ETV Bharat / entertainment

Emran Hashmi: ছ’চিয়েল মিডিয়াত নতুন বিতৰ্ক, ইমৰাণ হাচমী হাফিজ-ই-কোৰাণ নেকি ? - ইমৰাণ হাচমী

ইমৰাণ হাছমীয়ে বলীউডত এক বিশেষ পৰিচয় গঢ়ি তুলিছিল আৰু তেওঁৰ ফেন ফ’ল’ৱাৰ ভাল । তেওঁ উদ্যোগটোত দুটা দশক ধৰি নিজৰ উৎকৃষ্ট অভিনয়ৰে দৰ্শকক আপ্লুত কৰি আহিছে ৷ কিন্তু শেহতীয়াকৈ অভিনেতাগৰাকীৰ বিষয়ে এনে এক তথ্য পোহৰলৈ আহিছে যিটোৱে আচৰিত কৰি তুলিছে অনুৰাগীক ৷

Is Emraan Hashmi a Hafiz e Quran? Hidden fact surprises fans
ইমৰাণ হাচমী হাফিজ ই কোৰআন নেকি
author img

By

Published : Jun 21, 2023, 12:36 PM IST

Updated : Jun 21, 2023, 1:02 PM IST

চিটাৰা ডেস্ক, 21 জুন: বলীউডৰ অভিনেতা ইমৰাণ হাছমীয়ে নিজৰ বিশেষ শৈলীৰে লাখ লাখ অনুৰাগীৰ হৃদয়ত নিজৰ বাবে এক বিশেষ স্থান বনাবলৈ সক্ষম হৈছে । পৰ্দাত তেওঁৰ উজ্জ্বল অভিনয় আৰু তেওঁৰ গীতবোৰৰ বাবে অতিকৈ পৰিচিত। অভিনেতাগৰাকীৰ আছে বিশেষ ফেন ফ’ল’ৱাৰ, অনুৰাগীসকলে অতিকৈয়ে পছন্দ কৰে তেওঁলোকৰ প্ৰিয় অভিনেতাগৰাকীক ৷ সেয়াহে, তেওঁৰ ছবি পৰ্দাত আহক বা নাহক তেওঁৰ বিষয়ে চৰ্চা চলি থাকে ছ’চিয়েল মিডিয়াত ।

বৰ্তমান সময়ত ছ’চিয়েল মিডিয়াত ইমৰাণ হাচমীক লৈ এটা বিষয়ত আলোচনা চলি আছে ৷ পৰ্দাত ইমৰাণ হাচমীৰ ব্যক্তিত্ব ছিৰিয়েল কিছাৰৰ যদিও ছ’চিয়েল মিডিয়াত বহুতে দাবী কৰি উত্থাপন কৰিছে যে ইমৰাণ হাফিজ-ই-কোৰাণ অৰ্থাৎ তেওঁ মুছলিম ধৰ্মাৱলম্বীৰ পবিত্ৰ কোৰাণ সম্পূৰ্ণকৈ মুখস্থ কৰিছে আৰু তেওঁ এই কিতাপখন গভীৰভাৱে বুজি পায় আৰু পাঠ কৰে । এই বিষয়ে তেওঁ জ্ঞানো দিব পাৰে বুলি ছ’চিয়েল মিডিয়াত চৰ্চা চলিছে ৷

ছবিত সফলতা

২০০৩ চনত বিক্ৰম ভাটৰ থ্ৰিলাৰ ছবি ফুটপাথৰ জৰিয়তে অভিনয়ত আত্মপ্ৰকাশ কৰিছিল ইমৰাণ হাছমীয়ে আৰু তেতিয়াৰ পৰাই তেওঁ আৰু পিছলৈ ঘূৰি চাব লগীয়া নহ’ল ৷ আমোদজনক কথাটো হ’ল এইবাৰ ইমৰাণে চলচ্চিত্ৰ জগতত ২০ বছৰ সম্পূৰ্ণ কৰিছে । মাৰ্ডাৰ, জেহেৰ, আছিক বানয়া আপনে, জান্নাত, ৰাজ: দ্য মিষ্ট্ৰী কন্টিনিউজ, ওৱান্স আপন এ টাইম ইন মুম্বাই, চাংঘাই আৰু বাদশাহো আদি ছবিত অভিনয়ৰ দক্ষতা প্ৰমাণ কৰিছে ।

কিন্তু এতিয়া ইমৰাণ হাছমীৰ বিষয়ে এই তথ্য পোহৰলৈ আহিছে যে তেওঁ হাফিজ-ই-কোৰাণ । যদিও ইয়াৰ কোনো আনুষ্ঠানিক নিশ্চয়তা নাই, কিন্তু ইণ্টাৰনেটত তেওঁৰ অনুৰাগীসকলে ইমৰাণ হাফিজ-ই-কোৰাণ বুলি দাবী কৰিছে।

সঁচাকৈয়ে কোৰাণ মুখস্থ আছে নেকি ইমৰাণৰ ?

নিশ্চিতভাৱে এই অপ্ৰত্যাশিত তথ্যই বহুতকে আচৰিত কৰিব পাৰে কাৰণ ইয়াৰ দ্বাৰা ইমৰাণ হাছমীৰ জীৱনৰ এনে এটা দিশ উন্মোচিত হৈছে, যিটো এতিয়ালৈকে কোনেও জনা নাছিল ৷ ছ’চিয়েল মিডিয়াত কোৱা হৈছে যে ইমৰাণ হাছমীয়ে শৈশৱতে কোৰআন মুখস্থ কৰিছিল । নিশ্চিতভাৱে ইমৰাণৰ পৰ্দাত প্ৰতিভাক লৈ কোনেও সন্দেহ নকৰে । কিন্তু সাধাৰণতে বলীউডৰ তাৰকাসকলে তেওঁলোকৰ ধৰ্ম-আধ্যাত্মিক দিশটো মুকলিকৈ ওলাই আহিবলৈ নিদিয়ে কাৰণ তেওঁলোকৰ ফেন-ফ’ল’ইঙত প্ৰতিটো ধৰ্ম, জাতি আৰু বয়সৰ লোক জড়িত হৈ থাকে।

১৯৭৯ চনৰ ২৪ মাৰ্চত মুম্বাইত জন্মগ্ৰহণ কৰিছিল ইমৰাণ হাছমী । তেওঁৰ পিতৃ চৈয়দ আনোৱাৰ হাছমী এজন ব্যৱসায়ী আছিল আৰু ১৯৬৮ চনৰ বাহাৰোন কি মানজিল ছবিতো অভিনয় কৰিছিল ইমৰাণে । চলিত বৰ্ষৰ আৰম্ভণিতে অক্ষয় কুমাৰৰ সৈতে চেলফি ছবিত দেখা পোৱা ইমৰাণে বৰ্তমান দক্ষিণৰ তাৰকা পৱন কল্যাণৰ ‘অজিত’ নামৰ তেলেগু ছবিখনত খলনায়কৰ চৰিত্ৰত অভিনয় কৰা দেখা যাব ৷ চলিত বৰ্ষৰ শেষৰ ফালে অভিনেতাগৰাকীক টাইগাৰ ৩ ছবিত ভিলেইনৰ চৰিত্ৰত অভিনয় কৰা দেখা যাব ।

লগতে পঢ়ক: Manoj Muntashir: মনোজ মুন্টাশ্বিৰৰ আন এক বিস্ফোৰক মন্তব্য, ক্ষুব্ধ ব্যৱহাৰকাৰীয়ে ক’লে - মনে মনে থাকক, এতিয়াও সময় আছে

Last Updated : Jun 21, 2023, 1:02 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.