ETV Bharat / entertainment

Jawan Advance Booking: ভাৰতত ১৫ মিনিটত বিক্ৰী হৈ গ’ল জৱানৰ টিকট; ক’ত মুকলি হৈছে এডভান্স বুকিং ?

author img

By ETV Bharat Assamese Team

Published : Aug 27, 2023, 4:54 PM IST

শ্বাহৰুখ খানৰ আগন্তুক ছবি জৱানৰ এডভান্স বুকিং আৰম্ভ হৈছে । খবৰ অনুসৰি এডভান্স বুকিং আৰম্ভ হোৱাৰ মাত্ৰ কেইমিনিটমান পিচতে সকলো টিকট বিক্ৰী হৈ গ’ল ।

Jawan Advance Booking Shah rukh khan upcoming film Tickets gets sold out within 15 minutes in India
শ্বাহৰুখ খানৰ আগন্তুক ছবি জৱানৰ এডভান্স বুকিং আৰম্ভ হৈছে

চিটাৰা ডেস্ক, 27 আগষ্ট: বলীউডৰ কিং খানে দীৰ্ঘ সময় বিৰতিৰ অন্ততঃ পুনৰ ডাঙৰ পৰ্দালৈ ঘূৰি আহিছিল পাঠান ছবিখনৰ জৰিয়তে ৷ ছবিখন মুক্তি পোৱাৰ লগে লগে বক্স অফিচত বছৰটোৰ সবাতোকৈ ব্লকবাষ্টাৰ ছবি হিচাপে পৰিগণিত হৈছিল ৷ এই ছবিখনৰ পিচতে কিং খানক লৈ অনুৰাগীৰ মাজত আৰু অধিক বৃদ্ধি পাইছে উন্মাদনা ৷ এতিয়া কিং খানৰ আন এখন মেগা বাজেটৰ ছবি মুক্তিৰ পথত ৷

এতিয়া শ্বাহৰুখ খানৰ ছবি ‘জৱান’ক লৈ অনুৰাগীৰ উন্মাদনা তুংগত উঠিছে । অহা ৭ ছেপ্টেম্বৰত ছবিগৃহত মুক্তি পাব এই ছবিখন । ইফালে কিছুমান ছবিগৃহত ছবিখনৰ আগতীয়া বুকিং আৰম্ভ হৈছে, যিয়ে প্ৰচণ্ড সঁহাৰি লাভ কৰে । হয়, কেইমিনিটমানৰ ভিতৰতে ‘জৱান’ৰ এডভান্স বুকিং টিকট বিক্ৰী হৈ গ’ল ।

ইতিমধ্যে আমেৰিকা, সংযুক্ত আৰব আমিৰাত (ইউ এ ই), অষ্ট্ৰেলিয়া, চৌদি আৰব আৰু জাৰ্মানী আদি আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰত ‘জৱান’ৰ অগ্ৰিম বুকিং মুকলি কৰা হৈছে । ভাৰতত মুম্বাইৰ কেইটামান চেণ্টাৰতহে এডভান্স বুকিং আৰম্ভ হৈছে । অনুৰাগীয়ে টিকট ক্ৰয় কৰিবলৈ এক মুহূৰ্তও অপেক্ষা নকৰিলে । আপুনি জানি আচৰিত হ’ব যে থানেত দৰ্শকে ১১০০ টকা পৰ্যন্ত মূল্যৰ টিকট ক্ৰয় কৰিছে । ১৫ মিনিটৰ ভিতৰত আগতীয়াকৈ বুকিং কৰি ‘জৱান’ৰ টিকট সকলো বিক্ৰী হৈ গ’ল ।

উল্লেখ্য যে, ২০২৩ চনৰ ৭ ছেপ্টেম্বৰত তিনিটা ভাষা হিন্দী, তামিল আৰু তেলেগুত সমগ্ৰ বিশ্বৰ চিনেমা হলত মুক্তি পাব ‘জৱান’। কিং খানৰ উপৰিও টলীউডৰ তাৰকা বিজয় ছেঠুপতি, অভিনেত্ৰী নয়ন্তৰা, সন্যা মালহোত্ৰা আৰু প্ৰিয়মণিক দেখা যাব ছবিখনত । ছবিখনত দীপিকা পাডুকনক কেমিঅ’ৰ’লতো দেখা যাব।

এই ছবিখনক বাণিজ্যিক মনোৰঞ্জনমূলক ছবি হিচাপে বিবেচনা কৰা হৈছে । মন কৰিবলগীয়া বিষয় যে ছবিখনত কিং খানক দুটা বা তিনিটা নহয় পাঁচটা ৰূপত অভিনয় কৰা দেখা যায় ৷ ছবিখনৰ শ্বুটিঙৰ কথা ক’বলৈ গ’লে মুম্বাই, পুনে, হায়দৰাবাদ, চেন্নাই, ৰাজস্থান আৰু ঔৰংগাবাদত শ্বুটিং কৰা হৈছে।

লগতে পঢ়ক: Shah Rukh Khan: ‘ট্ৰেইলাৰ নেহি আয়েগা তো পিকচাৰ নেহি দেখোগে ক্যা’ ? অনুৰাগীৰ প্ৰশ্নৰ কিয় এনেদৰে উত্তৰ দিলে শ্বাহৰুখে!

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.