গুৱাহাটী, ২৬ জুন: অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ সুৰকাৰ তথা কণ্ঠশিল্পী জয়দীপ গোস্বামীয়ে শেহতীয়াকৈ হিন্দী ছবি ‘গিনতী’ (The Countdown)ৰ জৰিয়তে চলচ্চিত্ৰ প্ৰযোজক হিচাপে আত্মপ্ৰকাশ কৰিছে ৷
কনফেডাৰেচন অৱ ইণ্ডিয়ান ইণ্ডাষ্ট্ৰীৰ দ্বাৰা নিৰ্বাচিত এই মনস্তাত্ত্বিক ভৌতিক থ্ৰিলাৰ ছবিখনে অলপতে কাঁ চলচ্চিত্ৰ মহোৎসৱ ২০২৩ ত প্ৰদৰ্শন হোৱাৰ উপৰিও শেহতীয়াকৈ, সন্মানীয় লিফ্ট-অফ চলচ্চিত্ৰ মহোৎসৱ 2023 ত প্ৰদৰ্শিত হৈ যায় । ইয়াৰ অনন্য কাহিনী, সুন্দৰ পৰিচালনাৰ লগতে শক্তিশালী অভিনয়ৰ বাবে আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।
এই ছবিখনত এজন স্কিজ’ফ্ৰেনিয়াত ভোগা পেছাদাৰী হত্যাকাৰীৰ কাহানী চিত্ৰিত কৰা হৈছে , অতীতত তেওঁৰ সৈতে ঘটা পীড়াদায়ক স্মৃতিৰ বাবেই তেওঁ এজন হত্যাকাৰীৰ ৰূপত পৰিণত হয় ৷ জংঘলত আত্মগোপন কৰি থাকোতে তেওঁ সংঘটিত কৰা পৈশাচিক কাৰ্য-কলাপবোৰ এই মননশীল ছবিখনত উপস্থাপন কৰা হৈছে ।
জে ডি মোচন পিকচাৰ্ছৰ বেনাৰত নিৰ্মিত ‘গিনতী’ (The Countdown) ছবিখন পৰিচালনা কৰিছে এম দুৰ্গা প্ৰসাদে । জয়দীপ গোস্বামীয়ে জে ডি নামেৰে প্ৰায় দহ বছৰ পূৰ্বে টাইমছ মিউজিকে মুক্তি দিয়া ‘দাস্তান’ এলবামৰ জৰিয়তে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল । এলবামটোৰ জনপ্ৰিয় সংগীত ভিডিঅ ‘জী ভাৰ গয়া’ এমটিভি ইণ্ডিজৰ (ভায়াকম 18) দ্বাৰা মুকলি কৰা হৈছিল আৰু পিছলৈ টাইমছ মিউজিকে ইয়াক পুনৰ মুকলি কৰে ।
অতি কম সময়ৰ ভিতৰতে ভাৰতৰ অন্যতম জনপ্ৰিয় মিউজিক গোষ্ঠী টি-ছিৰিজে তেওঁৰ অতি জনপ্ৰিয় একক গীত ‘চোন লে বেখবৰ’ মুকলি কৰে আৰু এই গীতটিয়েই তেওঁৰ কেৰিয়াৰৰ এক টাৰ্নিং পইণ্ট হিচাপে বিবেচিত হয় ।
লকডাউনৰ সময়ছোৱাত তেওঁ এম দুৰ্গা প্ৰসাদৰ সৈতে হোৱা এক সাক্ষাতৰ পিচত তেওঁৰ প্ৰথম ছবি ‘গিনতী’ (The Countdown)ৰ নিৰ্মাণৰ ধাৰণাটো মনলৈ আহিছিল ৷ নিজৰ দৃষ্টিভংগীৰে গোস্বামীয়ে নিৰ্মাণৰ বিভিন্ন পৰ্যায়ত কেৱল আৰ্থিকভাৱেই নহয়, কলাত্মকভাৱেও জড়িত হৈ পৰিছিল । তেওঁ ছবিখনত ব্যৱহৃত প্ৰায় প্ৰতিটো দিশৰ তত্বাৱধান কৰিছিল, সকলো সময়তে তেওঁক কাৰিকৰীভাৱে উদ্ভাৱনীমূলক আৰু মেধাৱী সৃষ্টিশীল দল এটাই সহায় কৰিছিল ।
স্থানীয় জামছেদপুৰৰ শিল্পী আৰু কলা-কুশলীৰ অপৰিসীম সহায় আৰু সহযোগিতাৰে নিৰ্মিত ‘গিনতী’ (দ্য কাউণ্টডাউন)ৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে ‘গেংছ অৱ ৱাছেইপুৰ’ আৰু ‘শ্বেৰনী’খ্যাত সত্যকম আনন্দে আৰু তেওঁক সহযোগ কৰে বিশাল সিং, লাইক খান, শ্বুৰু চৰ্দাৰ, আদিল ইজাজ আদিয়ে । বাপী মুৰ্মুৰ দ্বাৰা সম্পাদিত, ‘গিনতী’ (দ্য কাউণ্টডাউন)ৰ চিত্ৰগ্ৰহণ কৰিছে আখালক মানজাৰে, আনহাতে সংগীত পৰিচালনা আশীষৰ, কলা পৰিচালনা হৰি পদ মুখীৰ ৷
লগতে পঢ়ক: Bastar: আহি আছে বিপুল অমৃতলাল শ্বাহ-সুদীপ্ত সেন বস্তৰ, সত্য কাহিনীৰ আধাৰত নিৰ্মাণ হ’ব ছবিখন