চিটাৰা ডেস্ক, 27 ছেপ্টেম্বৰ: ৭ ছেপ্টেম্বৰত ছবিগৃহত মুক্তি লাভ কৰিছিল বলীউডৰ কিং শ্বাহৰুখ খানৰ বহু প্ৰত্যাশিত ছবি ‘জৱান’। প্ৰথম দুসপ্তাহত এই ছবিখনে বক্স অফিচত বিপুল ধন সংগ্ৰহ কৰিছিল আৰু অতি সোনকালেই ৫০০ কোটি টকাৰ ক্লাবত যোগদান কৰে ছবিখন । কিন্তু এতিয়া ছবিখনৰ সংকলন কিছু হ্ৰাস পাইছে । মুক্তিৰ ২১ দিনত ছবিখনে কিমান উপাৰ্জন কৰিছে জানিবলৈ পঢ়ক এই প্ৰতিবেদন ৷
মুক্তিৰ ২১ দিনত বক্স অফিচত ছবিখনে কিমান উপাৰ্জন কৰিছে ?
ছেকনিল্কৰ প্ৰতিবেদন অনুসৰি প্ৰথম দিনাই ৭৫ কোটি টকাৰে বৃহৎ ধনেৰে বক্স অফিচত খাতা খুলিছিল জৱানে ৷ অৱশ্যে ছবিখনে মুক্তিৰ ২১ দিনত অৰ্থাৎ বুধবাৰৰ দিনটোত সকলো ভাষাতে মাত্ৰ ৫ কোটি টকাহে উপাৰ্জন কৰিব বুলি ছেকনিল্কৰ প্ৰতিবেদনত প্ৰকাশ পাইছে । যদি এনে হয় ঘৰুৱা বক্স অফিচত ছবিখনৰ মুঠ সংগ্ৰহ হ’বগৈ প্ৰায় ৫৭৬ কোটি । মঙলবাৰে ছবিখনে বক্স অফিচত ৫.১৪ কোটি টকা উপাৰ্জন কৰিছিল । ছবিখনৰ সন্দৰ্ভত ওলাই অহা এই সংখ্যাবোৰলৈ চালে অনুমান কৰিব পাৰি যে এতিয়া ৰাইজৰ মাজত ‘জৱান’ৰ উন্মাদনা কমিবলৈ ধৰিছে । এনে পৰিস্থিতিত ছবিখনে ৬০০ কোটি টকাৰ সীমা অতিক্ৰম কৰাটো অলপ কঠিন যেন লাগে । অৱশ্যে ছবিখনে বিশ্বব্যাপি এই পৰ্যন্ত ১০০৪.৯২ কোটি টকা সংগ্ৰহ কৰিছে ৷
শ্বাহৰুখৰ উপৰিও এই তাৰকাসকলক দেখা গৈছিল ছবিখনত
শ্বাহৰুখ খানৰ এই ছবিখন নিৰ্মাণ কৰিছে দক্ষিণৰ চিনেমাৰ জনপ্ৰিয় চলচ্চিত্ৰ নিৰ্মাতা এটলী কুমাৰে । প্ৰথমবাৰৰ বাবে শ্বাহৰুখৰ সৈতে এই ছবিৰ জৰিয়তে কাম কৰিছে এটলীয়ে । কিং খানৰ উপৰিও দক্ষিণৰ লেডী ছুপাৰষ্টাৰ নয়নতৰা আৰু অভিনেতা বিজয় সেতুপথিকো ছবিখনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা দেখা গৈছে । ইয়াৰ সমান্তৰালকৈ দীপিকা পাডুকনৰো ছবিখনত এক বিশেষ কেমিঅ’ আছিল । ইয়াৰ উপৰিও সান্যা মালহোত্ৰা, প্ৰিয়মণি, গিৰিজা অ’ক, সঞ্জীতা ভট্টাচাৰ্য, লহৰ খান, আলিয়া কুৰেশী, ৰিধি ডোগ্ৰা আৰু সুনীল গ্ৰ’ভাৰকো ছবিখনত দেখা গৈছে ।
- " class="align-text-top noRightClick twitterSection" data="">
শ্বাহৰুখ খানৰ ৱৰ্কফ্ৰন্ট
কিং খানৰ ৱৰ্ক ফ্ৰণ্টৰ কথা ক’বলৈ গ’লে ‘জৱান’ৰ পিচত শ্বাহৰুখ খানক দেখা যাব ‘ডংকি’ ছবিখনত । এই ছবিখনত অভিনেতাগৰাকীৰ সৈতে দেখা যাব তাপসী পান্নুক । দুয়োৰে এই ছবিখন চলিত বৰ্ষৰ বৰদিন উপলক্ষে মুক্তি পাব । কিং খানৰ ব্লকবাষ্টাৰ হিট ছবি পাঠান আৰু জৱানৰ পিচত এতিয়া অনুৰাগীসকলে আগ্ৰহেৰে অপেক্ষা কৰি আছে ‘ডংকি’ৰ বাবে ।
লগতে পঢ়ক: Jawan Worldwide Collection: জৱানৰ এই পৰ্যন্তৰ বক্স অফিচৰ সংগ্ৰহ জানি লওক