ETV Bharat / entertainment

ইণ্ডিগ’ক লৈ কপিল শৰ্মাৰ-বিবেক অগ্নিহোত্ৰীৰ ক্ষোভ

author img

By ETV Bharat Assamese Team

Published : Nov 30, 2023, 2:31 PM IST

Kapil Sharma and Vivek Agnihotri IndiGo: কমেডিয়ান অভিনেতা কপিল শৰ্মাই এক্স একাউন্টত পোষ্ট শ্বেয়াৰ কৰি ইণ্ডিগ’ৰ গাফিলতিৰ বাবে ক্ষোভ প্ৰকাশ কৰিছে ৷ সবিশেষ জানিবলৈ পঢ়ক এই সম্পূৰ্ণ প্ৰতিবেদন ৷

Kapil Sharma and Vivek Agnihotri share a bad experience with an IndiGo flight, watch
ইণ্ডিগ’ৰ গাফিলতিৰ বাবে ক্ষোভ কপিল শৰ্মাৰ

চিটাৰা ডেস্ক, 30 নৱেম্বৰ: ইণ্ডিগ’ ফ্লাইটক লৈ খঙত অগ্নিশৰ্মা হৈ পৰিল জনপ্ৰিয় টেলিভিছন কমেডিয়ান অভিনেতা কপিল শৰ্মা । ছ’চিয়েল মিডিয়া একাউন্টত পোষ্ট শ্বেয়াৰ কৰি কপিল শৰ্মাই ব্যক্ত কৰিলে নিজৰ অভিজ্ঞতা ৷ বিমান পলম হোৱা আৰু পাইলট যাতায়তত আবদ্ধ হৈ পৰাৰ দৰে অৰ্থহীন অজুহাত দেখুৱাৰ বাবে বিমান সংস্থাটোৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰে কমেডিয়ানগৰাকী । একে সময়তে ‘দ্য কাশ্মীৰ ফাইলছ’ৰ নিৰ্মাতা বিবেক অগ্নিহোত্ৰীয়েও ইণ্ডিগ’ ফ্লাইটৰ সেৱাক লৈ এটা পোষ্ট শ্বেয়াৰ কৰিছে ।

  • Dear @IndiGo6E first you made us wait in the bus for 50 minz, and now your team is saying pilot is stuck in traffic, what ? Really ? we supposed to take off by 8 pm n it’s 9:20, still there is no pilot in cockpit, do you think these 180 passengers will fly in indigo again ? Never…

    — Kapil Sharma (@KapilSharmaK9) November 29, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

বুধবাৰে নিশা কপিল শৰ্মাই এক্স একাউন্টত ইণ্ডিগ’ক টেগ কৰি এটা পোষ্ট শ্বেয়াৰ কৰিছে । পোষ্টটো শ্বেয়াৰ কৰি কমেডিয়ানগৰাকীয়ে লিখিছে, ‘‘প্ৰিয় IndiGo6E, প্ৰথমে আপোনালোকে আমাক বাছত ৫০ মিনিট অপেক্ষা কৰিবলৈ বাধ্য কৰাইছিল আৰু এতিয়া আপোনাৰ দলটোৱে কৈছে যে পাইলট ট্ৰেফিকত আবদ্ধ হৈ আছে । কি ? সঁচাকৈ ? আমি নিশা ৮ বজাৰ ভিতৰত উৰা মাৰিব লাগিছিল আৰু ৯:২০ বাজিছে, এতিয়াও ককপিটত পাইলট নাই, এই ১৮০ গৰাকী যাত্ৰী আকৌ ইণ্ডিগ’ত ফ্লাই কৰিব বুলি ভাবিছেনে ? কেতিয়াও নকৰে, ইণ্ডিগ’ 6E 5149 নিৰ্লজ্জ ।’’

  • Now they r de boarding all the passengers n saying we will send you in another aircraft but again we have to go back to terminal for security check 👏👏👏👏👏 #indigo👎 pic.twitter.com/NdqbG0xByt

