চিটাৰা ডেস্ক,7 ছেপ্টেম্বৰ: হিন্দী চিনেমাৰ অভিনেতাৰ ভিতৰত শ্বাহৰুখ খান অন্যতম যিয়ে নিজৰ বলিষ্ঠ অভিনয়ৰ বাবে সুপৰিচিত । বৃহস্পতিবাৰে ছবিগৃহত মুক্তি লাভ কৰিলে শ্বাহৰুখৰ আটাইতকৈ প্ৰত্যাশিত ছবি ‘জৱান’।
জৱান ছবিখনত এনে এগৰাকী অভিনেত্ৰী কিং খানৰ সৈতে উপস্থিত আছে, যাৰ লগত শ্বাহৰুখৰ প্ৰতিখন ছবি হিট হয় । শ্বাহৰুখৰ লাকী চাৰ্ম অভিনেত্ৰী আন কোনো নহয় বি-টাউনৰ ছুপাৰষ্টাৰ দীপিকা পাডুকন । দীপিকা আৰু শ্বাহৰুখে একেলগে কিমানখন হিট ছবি দৰ্শকক উপহাৰ দিছে জানো আহক এই প্ৰতিবেদনত ।
ওম শান্তি ওম (Om Shanti Om-2007)
চলচ্চিত্ৰ নিৰ্মাতা তথা জনপ্ৰিয় নৃত্য পৰিচালক ফাৰাহ খানৰ পৰিচালনাত নিৰ্মিত ‘ওম শান্তি ওম’ ছবিৰ জৰিয়তে হিন্দী চিনেমাত আত্মপ্ৰকাশ কৰে দীপিকা পাডুকনে । বিশেষ কথাটো হ’ল দীপিকাই প্ৰথমখন ছবিতে বলীউডৰ কিং শ্বাহৰুখ খানৰ সৈতে পৰ্দা শ্বেয়াৰ কৰাৰ সোণালী সুযোগ লাভ কৰিছিল ।
এই ছবিখনত শ্বাহৰুখ আৰু দীপিকাৰ যুটিৰ মাজত আচৰিত ধৰণৰ কেমেষ্ট্ৰী দেখা পোৱা গৈছিল, যাৰ বাবে ওম শান্তি ওম ছুপাৰহিট বুলি প্ৰমাণিত হৈছিল ।
চেন্নাই এক্সপ্ৰেছ (Chennai Express-2013)
2013 চনত শ্বাহৰুখ খান আৰু দীপিকা পাডুকনৰ যুটিয়ে পৰিচালক ৰোহিত শ্বেট্টীৰ ছবি ‘চেন্নাই এক্সপ্ৰেছ’ৰ জৰিয়তে দ্বিতীয়বাৰৰ বাবে ডাঙৰ পৰ্দালৈ উভতি আহিছিল । এই ছবিখনত দীপিকা পাডুকন আৰু শ্বাহৰুখে মীনাম্মা আৰু ৰাহুলৰ চৰিত্ৰত উৎকৃষ্ট অভিনয়ৰ উদাহৰণ দাঙি ধৰিছে। চেন্নাই এক্সপ্ৰেছ বক্স অফিচত ব্লকবাষ্টাৰ হিচাপে প্ৰমাণিত হৈছিল ।
হেপ্পী নিউ ইয়েৰ (Happy New Year-2014)
‘ওম শান্তি ওম’ৰ সফলতাৰ পিচত ফাৰাহ খানে শ্বাহৰুখ খান আৰু দীপিকা পাডুকনক পুনৰবাৰ আন এখন ছবিত কাষ্ট কৰে আৰু সেই ছবিখন হৈছে ‘হেপি নিউ ইয়েৰ’ ৷ এইখন আছিল শ্বাহৰুখ আৰু দীপিকাৰ একেলগে তৃতীয়খন ছবি । 2014 চনত দীপাৱলী উপলক্ষে মুক্তি পোৱা শ্বাহৰুখ আৰু দীপিকাৰ হেপি নিউ ইয়েৰে দৰ্শকৰ মৰম লাভ কৰিছিল আৰু এই চিনেমাখনো ছুপাৰহিট হৈছিল ।
পাঠান (Pathaan-2023)
চলিত বৰ্ষৰ গণৰাজ্য দিৱস উপলক্ষে মুক্তি পোৱা শ্বাহৰুখ খান আৰু দীপিকা পাডুকনৰ চোৰাংচোৱা থ্ৰিলাৰ ‘পাঠান’ তেওঁলোকৰ কেৰিয়াৰৰ সৰ্বাধিক উপাৰ্জনকাৰী ছবি । পৰিচালক সিদ্ধাৰ্থ আনন্দৰ পৰিচালনাত শ্বাহৰুখ আৰু দীপিকাৰ একচন ছিকুৱেন্স দেখা গৈছিল, যিবোৰ দৰ্শকে ভাল পাইছিল । এনে পৰিস্থিতিত পাঠান শ্বাহৰুখ আৰু দীপিকাৰ একেলগে চতুৰ্থখন চিনেমা হিচাপে পৰিগণিত হয় ।
‘পাঠান’ৰ পিচত শ্বাহৰুখ খান আৰু দীপিকা পাডুকনৰ যুটিয়ে ‘জৱান’ত একেলগে অভিনয় কৰিছে । যদিও পৰিচালক এটলীৰ এই চিনেমাখনত দীপিকা কেমিঅ’ ৰ’লত উপস্থিত আছে, কিন্তু শ্বাহৰুখ খানৰ লাকী চাৰ্ম হিচাপে অভিনেত্ৰীগৰাকীৰ সামান্য উপস্থিতিয়ে তেওঁৰ বাবে লাভজনক চুক্তি হিচাপে প্ৰমাণিত হৈছে । কিয়নো ছবিখনে প্ৰথম দিনাই ভাৰততে 75 কোটি টকা সংগ্ৰহ কৰিছে আৰু সমগ্ৰ বিশ্বজুৰি 120 কোটি টকা উপাৰ্জন কৰিছে ৷