ETV Bharat / entertainment

Jawan pre-release event LIVE updates: জৱানৰ প্ৰি-ৰিলিজ ইভেণ্টৰ বাবে চেন্নাইত উপস্থিত কিং খান, অনুৰাগীয়ে কিং খানক জনালে উষ্ম আদৰণি

author img

By ETV Bharat Assamese Team

Published : Aug 30, 2023, 7:46 PM IST

চেন্নাইত ইতিমধ্যেই আৰম্ভ হ’ল জৱানৰ প্ৰি-ৰিলিজ ইভেণ্ট । শ্ৰী ছাইৰাম অভিযান্ত্ৰিক মহাবিদ্যালয়ত কিং খানক উষ্ম আদৰণি ৷

Jawan pre-release event LIVE updates: Fans give a rousing welcome to 'King SRK' at airport, stage set for the extravaganza in Chennai
জৱানৰ প্ৰি-ৰিলিজ ইভেণ্ট

চিটাৰা ডেস্ক, 30 আগষ্ট: ছ’চিয়েল মিডিয়াত বৰ্তমান ট্ৰেণ্ডিঙত আছে ছুপাৰষ্টাৰ শ্বাহৰুখ খান আৰু সেয়া হৈছে তেওঁৰ আহিবলগীয়া ছবি জৱানৰ বাবে ৷ পাঠানৰ সফলতাৰ পিচতে এই ছবিখনকো সফল কৰি তুলিবলৈ প্ৰচাৰত ব্যস্ত হৈ পৰিছে অভিনেতাগৰাকী ৷ বিগত কিছুদিন ধৰি অনুৰাগীৰ সৈতে AskSrk ছেছনৰ জৰিয়তে জড়িত হৈ আছিল অভিনেতাগৰাকী ৷ কিন্তু এতিয়া অনুৰাগীৰ সৈতে পোনপটীয়াকৈ জড়িত হ’ব এছ আৰ কে ৷ হয়, শ্বাহৰুখ খানে জৱানৰ প্ৰি-ৰিলিজ ইভেণ্টত অংশগ্ৰহণৰ বাবে তামিলনাডুৰ চেন্নাইত উপস্থিত হৈছে । মঙলবাৰে নিশা বৈষ্ণো দেৱীৰ মন্দিৰ ভ্ৰমণ কৰা অভিনেতাগৰাকীয়ে বুধবাৰে তামিলনাডুত উপস্থিত হয় । চেন্নাই বিমানবন্দৰত অনুৰাগীয়ে আদৰণি জনায় ছুপাৰষ্টাৰগৰাকীক।

চেন্নাইত অনুষ্ঠিত হ’বলগীয়া জৱানৰ প্ৰি-ৰিলিজ ইভেণ্টত ইতিমধ্যেই উপস্থিত হ’ল শ্বাহৰুখ খান । শ্ৰী ছাইৰাম অভিযান্ত্ৰিক মহাবিদ্যালয়ত অনুষ্ঠিত হৈছে এই বৃহৎ প্ৰচাৰমূলক অনুষ্ঠান । এই অনুষ্ঠানত আমন্ত্ৰিত অনুৰাগীসকলে ছুপাৰষ্টাৰগৰাকীৰ এটি আভাস পাবলৈ উন্মাদ হৈ পৰিছে ।

কিং খান চেন্নাইত উপস্থিত হোৱাৰ কেইবাটাও ভিডিঅ’ ইতিমধ্যেই ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ক’লা চুট পৰিধান কৰি চেন্নাইত উপস্থিত হৈছে কিং খান । জানিব পৰা মতে ছুপাৰষ্টাৰগৰাকীৰ সৈতে জৱানৰ পৰিচালক এটলীয়েও এই অনুষ্ঠানত যোগদান কৰিব ৷ কেৱল ইমানেই নহয়, এই অনুষ্ঠানটোত বিজয় ছেঠুপতি আৰু নয়ন্তৰাও অংশগ্ৰহণ কৰিব পাৰে বুলি খবৰ পোৱা গৈছে ৷

চেন্নাইত জৱানৰ প্ৰি-ৰিলিজ ইভেণ্ট এটা মিউজিকেল নাইট হোৱাৰ সম্ভাৱনা আছে যিটো এছ আৰ কেৰ নৃত্য প্ৰদৰ্শনৰ দ্বাৰা আৰম্ভ হ’ব ৷ মহাৰাষ্ট্ৰৰ বিডৰ অভিনেতাগৰাকীৰ অনুৰাগীসকলো চেন্নাইত উপস্থিত হৈছে এই প্ৰচাৰ অনুষ্ঠানৰ বাবে । কিং খানৰ অনুৰাগীয়ে এই অনুষ্ঠানটোৰ বাবে বগা টি-চাৰ্ট পৰিধান কৰিছে, য’ত জৱানৰ পোষ্টাৰ ছপা কৰা হৈছে ।

ইভেণ্টৰ অধিকাৰ ছান নেটৱৰ্কে লাভ কৰা বুলি কোৱা হৈছে ৷ যাৰ অৰ্থ হ’ল লাইভ টেলিকাষ্ট নহ’ব যদিও পিচত টেলিভিছনত প্ৰচাৰ কৰা হ’ব ।

লগতে পঢ়ক: Shah Rukh Khan: জৱানৰ প্ৰি-ৰিলিজ ইভেণ্টৰ পূৰ্বে বৈষ্ণো দেৱীৰ আশীৰ্বাদ বিচাৰি মন্দিৰত উপস্থিত শ্বাহৰুখ খানৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.