ETV Bharat / entertainment

Jawan box office collection day 5: কিমান হ’ল পঞ্চম দিনত জৱানৰ বক্স অফিচ সংগ্ৰহ ? - জৱানৰ বক্স অফিচ সংগ্ৰহ

শ্বাহৰুখ খানৰ বহু প্ৰত্যাশিত ছবি জৱানে মুক্তিৰ পিছৰে পৰা বক্স অফিচত এটাৰ পিচত আনটো অভিলেখ ভংগ কৰিছে । সোমবাৰে ছবিখনে ৩০০ কোটিৰ ক্লাবত প্ৰৱেশ কৰি আন এক মাইলৰ খুঁটি স্পৰ্শ কৰিব পাৰে ৷ সবিশেষ জানিবলৈ পঢ়ক এই প্ৰতিবেদন ৷

Jawan box office collection day 5: Shah Rukh Khan starrer becomes 3rd Hindi film to cross Rs 300 cr mark in 2023
৩০০ কোটি টকাৰ ক্লাবত প্ৰৱেশ কৰা ৩য় ছবি হিচাপে অভিলেখ গঢ়িব জৱানে
author img

By ETV Bharat Assamese Team

Published : Sep 11, 2023, 4:32 PM IST

চিটাৰা ডেস্ক, ১১ ছেপ্টেম্বৰ: শ্বাহৰুখ খান আৰু নয়নতৰাৰ অভিনীত ছবি জৱানে দেশ তথা বিদেশতো ভাল ফলাফল দেখুৱাইছে । চতুৰ্থ দিনতো ঘৰুৱা বক্স অফিচত ছবিখনে গঢ়িছে এক নতুন অভিলেখ ৷ প্ৰথম দেওবাৰ অৰ্থাৎ চতুৰ্থ দিনা জৱানে ৮০ কোটি টকা উপাৰ্জন কৰি হিন্দী চিনেমাৰ ইতিহাসত অভিলেখ গঢ়িবলৈ সক্ষম হৈছে ৷ ইণ্ডাষ্ট্ৰী ট্ৰেকাৰ সাকনিল্কিৰ মতে, ছবিখনে এতিয়া পঞ্চম দিনত ৩০০ কোটিৰ ক্লাবত প্ৰৱেশ কৰাৰ সম্ভাৱনা আছে ।

সাকনিল্কিৰ প্ৰতিবেদনৰ পৰা পোৱা প্ৰাৰম্ভিক হিচাপ অনুসৰি চতুৰ্থ দিনত ছবিখনে ৮০.৫ কোটি টকা সংগ্ৰহ কৰাৰ পিচত পঞ্চম দিনটোত জৱানে ৩০ কোটি টকা উপাৰ্জন কৰিব বুলি কোৱা হৈছে। কিন্তু প্ৰথম দিনাই ভাৰততে ৭৫ কোটি টকা উপাৰ্জন কৰা প্ৰথমখন হিন্দী ছবি হিচাপে ইতিহাস ৰচনা কৰিছে ৷

ইফালে দ্বিতীয় দিনা ৫৩.২৩ কোটি টকা, তৃতীয় দিনা ৭৭.৮৩ কোটি টকা আৰু চতুৰ্থ দিনা ৮০.৫ কোটি টকা সংগ্ৰহ কৰি বক্স অফিচত অব্যাহত ৰাখিছে নিজৰ আধিপত্য । প্ৰাৰম্ভিক হিচাপ অনুসৰি যদি ছবিখনে পঞ্চম দিনত ৩০ কোটি টকা উপাৰ্জন কৰে তেন্তে ভাৰতীয় বক্স অফিচত ছবিখনৰ মুঠ উপাৰ্জন ৩১৬.৫৬ কোটি টকালৈ বৃদ্ধি পাব। ইয়াৰ জৰিয়তে জৱানে পাঠান আৰু গদৰ ২ৰ পিচত ২০২৩ চনত পঞ্চম দিনতে ৩০০ কোটিৰ ক্লাবত প্ৰৱেশ কৰা তৃতীয়খন হিন্দী ছবি হিচাপে অভিলেখ গঢ়িব ।

  • " class="align-text-top noRightClick twitterSection" data="">

উল্লেখ্য যে, শ্বাহৰুখ খান আৰু গৌৰী খানৰ প্ৰডাকচন হাউচ ৰেড চিলিজ এণ্টাৰটেইনমেণ্টৰ বেনাৰত প্ৰযোজনা কৰা ‘জৱান’ ছবিখন পৰিচালনা কৰিছে তামিল ছবি নিৰ্মাতা এটলীয়ে। ‘জৱান’ৰ কাহিনীৰ কথা ক’বলৈ গ’লে ই সামাজিক আৰু ৰাজনৈতিক বিষয়ৰ ওপৰত নিৰ্মিত পিতৃ-পুত্ৰৰ কাহিনী ।

শ্বাহৰুখ খানৰ অভিনীত ছবিখনে দৰ্শকে অতিকৈয়ে পছন্দ কৰিছে । শ্বাহৰুখৰ বাহিৰেও এই ছবিখনত দেখা গৈছে দক্ষিণৰ অভিনেত্ৰী নয়নতৰা আৰু বিজয় সেতুপথিক । এই ছবিখনৰ জৰিয়তে এটলীয়ে বলীউডত আত্মপ্ৰকাশ কৰাৰ বিপৰীতে এটলীয়ে, নয়নতৰা আৰু বিজয় সেতুপথিয়ে প্ৰথমবাৰৰ বাবে শ্বাহৰুখৰ সৈতে কাম কৰে । ছবিখনত অভিনয় কৰিছে সঞ্জয় দত্ত, দীপিকা পাডুকন, সান্যা মালহোত্ৰা, ৰিদ্ধি ডোগ্ৰা, প্ৰিয়মণি, সুনীল গ্ৰ’ভাৰ আৰু যোগী বাবুৱে ।

লগতে পঢ়ক: Jawan box office day 4: দেওবাৰৰ উপাৰ্জনে ভংগ কৰিব পাৰে সকলো অভিলেখ, জানি লওক জৱানৰ চতুৰ্থ দিনৰ মুঠ সংগ্ৰহ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.