ETV Bharat / entertainment

Avatar 2 teaser: অৱশেষত মুক্তি লাভ কৰিলে বহু প্ৰতীক্ষিত ছবি ‘অৱতাৰ-2ৰ টিজাৰ - অৱতাৰ দ্য় ৱে অৱ্ ৱাটাৰ ট্ৰেইলাৰ

জেমছ্ কেমেৰুণৰ পৰিচালিত ‘অৱতাৰ:দ্য় ৱে অৱ্ ৱাটাৰ’ৰ টিজাৰ মুকলি কৰা হৈছে (Avatar 2 trailer) ৷ টুৱেণ্টিথ্ চেঞ্চুৰী ষ্টুডিঅ’জৰ এই বহু প্ৰতীক্ষিত ছবিখন চলিত বৰ্ৰষৰ ১৬ ডিচেম্বৰত ইংৰাজী, হিন্দী, তামিল, তেলেগু, কানাড়া আৰু মালায়ালম ভাষাত মুক্তি লাভ কৰিব (Avatar 2 release date)।

Avatar 2 trailer
বহু প্ৰতীক্ষিত ‘অৱতাৰ:দ্য় ৱে অৱ্ ৱাটাৰ’ৰ মুকলি হ’ল টিজাৰ
author img

By

Published : May 10, 2022, 11:53 AM IST

চিটাৰা ডেস্ক, 10 মে’: বিশ্বজুৰি দৰ্শকৰ ব্যাপক সঁহাৰি লাভ কৰা হলীউড ছবি 'অৱতাৰ-2' মুক্তিৰ বাবে সাজু ৷ চলিত বৰ্ষৰ ১৬ ডিচেম্বৰত মুক্তি লাভ কৰিব ছবিখনে ৷ সোমবাৰে মুক্তি লাভ কৰে ‘অৱতাৰ:দ্য় ৱে অৱ্ ৱাটাৰ’ৰ টিজাৰ(Avatar 2 trailer) ৷ জেমছ্ কেমেৰুণৰ পৰিচালনাত নিৰ্মিত এই ছবিখন ইংৰাজীৰ লগতে হিন্দী, তামিল, তেলেগু, কানাড়া আৰু মালায়ালম ভাষাত মুক্তি দিয়া হ'ব (Avatar 2 release date) ।

বহু বিলম্বনৰ পাছত অৱশেষত সোমবাৰে বহু প্ৰতীক্ষিত ছবিখনৰ টিজাৰটো মুৃকলি হোৱাৰ লগে লগে দৰ্শকৰ বিপুল সমাদৰ লাভ কৰা পৰিলক্ষিত হৈছে ৷ টুৱেণ্টিথ চেঞ্চুৰী ষ্টুডিঅ'য়ে মুকলি কৰে টিজাৰটো (Avatar 2 teaser ) । সৰ্বাধিক উপাৰ্জন কৰা এই চলচ্চিত্ৰখনৰ পিছৰটো খণ্ডৰ টিজাৰ ইতিমধ্যেই বিশেষভাৱে ছবিগৃহত প্ৰদৰ্শিত কৰা হৈছিল ।

অৱতাৰৰ এই দ্বিতীয় খণ্ড ‘অৱতাৰ: দ্য ৱে অফ ৱাটাৰ'ত জেক, নেইতিৰি আৰু তেওঁলোকৰ সন্তানক লৈ কাহিনীভাগ আগবাঢ়িছে ৷ তেওঁলোকক খেদি ফুৰা সমস্যাবোৰ, সেই সমস্যাবোৰৰ পৰা এজনে আনজনক সুৰক্ষিত কৰিবলৈ কৰা প্ৰচেষ্টাবোৰ, জীয়াই থাকিবলৈ কৰিবলগীয়া হোৱা যুঁজ আৰু এই জীৱন যুঁজৰ সংগ্ৰামত তেওঁলোকে সহ্য কৰিবলগীয়া হোৱা ঘটনাবোৰৰ কাহিনী বৰ্ণনা কৰা হৈছে ।

প্ৰায় ডেৰ মিনিট দৈৰ্ঘ্যৰ টিজাৰটোত পাণ্ডোৰাৰ আকৰ্ষণীয় দৃশ্য, আলফা চেণ্টাউৰী প্ৰণালীৰ পৃথিৱীসদৃশ অতিৰিক্ত সৌৰ চন্দ্ৰ দেখুওৱা হৈছে যাক প্ৰথমে মূল চলচ্চিত্ৰখনত দেখুওৱা হৈছিল (Avatar 2 budget) । এই ক্লিপটোত পাণ্ডোৰাক আগৰ দৰেই আকৰ্ষণীয় ৰূপত দেখা গৈছে ৷ কেমেৰুণে এইবাৰ দৰ্শকসকলক পানীৰ জগতলৈ লৈ যোৱাৰ লগতে পৃথিৱীখন অধিক আকৰ্ষণীয়ভাৱে দৃশ্যমান কৰিছে ৷

অৱতাৰ: দ্য ৱে অফ ৱাটাৰ'ত জো চালডানা, ছেম ৱৰ্থিংটন, চিগাৰ্নি ৱিভাৰ, ষ্টিফেন লেং, ক্লিফ কাৰ্টিছ, জোৱেল ডেভিড মূৰে, চিচিএইচ পাউণ্ডাৰ, এডি ফাল্কো, জেমিন ক্লেমেণ্ট আৰু কেট উইন্সলেটক দেখিবলৈ পোৱা যাব (Avatar 2 cast) ।

লগতে পঢ়ক: লক আপ ৰিয়েলিটী শ্ব’টোৰ সফল সমাপ্তিত টিভিজগতৰ পৰা বলীউড তাৰকালৈকে সকলোৱে কৰিলে পাৰ্টী-চাওক ফটো

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.