ETV Bharat / entertainment

Suhana Khan: অগস্ত্য নন্দাক ডেট কৰিছে নেকি সুহানা খানে? অগস্ত্য নন্দাই সুহানাক দিলে ফ্লাইং কিছ, ভাইৰেল ভিডিঅ’

author img

By

Published : Mar 29, 2023, 3:41 PM IST

ষ্টাৰকিড সুহানা খানক শেহতীয়াকৈ মুম্বাইত তানিয়া শ্বফৰ জন্মদিনৰ অনুষ্ঠানত দেখা পোৱা গৈছিল । সম্প্ৰতি জন্মদিন উদযাপনৰ এটা ভিডিঅ’ দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে ৷ ভিডিঅ’টোত সুহানা খানক অমিতাভ বচ্চনৰ নাতি অগস্ত্য নন্দাই ফ্লাইং কিছ দিয়া দেখা যায় (Agastya nanda blows flying kiss to suhana) ৷

Is Suhana Khan dating Agastya Nanda? Viral video shows Agastya blowing flying kiss to her at Tania Shroff's b'day bash
অগস্ত্য নন্দৰ সৈতে ভাইৰেল সুহানা খানৰ ভিডিঅ’

চিটাৰা ডেস্ক, 29 মাৰ্চ: বলীউডৰ ছুপাৰষ্টাৰ শ্বাহৰুখ খানৰ কন্যা সুহানা খান বলীউডৰ আটাইতকৈ জনপ্ৰিয় ষ্টাৰকিড ৷ প্ৰায়ে নিজৰ সাজ-পোছাক কিম্বা বন্ধুবৰ্গৰ সৈতে কৰা পাৰ্টিৰ বাবেও লাইমলাইটত থাকে সুহানা খান ৷ সম্প্ৰতি সুহানা খানৰ বিষয়ে ওলোৱা এটা গুজৱ ছ’চিয়েল মিডিয়াত দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে ৷ অমিতাভ বচ্চনৰ নাতি অগস্ত্য নন্দাৰ সৈতে লিংক আপৰ গুজৱৰ বাবেই শেহতীয়াকৈ বাতৰিৰ শিৰোনাম দখল কৰিছে বলীউডৰ ছুপাৰষ্টাৰ শ্বাহৰুখ খানৰ কন্যা সুহানা খানে । মুম্বাইত অনুষ্ঠিত তানিয়া শ্ৰফৰ জন্মদিনৰ অনুষ্ঠানৰ এটা ভিডিঅ’ দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে (Agastya nanda blows flying kiss to suhana khan) ৷

শ্বেতা নন্দাৰ পুত্ৰ অগস্ত্য নন্দাই সুহানা খানক বাহনলৈ লৈ যোৱা দেখা গৈছিল ভিডিঅ’টোত ৷ ভিডিঅ’টোত শেষৰ ফালে বিদায় লোৱাৰ পূৰ্বে অগস্ত্যই সুহানা খানক ফ্লাইং কিছ দিয়া দেখা পোৱা যায় ৷ আনহাতে সুহানাই অগস্ত্যক হাত জোকাৰি ইভেণ্টৰ পৰা বিদায় লৈ বাহনত উঠি গুচি যায় ৷ সম্প্ৰতি অগস্ত্যই সুহানাক দিয়া ফ্লাইং কিছৰ ভিডিঅ’ ছচিয়েল মিডিয়াত দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে (Suhana and Agastya dating) ৷

ভাইৰেল হোৱা ভিডিঅ’টোত দেখিবলৈ পোৱা অনুসৰি সুহানাই জন্মদিনৰ আয়োজক ফেশ্বন ডিজাইনাৰ তানিয়া শ্ৰফৰ সৈতে প্ৰেমিক সুনীল শ্বেট্টীৰ পুত্ৰ আহন শ্বেট্টী আৰু মানা শ্বেট্টী, অগস্ত্যৰ সৈতে পাৰ্টিৰ পৰা ওলাই আহিছে । ক’লা ৰঙৰ জিলিকি থকা অফ শ্বোল্ডাৰ গাউন আৰু চুলি কোচা খুলি ৰাখিছিল সুহানাই (Suhana Khan in black shimmery dress) ।

দুয়োৰে প্ৰথম ছবি দ্য আৰ্চিছৰ চেটত লগ পাইছিল ইগৰাকীয়ে সিগৰাকীক ৷ জয়া আখতাৰৰ ছবিত বনী কাপুৰ আৰু প্ৰয়াত শ্ৰীদেৱীৰ কন্যা খুছি কাপুৰৰ লগতে সুহানা আৰু অগস্ত্যৰ দেখা পোৱা যাব । শ্বুটিঙৰ সময়ত দুয়োৰে মাজত চিনাকি হৈছিল আৰু তাৰ পিচত গঢ় লৈ উঠিছিল বন্ধুত্ব ৷ তেতিয়াৰ পৰাই দুয়ো ডেটিং কৰা বুলি বাতৰি পোৱা গৈছে । এই পাৰ্টিত চুহানা খান, আৰিয়ান খান, খুছি কাপুৰ, শনয়া কাপুৰ, আহন শ্বেট্টীৰ পৰা বৰুণ ধাৱানৰ ভতিজী অঞ্জিনী ধাৱনলৈকে উপস্থিত থাকে বহু ষ্টাৰ কিড (Suhana Khan at Tania shroff bday bash)।

লগতে পঢ়ক: Suhana Khan instagram:কন্যা সুহানাক 2014 তে অভিনয়ৰ জাৰ্নেল এখন উপহাৰ দিছিল শ্বাহৰুখে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.