ETV Bharat / entertainment

প্ৰিয়ংকা আলিয়াৰ পিছত এইবাৰ হলীউডলৈ বুলি ওলাল জেকলিন

author img

By

Published : Jul 9, 2022, 9:57 PM IST

হলীউডমুখী হৈছে অভিনেত্ৰী জেকলিন ফাৰ্ণাণ্ডেজো (Jacqueline Fernandez hollywood debut) ৷ অভিনেত্ৰী গৰাকীয়ে শ্বেয়াৰ কৰিছে তেওঁৰ প্ৰথমটো হলীউড প্ৰজেক্টৰ পোষ্টাৰ ৷

jacqueline fernandez
প্ৰিয়ংকা আলিয়াৰ পিছত এইবাৰ হলীউডলৈ বুলি ওলাল জেকলিন

চিটাৰা ডেস্ক, 9 জুলাই : বলীউডৰ মোহময়ী অভিনেত্ৰী জেকলিন ফাৰ্ণাণ্ডেজে বাট বুলিছে হলীউডলৈ ৷ 'টেল ইট লাইক এ ৱমেন' শীৰ্ষক এখন ছবিত অভিনয় কৰিব জেকলিনে (Jacqueline Fernandez hollywood movie name) ৷ অভিনেত্ৰীগৰাকীয়ে ছবিখনৰ পোষ্টাৰো শ্বেয়াৰ কৰিছে ।

এই ছবিখনৰ বিশেষ কথাটো হ'ল যে এই ছবিখন আঠগৰাকীকৈ মহিলা পৰিচালকে পৰিচালনা কৰিছে । ই হৈছে এক সংকলন চলচ্চিত্ৰ, য’ত বহুতো চুটি গল্প একত্ৰিত কৰি নিৰ্মাণ কৰা হৈছে ।

অভিনেত্ৰী জেকলিনে ছবিখনৰ পোষ্টাৰ শ্বেয়াৰ কৰি লিখিছে, "এই প্ৰকল্পটোত কাম কৰি মই গৌৰৱান্বিত অনুভৱ কৰিছো"। জেকলিনৰ উপৰিও কাৰা ডেভেলিন, জেনিফাৰ হাডচন আৰু তাৰাজী পি ডেনচনকে ধৰি বহুতো বিখ্যাত শিল্পী ছবিখনত দেখিবলৈ পোৱা যাব ।

পোষ্টাৰ শ্বেয়াৰ কৰি জেকলিনে শিৰোনামটোত লিখিছিল, "বিশ্বৰ বিভিন্ন প্ৰান্তৰ আঠগৰাকী মহিলাৰ দ্বাৰা পৰিচালিত এক সংকলন ‘টেল ইট লাইক এ ৱমেন’ৰ সমগ্ৰ দলটোৰ এই মহান প্ৰচেষ্টাৰ অংশ হ'বলৈ পাই মই অত্যন্ত গৌৰৱান্বিত" ৷

আপুনি জানি আচৰিত হ'ব যে ছবিখনত জেকলিনৰ দৃশ্যসমূহ 'parched' ছবিৰ নিৰ্দেশক লীনা যাদৱে শ্বুট কৰিছে । পোষ্টটোত, জেকলিনে ছবিখনত অভিনয় কৰিবলৈ সুযোগ পোৱাৰ বাবে ছবিখনৰ দল আৰু নিৰ্মাতাসকলক ধন্যবাদ জনাইছে ।

ভাৰতৰ উপৰিও জাপান, ইটালী আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত 'টেল ইট লাইক এ ৱমেন'ৰ দৃশ্যগ্ৰহণ কৰা হৈছে । ছবিখন এই বছৰতেই মুক্তি পাব । ২০১৫ চনৰ আৰম্ভণিতে জেকলিনে ব্ৰিটিছ ভৌতিক চলচ্চিত্ৰ 'Definition of Fear'ত কাম কৰিছিল ।

লগতে পঢ়ক : Koffee with Karan 7: ৰণবীৰ কাপুৰৰ প্ৰাক্তন প্ৰেমিকাক কোনটো স্থানত ৰাখিছে আলিয়াই ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.