ETV Bharat / entertainment

Nora Fatehi fifa: ফিফা ফেনফেষ্টত হাতত ৰাষ্ট্ৰীয় পতাকা লৈ নোৰাই চিঞৰিলে "জয় হিন্দ"

FIFA WORLD CUP 2022: ফিফা বিশ্বকাপত ভাৰতৰ নাম নাথাকিব পাৰে, কিন্তু কাটাৰত অনুষ্ঠিত হোৱা এই বিশ্বকাপত বলীউডৰ নৃত্যশিল্পী নোৰা ফাতেহীয়ে অংশ গ্ৰহণ কৰি ভাৰতক প্ৰতিনিধিত্ব কৰিছে ৷ ফিফাৰ মঞ্চত হাতত পতাকা লৈ "জয় হিন্দ" বুলি উল্লাসেৰে চিঞৰে তাৰকা গৰাকীয়ে । গৌৰৱেৰে বুকু প্ৰসাৰিত কৰা এই ভিডিঅ'টো চাওক-

author img

By

Published : Dec 1, 2022, 7:08 PM IST

Nora Fatehi
ৰাষ্ট্ৰীয় পতাকালৈ নোৰাই চিঞৰিলে জয় হিন্দ

চিটাৰা ডেস্ক, 1 ডিচেম্বৰ : বৰ্তমান সমগ্ৰ বিশ্বৰ মানুহে মধ্যপ্ৰাচ্যৰ দেশ কাটাৰত অনুষ্ঠিত হৈ থকা 22 সংখ্যক ফিফা বিশ্বকাপ 2022 উপভোগ কৰি আছে । ভাৰতৰ দৃষ্টিকোণৰ পৰা এই বিশ্বকাপ বিশেষ কাৰণ বলীউডৰ বিখ্যাত নৃত্যশিল্পী তথা অভিনেত্ৰী নোৰা ফাতেহীক ইয়ালৈ অতিথি হিচাপে নিমন্ত্ৰণ কৰা হৈছে (Nora Fatehi fifa) । দৰাচলতে ফিফা বিশ্বকাপ 2022ৰ গীত ‘লাইট দ্য স্কাই’ত ফিফা ফেনফেষ্টত কণ্ঠদান কৰিবলৈ নিৰ্বাচিত হৈছে নোৰা ফাতেহীক । শেহতীয়াকৈ নোৰাই ফিফা ৱৰ্ল্ড ফেন ফেষ্টিভেলত নিজৰ নৃত্যৰে সকলোকে উন্মাদ কৰি তোলে ৷ ফিফাৰ মঞ্চত পতাকা উত্তোলন কৰি ভাৰতীয়সকলক গৌৰৱান্বিত কৰি তোলে তাৰকাগৰাকীয়ে ৷ নেটিজেনে নোৰাৰ এই কাৰ্য খুব ভাল পাইছে ৷ সমগ্ৰ দেশতে তেওঁক প্ৰশংসা কৰা হৈছে ।

ফিফা ৱৰ্ল্ড ফেন ফেষ্টিভেলত দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰে মৰক্কো-কানাডিয়ান মডেল আৰু বলীউডৰ অভিনেত্ৰী নোৰা ফাতেহীয়ে । ইয়াত নোৰাই ফুটবল খেল প্ৰেমীসকলক তীব্ৰ মনোৰঞ্জন দিয়ে ৷ মঞ্চত থকাৰ সময়চোৱাত নোৰাই দেশৰ গৌৰৱ ত্ৰিৰংগা পতাকা হাতত লৈ কাটাৰত উৰুৱাই জয় হিন্দ বুলি উল্লাসেৰে চিঞৰি উঠে । তাত উপস্থিত থকা সকলো দৰ্শকে নোৰাৰ সমান্তৰালকৈ জয় হিন্দ ধ্বনি দিবলৈ আৰম্ভ কৰে । এতিয়া এই ভিডিঅ'টো সামাজিক মাধ্যমত বহুত ভাইৰেল হৈ পৰিছে ।

নোৰা ফাতেহীক প্ৰশংসা কৰা হৈছে

যিয়েই এই ভিডিঅ'টো চাইছে সকলোৱে নোৰাক প্ৰশংসা কৰিছে । এই ভিডিঅ'টোত নোৰাই কোৱা দেখা গৈছে যে, "আমাৰ ভাৰত ফিফা বিশ্বকাপৰ অংশ নহয়, কিন্তু আমাৰ সংগীত, আমাৰ নৃত্য আৰু আমাৰ কলাক সমগ্ৰ বিশ্বতে সন্মান কৰা হয়" । ভাৰতৰ প্ৰতি নোৰাৰ মোহ দেখি সকলোৱে ভাল পাইছে তেওঁক ।

নোৰা ফাতেহীৰ বিষয়ে জানি লওক

30 বছৰীয়া নোৰা ফাতেহী এগৰাকী মৰক্কো-কানাডিয়ান মডেল আৰু 2014 চনত বলীউড ছবি 'ৰোৰ-টাইগাৰ্ছ অফ দ্য সুন্দৰবন'ৰ জৰিয়তে বলীউডত অভিষেক ঘটাইছিল । যোৱা আঠ বছৰত নোৰাই নিজৰ সৌন্দৰ্য্য আৰু নৃত্যৰে বলীউডত নিজৰ স্থান নিশ্চিত কৰিছে । ছলমান খানৰ আটাইতকৈ জনপ্ৰিয় টিভি ৰিয়েলিটী শ্ব’ ‘বিগ বছ-9’ (2015-16)ত অংশগ্ৰহণ কৰিছিল নোৰাই, য’ত মানুহৰ দৃষ্টি আকৰ্ষণ কৰিছিল । হিন্দীৰ উপৰিও নোৰা তামিল, তেলুগু আৰু মালয়ালম চিনেমাতো সক্ৰিয় । নোৰা তেওঁৰ নৃত্যৰ বাবে আটাইতকৈ বিখ্যাত ।

লগতে পঢ়ক : Pathaan New Poster: পাঠানৰ নতুন পোষ্টাৰ শ্বেয়াৰ কৰি শ্বাহৰুখে অনুৰাগীক কি ক’লে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.