ETV Bharat / entertainment

'ইয়ং টাইগাৰ' জুনিয়ৰ এন.টি.আৰৰ বিষয়ে কিছুমান আকৰ্ষণীয় তথ্য জানো আহক

চুপাৰষ্টাৰ জুনিয়ৰ এন.টি.আৰে আজি তেওঁৰ ৩৯ তম জন্মদিন উদযাপন কৰিছে (Junior NTR birthday) । লাখ লাখ অনুৰাগীয়ে তেওঁলৈ যাচিছে যথেষ্ট মৰম আৰু শুভকামনা । জুনিয়ৰ এন.টি.আৰৰ বিষয়ে আপুনি নজনা কেইটামান কথা আজি আপোনালোকলৈ আগবঢ়ালো ৷

author img

By

Published : May 20, 2022, 1:49 PM IST

jr ntr turns 39 today
'ইয়ং টাইগাৰ' জুনিয়ৰ এন.টি.আৰ

চিটাৰা ডেস্ক, 20মে’: আজি দক্ষিণৰ চুপাৰষ্টাৰ জুনিয়ৰ এন.টি.আৰৰ ৩৯ তম জন্মদিন (Junior NTR age) । অসংখ্য অনুসৰণকাৰী থকা অভিনেতাজন অন্ধ্ৰ আৰু তেলেংগানা ৰাজ্যত যথেষ্ট জনপ্ৰিয় । জুনিয়ৰ এন.টি.আৰৰ নাম শুনাৰ লগে লগে মনলৈ এখন অন্য ছবি আহে অনুৰাগীসকলৰ । আপুনি জানেনে তেওঁৰ নাম টো কেনেকৈ আহিছিল ? ইয়াৰ আঁৰৰ কাহিনীটো বৰ আকৰ্ষণীয় ।

এন.টি.আৰ জুনিয়ৰৰ প্ৰকৃত নাম নন্দমূৰ্তি তাৰকা ৰামা ৰাও । কিন্তু বিশ্বজুৰি তেওঁক এন.টি.আৰ জুনিয়ৰ বুলি জনা যায় । ইয়াৰ কৃতিত্বৰ আঁৰত আছে তেওঁৰ ককাক আৰু তেওঁৰ সময়ৰ বিখ্যাত অভিনেতা-ৰাজনীতিবিদ এন.টি.ৰামা ৰাও (Junior NTR family) ।

এন.টি ৰামা ৰাও অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী আছিল যিয়ে এজন অভিনেতা হিচাপে দৰ্শকৰ হৃদয়ত স্থান দখল কৰিছিল । তেওঁ তেওঁৰ নাতিক নামটো সলনি কৰিবলৈ পৰামৰ্শ দিছিল ৷ তাৰ পিছতেই তেওঁ নন্দমূৰ্তি তাৰকা ৰামা ৰাওৰ পৰা এন.টি.আৰ জুনিয়ৰ হৈছিল আৰু আজি সমগ্ৰ বিশ্বই তেওঁক সেই নামেৰেই চিনি পাই । নামটো তেওঁৰ ককাকৰ নামৰ সৈতে প্ৰায় একেই কেৱল মাত্ৰ অভিনেতাজনৰ নামৰ ঠিক আগতে জুনিয়ৰ আছে ।

এন.টি.আৰ জুনিয়ৰ তেলুগু চলচ্চিত্ৰৰ এজন চুপাৰষ্টাৰ । তেওঁৰ জন্ম ১৯৮৩ চনৰ ২০ মে তাৰিখে পূৰ্বৰ অন্ধ্ৰ প্ৰদেশত হৈছিল । এন.টি.আৰ জুনিয়ৰক দক্ষিণত 'ইয়ং টাইগাৰ' বুলিও জনা যায় । তেওঁৰ পিতৃ নন্দমুৰি হৰিকৃষ্ণ এজন প্ৰখ্যাত প্ৰযোজক, অভিনেতা আৰু ৰাজ্যসভাৰ সদস্য হিচাপে প্ৰখ্যাত আছিল । তেওঁৰ মাতৃৰ নাম শালিনী ভাস্কৰ ৰাও । এন.টি.আৰ জুনিয়ৰ চিনেমা জগতৰ সৰ্বাধিক উপাৰ্জন কৰা নায়কসকলৰ মাজৰ এজন ।

জুনিয়াৰ এন.টি.আৰে ২০০১ চনত 'Ninnu Choodalani' চলচ্চিত্ৰৰ দ্বাৰা মুখ্য অভিনেতা হিচাপে ছবিজগতত আত্মপ্ৰকাশ কৰিছিল (Junior NTR debut film) । কিন্তু ছবিখন ফ্লপ হৈছিল । তাৰ পিছত তেওঁ একে বছৰতে 'ষ্টুডেণ্ট নং ১' বোলছবিখন কৰিছিল । এই ছবিখনৰ দ্বাৰাই তেওঁ জনাজাত হৈ পৰিছিল । জুনিয়ৰ এন.টি.আৰে তেওঁৰ কেৰিয়াৰত কেইবাখনো শ্ৰেষ্ঠ চলচ্চিত্ৰ উপহাৰ দিছে (Junior NTR hit movies) । তাৰে ভিতৰত 'টেম্পাৰ' (২০১৫), 'জয় লাভ কুছ' (২০১৭), 'আদি' (২০০২) অতি বিখ্যাত ।

এই বছৰ মুক্তি পোৱা 'আৰআৰআৰ' বোলছবিখনে সমগ্ৰ বিশ্বতে এক আলোড়নৰ সৃষ্টি কৰিছে (Junior NTR RRR) । এন.টি.আৰ জুনিয়ৰে দুবাৰকৈ শ্ৰেষ্ঠ তেলুগু অভিনেতাৰ ফিল্মফেয়াৰ বঁটা লাভ কৰিছে । ইয়াৰ উপৰিও তেওঁ দুটা ৰাজ্যিক নন্দী বঁটা আৰু চাৰিটা চলচ্চিত্ৰ বঁটাও লাভ কৰিছে । ফৰ্বচ ইণ্ডিয়াৰ ১০০ গৰাকী চেলিব্ৰেটীৰ তালিকাতো তেওঁৰ নাম প্ৰকাশ পাইছে ।

লগতে পঢ়ক: অভিনয়ৰ উপৰিও জুনিয়ৰ এন.টি.আৰৰ জীৱনত আছে অন্য এক প্ৰেম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.