোটি টকা সংগ্ৰহ কৰিছে । একে সময়তে ভাৰতীয় বক্স অফিচত মুঠ ৬৮ কোটি টকা আৰু বিশ্বজুৰি ১০০ কোটি টকা সংগ্ৰহ কৰিছে ছবিখনে ।

উল্লেখ্য যে ছবিখনৰ কাহিনী বেলেগ ধৰণেৰে বৰ্ণনা কৰা হৈছে । সত্যপ্ৰেম হোৱা কাৰ্তিকে নিজৰ পত্নী কথা অৰ্থাৎ কিয়াৰাৰ প্ৰেম পাবলৈ বহু ঘাত-প্ৰতিঘাত পাৰ কৰিবলগীয়া হয় । ইফালে অনুৰাগীসকলে ‘সত্যপ্ৰেম কি কথা’ৰ ওপৰতো সকলোৱে নিজৰ দৃষ্টি নিৱদ্ধ কৰি ৰাখিছে । 'সত্যপ্ৰেম কি কথা'ৰ পূৰ্বে কাৰ্তিক আৰু কিয়াৰা একেলগে আহিছিল ভূমি ভুলাইয়া ২ত । যাৰ মুক্তিৰ প্ৰথম দিনাৰ উপাৰ্জন যথেষ্ট ভাল আছিল । ইয়াৰ মাজতে আজি ‘সত্যপ্ৰেম কি কথা’ই ১০০ কোটিৰ ঘৰ অতিক্ৰম কৰাত এই যুটিৰ প্ৰথমখন ছবিৰ সৈতে তুলনা কৰাৰ লগতে দৰ্শকৰ প্ৰিয় যুটি হিচাপে পৰিগণিত হৈছে ।

লগতে পঢ়ক: Satyaprem Ki Katha Review: দৰ্শকে খুবেই পচন্দ কৰিছে কাৰ্তিক-কিয়াৰাৰ সত্যপ্ৰেম কি কথা, ক'লে - 'ব্লকবাষ্টাৰ হ'ব এইখন ছবি'

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.