ইয়াৰ পিচত কপিলে বিমানখনৰ পৰা নামি অহা যাত্ৰীসকলৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰি কয় যে বিমান সলনি কৰা হৈছে, গতিকে তেওঁলোকে টাৰ্মিনেললৈ উভতি যাব লগা হয় । আন এটা পোষ্টত শৰ্মাই কয়, ‘‘এতিয়া তেওঁলোকে সকলো যাত্ৰীক বিমানৰ পৰা নামিবলৈ কৈছে আৰু লগতে কৈছে আমি আপোনালোকক আন এখন বিমানত পঠিয়াম ৷ এতিয়া পুনৰ আমি নিৰাপত্তা পৰীক্ষাৰ বাবে টাৰ্মিনেললৈ উভতি যাব লাগিব ।’’

  • Boarded the aircraft at 11.10 AM. It’s 12.40. 1.30 hrs and not a word of information from the captain or crew. Flights get delayed all over the world but such indifference to passengers is a unique quality that @IndiGo6E possesses. Also, isn’t there a way to know the delay? What…

    — Vivek Ranjan Agnihotri (@vivekagnihotri) November 29, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

আনহাতে চলচ্চিত্ৰ নিৰ্মাতা বিবেক অগ্নিহোত্ৰীয়েও ইণ্ডিগ’ৰ বেয়া অভিজ্ঞতা শ্বেয়াৰ কৰি এটা দীঘলীয়া পোষ্ট কৰিছে । বিবেকে লিখিছে, ‘‘পুৱা ১১.১০ বজাত বিমানত উঠিলোঁ ৷ ১২.৪০ বাজিছে । ১.৩০ ঘণ্টা আৰু কেপ্টেইন আৰু ক্ৰুয়ে একো তথ্য প্ৰদান কৰা নাই । সমগ্ৰ বিশ্বতে কেতিয়াবা কেতিয়াবা বিমান পলম হয় যদিও যাত্ৰীসকলৰ প্ৰতি এনে উদাসীনতা IndiGo6E ৰ এক অনন্য গুণ । লগতে, পলম হোৱাৰ কাৰণ জানিব নোৱাৰি ? এই সকলোবোৰ অতি উন্নত AI চফট্ ৱেৰ কিহৰ বাবে ? দিশহাৰা ক্ৰুৰ সৈতে যাত্ৰীসকলক কিয় এচি সুৰংগত আবদ্ধ কৰি ৰাখিব লাগে ?’’

চলচ্চিত্ৰ নিৰ্মাতাগৰাকীয়ে লগতে লিখিছে, ‘‘শৌচাগাৰৰ গোটেই মজিয়াত টিছু পেপাৰেৰে লেতেৰা কৰি ৰখা হৈছিল । মানুহে পানী বিচাৰি চিঞৰিছে । প্ৰতিগৰাকী এয়াৰ হোষ্টেছে ইগৰাকী সিগৰাকীৰ ওপৰত দোষ জাপি দিছে । মই ইণ্ডিগ’ত খুব কমেইহে যাত্ৰা কৰো আৰু তেওঁলোকৰ ক্ৰু-ফ্লাইয়াৰৰ পাৰস্পৰিক ক্ৰিয়া-কলাপ সদায় কৰুণ বুলি ভাবো । বিচলিত হোৱাত ফ্লাইয়াৰ্ছৰ দোষ নাই । বিমান সংস্থা আৰু তেওঁলোকৰ ক্ৰুৱে তেওঁলোকৰ উদাসীনতা আৰু ক্ষোভ নিশ্চিত কৰে । যদি বিমান সেৱা ৩০ মিনিটতকৈ অধিক পলম হয়, তেন্তে বিমান সংস্থাসমূহে বিমান ভাড়াৰ এটা অংশ ঘূৰাই দিব নালাগেনে ? ’’

লগতে পঢ়ক: ৰণবীৰৰ এনিমেলৰ সন্মুখত থিয় দিছে ছেম বাহাদুৰ ! বিকি কৌশলৰ ছবিখনে অগ্ৰিম বুকিঙেৰে সংগ্ৰহ কৰিলে ইমান ধন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.