ETV Bharat / entertainment

Jaya Bachchan ignored Kangana Ranaut: Uunchai ৰ বিশেষ প্ৰদৰ্শনীত কংগনা ৰাণাৱটক আওকাণ কৰিলে জয়া বচ্চনে

Uunchai ৰ প্ৰিমিয়াৰত জয়া বচ্চনে বলীউড কুইন কংগনা ৰাণাৱটক সম্পূৰ্ণৰূপে উপেক্ষা কৰে । ভিডিঅ'টো চাওক-

author img

By

Published : Nov 10, 2022, 1:36 PM IST

Uunchai Special Screening
কংগনা ৰাণাৱটক আওকাণ কৰিলে জয়া বচ্চনে

চিটাৰা ডেস্ক, 10 নৱেম্বৰ : বিখ্যাত চলচ্চিত্ৰ নিৰ্মাতা তথা ৰাজশ্ৰী প্ৰডাকচন হাউচৰ স্বত্বাধিকাৰী সূৰজ বৰজাত্যৰ আগন্তুক ছবি ‘Uunchai’ ৰ বিশেষ প্ৰদৰ্শনী অনুষ্ঠিত হৈ যায় । অনুপম খেৰ আৰু সূৰজ বৰজাত্যই ছবিখনৰ প্ৰদৰ্শনীৰ বাবে এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰে, য’ত চলচ্চিত্ৰ জগতৰ তাৰকাসকলে অংশগ্ৰহণ কৰে ।

প্ৰদৰ্শনী অনুষ্ঠানটোত জয়া বচ্চনৰ ব্যৱহাৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে ৷ অভিনেত্ৰী জয়া বচ্চনে এই অনুষ্ঠানত কংগনা ৰানাৱটক সম্পূৰ্ণৰূপে উপেক্ষা কৰা দেখা গ’ল । এই সমগ্ৰ ঘটনাৰ ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । অমিতাভ বচ্চন, অনুপম খেৰ, বোমান ইৰাণী, নীনা গুপ্তাৰ দৰে সুপৰিচিত তাৰকাৰে সজ্জিত Uunchai ছবিখন অহা 11 নৱেম্বৰত মুক্তি পাব ।

ভাইৰেল হোৱা ভিডিঅ’টোত দেখা গৈছে যে হাই মেম বুলি কোৱাৰ পাছতো জয়া বচ্চনে কংগনাক কোনো ধৰণৰ সম্ভাষণ নজনালে । কিন্তু সেইখিনিতে উপস্থিত থকা সকলোকে হাঁহি মাতি মাতবোল কৰা দেখা গৈছে জয়াক । এতিয়া এই ভিডিঅ'টো ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে ।

ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পাছত ইউজাৰৰ প্ৰতিক্ৰিয়াও দেখিবলৈ পোৱা গৈছে । এজন ব্যৱহাৰকাৰীয়ে লিখিছে, ‘জয়াই নিশ্চয়কৈ কংগনাক দেখিছে, কিন্তু তেওঁক লগ পোৱাটো প্ৰয়োজনীয় বুলি নাভাবিলে’। আন এজন ব্যৱহাৰকাৰীয়ে লিখিছে, ‘কংগনাই কিয় আশা কৰিছে যে জয়াই কথা পাতিব, কংগনাই চাগে পাহৰি যায় তেওঁ কি কি কাম কৰিছে’ । উক্ত অনুষ্ঠানত জয়া বচ্চনৰ পুত্ৰ অভিষেক বচ্চনো উপস্থিত আছিল, কিন্তু মাকৰ বিপৰীতে কংগনা ৰাণাৱটক সাৱটি ধৰি উষ্ম আদৰণি জনোৱা দেখা গ’ল অভিষেকক ।

কংগনা ৰাণাৱট নিজৰ নতুন ছবি ‘ইমাৰ্জেন্সী’ৰ কামত ব্যস্ত হৈ আছে । এই ছবিখনত তেওঁ দেশৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ চৰিত্ৰত অভিনয় কৰিব । এই ছবিখনত অনুপম খেৰে সমাজবাদী, তত্ত্ববিদ আৰু নেতা জয়প্ৰকাশ নাৰায়ণৰ চৰিত্ৰত অভিনয় কৰিছে ।

লগতে পঢ়ক : Sunny leone latest news:টেটৰ এডমিট কাৰ্ডত আহিল ছানী লিয়নীৰ ফটো

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.