ETV Bharat / entertainment

J Om Prakash Death Anniversary: জে. ওম প্ৰকাশৰ নামত ‘জে’ৰ অৰ্থ কি ? অৰ্থ জানিলে চেলুট কৰিব আপুনিও

আজি জে. ওম প্ৰকাশৰ মৃত্যু বাৰ্ষিকী ৷ তেওঁ এই পৃথিৱীৰ পৰা বিদায় লৈছে যদিও তেওঁৰ কাৰুকাৰ্য এতিয়াও দৰ্শকৰ মনত আছে।

author img

By

Published : Aug 7, 2023, 12:44 PM IST

J Om Prakash Death Anniversary: Know about Hrithik Roshan's maternal grandfather
জে. ওম প্ৰকাশৰ মৃত্যু বাৰ্ষিকী

চিটাৰা ডেস্ক, 7 আগষ্ট: তেওঁৰ ছবিবোৰত আছিল নিজস্ব এটা শ্ৰেণী, যিয়ে দৰ্শকক ছবিগৃহ বান্ধি ৰাখিছিল । আমি কৈছো উৎকৃষ্ট শিল্পী আৰু চলচ্চিত্ৰ নিৰ্মাতা জে. ওম প্ৰকাশৰ কথা । ৭ আগষ্ট ২০১৯ তাৰিখে জে. ওম প্ৰকাশে এই পৃথিৱীৰ পৰা বিদায় লৈছিল । তেখেতৰ জীৱনৰ কিছু নজনা কাহানীৰ বিষয়ে জানো আহক ৷

শিয়ালকোটত জন্মগ্ৰহণ কৰিছিল

জে. ১৯২৭ চনৰ ২৪ জানুৱাৰীত অবিভক্ত ভাৰতৰ শিয়ালকোট (বৰ্তমান পাকিস্তান)ত ওম প্ৰকাশৰ জন্ম হৈছিল । তেওঁৰ পিতৃ লাহোৰৰ এখন বিদ্যালয়ত শিক্ষক আছিল, যাৰ বাবে জে. ওম প্ৰকাশে পঢ়া-শুনাৰ প্ৰতি মনোযোগ দিছিল ৷ যেতিয়া দেশ বিভাজন হৈছিল, সেই সময়ছোৱাত তেওঁ মুম্বাইলৈ আহি চলচ্চিত্ৰ জগতত নিজৰ কেৰিয়াৰ বনাইবলৈ চেষ্টা আৰম্ভ কৰে ৷

হৃতিক ৰোশনৰ মাতৃৰ পিতৃ আছিল জে. ওম প্ৰকাশ

আপুনি জানি আচৰিত হ’ব যে জে. ওমপ্ৰকাশ সম্পৰ্কত হৃতিক ৰোশনৰ ককা আছিল । দুয়োৰে বণ্ডিং বহুত ভাল আছিল । এই কাৰণেই হৃতিকে ছবছৰ বয়সতে ককাৰ ছবি ‘আশা’ৰ জৰিয়তে চলচ্চিত্ৰ জগতত ভৰি দিছিল । ইয়াৰ উপৰিও হৃতিকক দেখা গৈছিল ছবি ‘আৰউণ্ড’ আৰু ‘ভগৱান দাদা’ত । আনকি জে. ওমপ্ৰকাশে তেওঁৰ শেষ ইচ্ছা প্ৰকাশ কৰি লিখিছিল যে কেৱল হৃতিকহে তেওঁৰ শেষ ৰীতি-নীতি সম্পন্ন কৰিব ।

এই কাৰণেই সলনি হ’ল তেওঁৰ নাম

জে. ওম প্ৰকাশৰ প্ৰকৃত নাম আছিল ওম প্ৰকাশ । সেই সময়ছোৱাত ওম প্ৰকাশ নামৰ এজন কমেডিয়ানো আছিল, যি যথেষ্ট জনপ্ৰিয় আছিল । দুয়োৰে নাম একে হোৱাৰ বাবেই ভুল বুজা-বুজিৰ সৃষ্টি হৈছিল । এনে পৰিস্থিতিত ওম প্ৰকাশে নিজৰ নামৰ আগত জে. যোগ কৰিলে। আচলতে জে. মানে জগত্ৰাম, যিটো তেওঁৰ পিতৃৰ নাম আছিল ।

সংগ্ৰামৰ জৰিয়তে লাভ কৰা সফলতা

উল্লেখযোগ্য যে জে. ওমপ্ৰকাশ যেতিয়া মুম্বাইলৈ আহিছিল, তেতিয়া তেওঁ স্পট বয়ৰ কাম কৰিবলগীয়া হৈছিল । তেওঁ নিজেই এক সাক্ষাৎকাৰত এই কথা প্ৰকাশ কৰিছিল । আচৰিত কথাটো হ’ল যে জে. ওম প্ৰকাশৰ প্ৰতিখন ছবিৰ নাম অ আখৰেৰে আৰম্ভ হৈছিল । তেওঁ ‘আপকি কছম’ ছবিৰ জৰিয়তে পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰে। ইয়াৰ পিছত কিউ? (১৯৮৫), অপ্নাপন (১৯৭৭), আশা (১৯৮০), আপনা বানা লো (১৯৮২), অৰ্পন (১৯৮৩) আৰু আদমী খিলোনা হে (১৯৮৩) আদি ছবি নিৰ্মাণ কৰিছিল । এই আটাইকেইখন ছবিৰ নাম আৰম্ভ হয় কেৱল A আখৰেৰে ।

লগতে পঢ়ক: Public singer Gaddar passed away: গীতেৰে শত সহস্ৰজনক উদ্বুদ্ব কৰা গণশিল্পী গড্ডৰৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.