ETV Bharat / entertainment

Juhi Parmar Disappointed With Barbie: আপোনাৰ সন্তানক বাৰ্বি চাবলৈ নিয়াৰ আগতে দহবাৰ ভাবি লওক; জুহি পাৰমাৰ

author img

By

Published : Jul 25, 2023, 10:37 AM IST

‘বাৰ্বি’ ছবিখনক লৈ নিৰাশ অভিনেত্ৰী জুহি পাৰমাৰ । অভিনেত্ৰীগৰাকীয়ে নিজৰ ১০ বছৰীয়া কন্যাক লৈ গৈছিল ছবিখন চাবলৈ যদিও ছবিখন আধাতে এৰি ওলাই আহে ছবিগৃহৰ পৰা ৷ ইয়াৰ পিচত অভিনেত্ৰীগৰাকীয়ে ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰি নিজৰ অভিজ্ঞতা ব্যক্ত কৰে ৷

Juhi Parmar disappointed with sexual connotations in Barbie pens open letter
‘বাৰ্বি’ ছবিখনক লৈ নিৰাশ অভিনেত্ৰী জুহি পাৰমাৰ

চিটাৰা ডেস্ক, 25 জুলাই: ২০২৩ চনৰ ২১ জুলাইত বিশ্বজুৰি মুক্তি লাভ কৰিছে মাৰ্গট ৰবি আৰু ৰিয়ান গছলিঙৰ অভিনীত ছবি ‘বাৰ্বি’ ৷ বাৰ্বিৰ সুন্দৰ পৃথিৱীৰ আধাৰত নিৰ্মিত এই ছবিখনক লৈ ভাৰততো ক্ৰেজ দেখা পোৱা গৈছে ৷ ‘বাৰ্বি’ ছবিখন নিজৰ মৰমৰ সন্তানক দেখুৱাবলৈ ছবিগৃহত দেখা পোৱা গৈছিল বহু জনপ্ৰিয় চেলিব্ৰিটিক । টিভি অভিনেত্ৰী জুহি পাৰমাৰেও নিজৰ ১০ বছৰীয়া কন্যা সমাইৰাৰ সৈতে বাৰ্বি চাবলৈ ছবিগৃহত উপস্থিত হৈছিল ৷

কিন্তু ছবিখনক লৈ অভিনেত্ৰীগৰাকীয়ে যি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে, সেয়া অন্য সকলোতকৈ ব্যতিক্ৰম ৷ আচলতে এই ছবিখনক লৈ অসন্তুটি প্ৰকাশ কৰিছে অভিনেত্ৰীগৰাকীয়ে ৷ এই ছবিখন সন্তানক দেখুৱাবলৈ পৰিকল্পনা কৰা অভিভাৱকসকলক পৰামৰ্শ দি তেওঁ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে এটা পোষ্ট ৷

'বাৰ্বি'ক লৈ অসন্তুট জুহি পাৰমাৰ

জুহি পাৰমাৰে নিজৰ ইনষ্টাগ্ৰামত এটা পোষ্ট শ্বেয়াৰ কৰি কেপচনত লিখিছে, “আজি মই যিখিনি কথা শ্বেয়াৰ কৰিছো, ইয়াকলৈ মোৰ সকলো দৰ্শক হয়তো সন্তুষ্ট নহ’ব আৰু আপোনালোকৰ মাজৰ কিছুমানে মোৰ ওপৰত হয়তো খং কৰিব পাৰে ৷ কিন্তু অভিভাৱকসকলে মোক ভুল নুবুজিব বুলি চিন্তা কৰি এই টোকাটো শ্বেয়াৰ কৰিছো । মই কৰা ভুলটো আপুনি নকৰিব আৰু আপোনাৰ সন্তানক ছবি চাবলৈ নিয়াৰ আগতে দহবাৰ ভাবি লওক ! "

‘বাৰ্বি’ৰ ভাষা আৰু বিষয়বস্তু পছন্দ নকৰিলে জুহিয়ে

জুহিয়ে নিজৰ পোষ্টত লিখিছে, "প্ৰিয় বাৰ্বি, মই মোৰ ভুল মানি লৈ আৰম্ভ কৰিছো । ছবিখন মোৰ ১০ বছৰীয়া কন্যা সমাইৰাক দেখুৱাবলৈ লৈ গৈছিলো । তথ্য গৱেষণা নকৰাকৈয়ে যে এইখন পিজি-১৪ ছবি । ১০ মিনিট ছবিখন দেখাৰ পিচত গম পালো ছবিখনত কোনো শুদ্ধ ভাষা নাছিল আৰু আপত্তিজনক দৃশ্যও দেখা গৈছিল । অৱশেষত বিচলিত হৈ মই ভাবিলো মোৰ কন্য়াক কি দেখুৱালোঁ এয়া, সেই কথা ভাবি ওলাই আহিলোঁ ছবিগৃহৰ পৰা । বহুদিনৰ পৰা তাই আপোনালোকৰ ছবিখন চাবলৈ অপেক্ষা কৰি আছিল । মোৰ কন্যাক যি দেখুৱালো সেয়া লৈ মই স্তম্ভিত, হতাশ হৈ পৰিছিলো ।"

ছবি সম্পূৰ্ণ নেদেখাকৈয়ে ছবিগৃহৰ পৰা ওলাই আহিল জুহি

জুহি পাৰমাৰে লগতে লিখিছে, “মই ছবিখন আৰম্ভ হোৱাৰ ১০-১৫ মিনিটৰ পিচতে ছবিগৃহৰ পৰা ওলাই আহিলোঁ । অৱশ্যে পিচত লক্ষ্য কৰিলোঁ যে, আন একাংশ অভিভাৱকেও ছবিখন মাজতে এৰি ওলাই আহিছিল আৰু তেওঁলোকৰ সন্তানে কান্দি থকা পৰিলক্ষিত হৈছিল । আনহাতে কিছুমানে সমগ্ৰ ছবিখন চাইছিল । মই সুখী যে মই ১০ৰ পৰা ১৫ মিনিটৰ ভিতৰতে ছবিগৃহৰ পৰা ওলাই আহিলোঁ । বাৰ্বি ছবিখন ভাষা আৰু বিষয়বস্তুৰ বাবে ১৩ বছৰৰ ওপৰৰ শিশুৰ বাবেও উপযোগী নহয়।

উল্লেখ্য যে, ২১ জুলাইত মুক্তি পোৱা বাৰ্বি ছবিখন সপ্তাহৰ শেষৰ ফালে আন্তঃৰাষ্ট্ৰীয় বক্স অফিচত ১৮২ মিলিয়ন ডলাৰ সংগ্ৰহ কৰি বিশ্বজুৰি মুঠ ৩৩৭ মিলিয়ন ডলাৰ (২৭৬.৩৯ কোটি টকা) লাভ কৰে । আনহাতে ভাৰতত ৮৬৮খন পৰ্দাত মুকলি পোৱা ছবিখনে সপ্তাহৰ শেষৰ ফালে ২১ কোটি টকা সংগ্ৰহ কৰিছিল ।

লগতে পঢ়ক: Oppenheimer controversy: অপেনহাইমাৰৰ অন্তৰংগ দৃশ্যক লৈ খঙত অগ্নিশৰ্মা অনুৰাগ ঠাকুৰ, ক’লে - এই দৃশ্যক কেনেকৈ দিয়া হ’ল অনুমতি ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.