ETV Bharat / entertainment

Chandramukhi 2 Trailer: মুকলি হ’ল বহু প্ৰত্যাশিত ছবি চন্দ্ৰমুখী ২ ৰ ট্ৰেইলাৰ

author img

By ETV Bharat Assamese Team

Published : Sep 3, 2023, 5:04 PM IST

আজি মুকলি হ’ল ৰাঘৱ লৰেন্স আৰু কংগনা ৰানাৱটৰ অভিনীত ছবি চন্দ্ৰমুখী ২ ৰ ট্ৰেইলাৰ ৷ লাইকা প্ৰডাকচনে মুকলি কৰে ট্ৰেইলাৰ ৷ চাওক ভিডিঅ’ ৷

Kangana Ranaut and Raghava Lawrence starrer Chandramukhi 2 trailer out now
চন্দ্ৰমুখী ২ ৰ ট্ৰেইলাৰ

চিটাৰা ডেস্ক, 3 ছেপ্টেম্বৰ: প্ৰায়ে নিজৰ বক্তব্যৰ বাবে চৰ্চাত থাকে বলীউডৰ কুইন কংগনা ৰানাৱট ৷ কিন্তু বিতৰ্কৰ বাবে এই কথা নুই কৰিব নোৱাৰি যে কংগনা এগৰাকী ভাল অভিনেত্ৰী ৷ নিজৰ উৎকৃষ্ট অভিনয়েৰে অনুৰাগীৰ মাজত এক বিশেষ স্থান দখল কৰিছে কংগনাই ৷ যাৰ বাবে এতিয়া তেওঁৰ আগন্তুক প্ৰজেক্টৰ বিষয়ে জানিবলৈ আগ্ৰহী হৈ পৰিছে অনুৰাগী ।

অভিনেত্ৰীগৰাকীৰ ছবি চন্দ্ৰমুখী ২ অহা ১৫ ছেপ্টেম্বৰত ছবিগৃহত মুক্তি লাভ কৰিব ৷ এই ছবিখন পি ভাছুৰ পৰিচালনাত নিৰ্মিত কৰা হৈছে । আনহাতে এই ছবিখনৰ সৈতে দক্ষিণৰ তাৰকা ৰাঘৱ লৰেন্সেক প্ৰথমবাৰ কুইনৰ সৈতে পৰ্দা শ্বেয়াৰ কৰা দেখা যাব ।

বহু দিনৰে পৰা অনুৰাগীয়ে ছবিখনৰ ট্ৰেইলাৰৰ বাবে অপেক্ষা কৰি আছিল ৷ অৱশেষত অপেক্ষাৰ অন্ত পৰিল ৷ কিয়নো আজি অৰ্থাৎ ৩ ছেপ্টেম্বৰত মুকলি হ’ল ট্ৰেইলাৰ ৷ লাইকা প্ৰডাকচনৰ ইউটিউভত চেনেলত মুকলি কৰা হৈছে ছবিখনৰ ট্ৰেইলাৰ ৷

  • " class="align-text-top noRightClick twitterSection" data="">

চেন্নাইত অনুষ্ঠিত ট্ৰেইলাৰ লন্স অনুষ্ঠানত মুকলি কৰা হয় ট্ৰেইলাৰ ৷ এই অনুষ্ঠানত উপস্থিত আছিল ৰাঘৱ লৰেন্সে, কংগনা ৰানাৱট, পৰিচালক পি ভাছুৰ লগতে ছবিখনৰ লগত জড়িত আন বহু লোক উপস্থিত আছিল ৷ এই অনুষ্ঠানত পৰম্পৰাগত সাজত দেখা গ’ল কংগনা ৰানাৱটক ৷ আনহাতে ৰাঘৱ লৰেন্সকো দেখা দক্ষিণৰ পৰম্পৰাগত ধূতি পৰিধান কৰা দেখা গৈছে ৷

ট্ৰেইলাৰ মুকলিৰ পূৰ্বে কংগনা ৰানাৱটে টুইটাৰত চন্দ্ৰমুখী ২ৰ সৈতে জড়িত তেওঁৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰিছিল ৷ ভিডিঅ’ পোষ্ট কৰি লিখিছিল, ট্ৰেইলাৰ মুকলি হ’বলৈ কেইঘণ্টামান বাকী আছে । আশা কৰা হৈছে যে তেওঁ ট্ৰেইলাৰটো হিন্দীতো মুকলি কৰিব ।

উল্লেখ্য যে, ছেপ্টেম্বৰ মাহত বিনায়ক চতুৰ্থীৰ দিনা চিনেমাগৃহত মুক্তি পাব ৷ চন্দ্ৰমুখী ২ ছবিখন ২০০৫ চনৰ ছবি চন্দ্ৰমুখীৰ ছিকুৱেল, যিখন ছবিও এইবাৰ পি ভাছুৱে পৰিচালনা কৰিছে। ৰাঘৱ লৰেন্স আৰু কংগনা ৰানাৱটক গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখা গৈছে ছবিখনক ।

লগতে পঢ়ক: Jawan Advance Booking: বলীউডত নতুন অভিলেখৰ সৃষ্টি কৰিব নেকি জৱানে ? এতিয়ালৈকে কিমান টিকট বিক্ৰী হ’ল জানেনে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.