চিটাৰা ডেস্ক, ৭ ছেপ্টেম্বৰ: শেহতীয়াকৈ ৰজনীকান্তৰ সৈতে ‘জেইলাৰ’ ছবিত কাম কৰা তামিল অভিনেতা-পৰিচালক জি মৰিমুথু আৰু নাই । খবৰ অনুসৰি ৮ ছেপ্টেম্বৰত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুক সাবটি লয় অভিনেতাগৰাকীয়ে । মৰিমুথুৰ আকস্মিক মৃত্যুত শোকস্তব্ধ হৈ পৰিছে দক্ষিণ ছবিজগত । ৫৮ বছৰ বয়সত টিভি শ্ব’ৰ ডাবিং কৰি থাকোঁতেই হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয় ।
খবৰ অনুসৰি শুকুৰবাৰে পুৱা প্ৰায় ৮:৩০ বজাত তেওঁৰ টিভি শ্ব’ Ethir Neechal ৰ ডাবিং কৰি থকা অৱস্থাতে হঠাৎ তেওঁ অচেতন হৈ পৰে। লগে লগে তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে । জি মৰিমুথুৱে মৃত্যুৰ সময়ত পত্নী আৰু দুটি সন্তানক ইহ সংহাৰত এৰি থৈ যায়।
-
SHOCKING : Popular Tamil Character Actor #Marimuthu passed away this morning due to cardiac arrest..
— Ramesh Bala (@rameshlaus) September 8, 2023 " class="align-text-top noRightClick twitterSection" data="
Recently, he developed a huge fan following for his TV Serial dialogues..
May his soul RIP! pic.twitter.com/fbHlhSesIy
">SHOCKING : Popular Tamil Character Actor #Marimuthu passed away this morning due to cardiac arrest..
— Ramesh Bala (@rameshlaus) September 8, 2023
Recently, he developed a huge fan following for his TV Serial dialogues..
May his soul RIP! pic.twitter.com/fbHlhSesIySHOCKING : Popular Tamil Character Actor #Marimuthu passed away this morning due to cardiac arrest..
— Ramesh Bala (@rameshlaus) September 8, 2023
Recently, he developed a huge fan following for his TV Serial dialogues..
May his soul RIP! pic.twitter.com/fbHlhSesIy
জি মৰিমুথু আছিল এজন অভিনেতা আৰু এজন উৎকৃষ্ট পৰিচালক। সহকাৰী পৰিচালক হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল । ১৯৯৯ চনত মুকলি হোৱা ‘ৱালি’ ছবিখনত তেওঁক প্ৰথম সহযোগী অভিনেতা হিচাপে দেখা গৈছিল। ইয়াৰ পিচত তেওঁ বহু ছবিত কাম কৰিছিল । শেহতীয়াকৈ তেওঁক ৰজনীকান্তৰ ছুপাৰহিট ছবি ‘জেইলাৰ’ত দেখা গৈছিল। ইয়াৰ উপৰিও মৰিমুথুৱে ধনুষ আৰু ছাৰা আলী খানৰ ছবি ‘আত্ৰাংগী ৰে’তো কাম কৰিছিল ।
-
G Marimuthu who was recently seen in #Jailer movie passes away due to heart attack.
— Manobala Vijayabalan (@ManobalaV) September 8, 2023 " class="align-text-top noRightClick twitterSection" data="
||#Marimuthu|#RIPMarimuthu|| pic.twitter.com/H8jVxCzdCd
">G Marimuthu who was recently seen in #Jailer movie passes away due to heart attack.
— Manobala Vijayabalan (@ManobalaV) September 8, 2023
||#Marimuthu|#RIPMarimuthu|| pic.twitter.com/H8jVxCzdCdG Marimuthu who was recently seen in #Jailer movie passes away due to heart attack.
— Manobala Vijayabalan (@ManobalaV) September 8, 2023
||#Marimuthu|#RIPMarimuthu|| pic.twitter.com/H8jVxCzdCd
দক্ষিণ উদ্যোগৰ সৈতে জড়িত বহু লোকে তেওঁক শ্ৰদ্ধাঞ্জলি জনোৱা পৰিলক্ষিত হৈছে । চলচ্চিত্ৰ জগতৰ ট্ৰেকাৰ মনোবালা বিজয়াবালনে মৰিমুথুৰ মৃত্যুৰ খবৰ শ্বেয়াৰ কৰি শোক প্ৰকাশ কৰিছে । তেওঁ লিখিছে, “শেহতীয়াকৈ ‘জেইলাৰ’ চিনেমাত দেখা পোৱা জি মৰিমুথু হৃদৰোগত আক্ৰান্ত হৈ শেষ নিশ্বাস ত্যাগ কৰিছে।”
মৰিমুথুৰ কেৰিয়াৰ
উল্লেখ্য যে জি মৰিমুথুৱে তেওঁৰ টিভি শ্ব’ Ethir Neechal ৰ জৰিয়তে অতি জনপ্ৰিয় হৈ পৰিছিল। টিভি ধাৰাবাহিক অদিমুথু গুনাছেকৰন চৰিত্ৰৰ বাবেই তেওঁ ঘৰুৱা নাম হৈ পৰিছিল । টিভি শ্ব’টোত তেওঁৰ জনপ্ৰিয় সংলাপ আছিল ‘হেই, ইন্দম্মা’ ৷ ইফালে ১৯৯৯ চনত অজিত কুমাৰৰ ভেলী ছবিত সহযোগী চৰিত্ৰত জৰিয়তে ছবিজগতত নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল । ইয়াৰ পিচত, পৰিচালক বসন্তৰ অধীনত আছিত সহকাৰী পৰিচালক হিচাপে কাম কৰে । ছবিখনত অজিত, সুৱলক্ষ্মী আৰু প্ৰকাশ ৰাজে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল ।
২০০৮ চনত মৰিমুথুৱে প্ৰসন্ন আৰু উদয়থাৰাৰ অভিনীত কান্নুম কান্নুম ছবিৰে পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰে । এই ছবিখন কেৱল তেওঁ পৰিচালনা কৰাই নহয় ছবিখনৰ চিত্ৰনাট্য আৰু সংলাপো তেওঁৰে আছিল । অৱশ্যে পৰিচালনাৰ পৰা দীৰ্ঘদিনীয়া বিৰতি লৈ ২০১৪ চনত পুলিৱাল ছবিৰে কামবেক কৰিছিল ।
মৰিমুথুৰ অভিনয় কেৰিয়াৰৰ কথা ক’বলৈ গ’লে তেওঁ বহু সহযোগী চৰিত্ৰত অভিনয় কৰি জনপ্ৰিয়তা লাভ কৰিছিল। ইয়াৰ ভিতৰত যুধম ছেই (২০১১), কোডি (২০১৬), বৈৰভা (২০১৭), কদৈকুট্টী চিংগম (২০১৮), শিৱৰঞ্জিনিয়াম ইননুম চিলা পেংগালম (২০২১) আৰু হিন্দী ছবি আত্ৰাংগী ৰে (২০২১) আদি।
লগতে পঢ়ক: Rinku Singh on Jawan: জৱান চালে ক্ৰিকেটাৰ ৰিংকু সিঙে, ছবি শ্বেয়াৰ কৰি কিং খানৰ বিষয়ে ক’লে এই কথা