ETV Bharat / entertainment

Seema Haider : সীমা হাইদৰৰ জীৱনৰ আধাৰত নিৰ্মিত ছবিখনৰ প্ৰথমটো গীততেই ডাঙৰ ভুল - সীমা হাইদৰৰ ওপৰত নিৰ্মিত ছবি

সীমা হাইদৰৰ আধাৰত নিৰ্মিত ছবিখনৰ প্ৰথমটি গীত মুকলি হৈছে ৷ কিন্তু গীত এটা ডাঙৰ ভুল কৰিছে নিৰ্মাতাসকলে ৷ সবিশেষ জানিবলৈ পঢ়ক এই প্ৰতিবেদন ৷

Karachi to Noida theme song out Seema Haiders film shows true love never Dies,watch song mistake
সীমা হাইদৰৰ ওপৰত নিৰ্মিত ছবিখনৰ প্ৰথমটি গীত মুকলি
author img

By

Published : Aug 21, 2023, 1:33 PM IST

চিটাৰা ডেস্ক, 21 আগষ্ট: প্ৰেমৰ স্বাৰ্থত চাৰি সন্তানৰ সৈতে পাকিস্তানৰ পৰা ভাৰতলৈ অহা সীমা হাইদৰৰ ঘটনাৰ আধাৰত নিৰ্মাণ কৰা হৈছে এখন ছবি । ছবিখনৰ নাম কৰাচী টু নয়ডা । শেহতীয়াকৈ মুক্তি লাভ কৰিছে এই ছবিখনৰ থিম গীত । এই ছবিখনত সীমা হাইদৰৰ চৰিত্ৰত অভিনয় কৰিছে ফাৰহিন ফালকে । ফাৰহিনক গীতটোত দেখা গৈছে । অৱশ্যে প্ৰথম গীতটোতেই নিৰ্মাতাসকলে এটা ডাঙৰ ভুল কৰিছে ।

গীতটোৰ আৰম্ভণিতে ফাৰহিনক মোবাইলত গেম খেলি থকা দেখা গৈছে । ইয়াৰ পিচত সীমাই পাকিস্তানৰ পাছপ’ৰ্ট লৈ সন্তানৰ সৈতে ঘৰৰ পৰা ওলাই যায় । ফাৰহিনে এখন অট’ত উঠি ঘৰৰ পৰা ওলাই যায়, য’ত চন্দ্ৰ তৰাবোৰ বহু ঠাইত লাগি থকা দেখা যায় আৰু ৭৮৬ নম্বৰটো লিখা দেখা যায় ।

গানটোত হোৱা এটা ডাঙৰ ভুল-

এটা দৃশ্যত দেখুওৱা হৈছে যে কিতাপখনৰ ভিতৰত পাকিস্তানী পাছপ’ৰ্ট লৈ ফাৰহিনে এখন অটোৰিক্সাত বহে । পিছফালে ৰাস্তাৰ কাষত ভাৰতৰ পতাকা দেখা যায় । পাকিস্তানত ভাৰতৰ পতাকা থকা দৃশ্যটো আশ্চৰ্যকৰ । এই ক্ৰমৰ পিচত সীমা হাইদৰক সীমান্তৰ তাঁৰৰ ওচৰত কান্দি থকা দেখা যায় । কিন্তু পিছলৈ একে ঠাইৰ দৃশ্যত পতাকাখন দেখা পোৱা নাযায় ।

ইয়াৰ পিচত ফাৰহিনে নিজৰ সন্তানৰ সৈতে বিমানত উঠি পাকিস্তান এৰি আহে । গীতটোত দেখুওৱা হৈছে যে ভাৰতলৈ অহাৰ পিচত ফাৰহিন ফালাকে ভাৰতীয় পতাকা উত্তোলন কৰে, মন্দিৰলৈ গৈ পূজা কৰা, ঘাটত আন নাৰীক দেখি পূজা কৰিবলৈ শিকে ৷ অৱশ্যে গীতটোত শচীন মীনাৰ চৰিত্ৰটো দেখুওৱা হোৱা নাই ।

জানি ফায়াৰফক্সৰ বেনাৰত নিৰ্মাণ কৰা হৈছে কৰাচী টু নয়ডা ছবিখন । সীমা হাইদৰৰ ওপৰত নিৰ্মিত এই ছবিখন প্ৰযোজনা কৰিছে অমিত জানীয়ে । পৰিচালনা কৰিছে ভাৰত সিঙে ৷ গীতটিৰ কথা লিখিছে অমিত জানীয়ে আৰু গীতটি কণ্ঠদান কৰিছে প্ৰীতি জানীয়ে ।

লগতে পঢ়ক: Seema-Sachin love story: এইবাৰ ডাঙৰ পৰ্দাত দেখা যাব সীমা-শচীনৰ প্ৰেম কাহিনী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.