ETV Bharat / entertainment

ইৰফান খানৰ পিতৃয়ে কিয় তেওঁক ব্ৰাহ্মণ বুলি কৈছিল ? তেওঁৰ জন্মদিনত সবিশেষ জানি লওক - ইৰফান খানৰ জন্ম বাৰ্ষিকী

Irrfan Khan Birth Anniversary: মুছলমান পাঠান পৰিয়ালত জন্মগ্ৰহণ কৰাৰ পিচতো শৈশৱতে কিয় নিৰামিষভোজী আছিল ইৰফান খান ? কেৱল এয়াই নহয়, পত্নীৰ বাবে ধৰ্ম সলনি কৰিবলৈও সাজু আছিল অভিনেতাগৰাকী । তেওঁৰ জন্মদিনত জানো আহক তেওঁৰ বিষয়ে কিছু নজনা কথা ৷

Irrfan Khan Birth Anniversary, Know Unknown facts of Irrfan Khan
ইৰফান খানৰ জন্ম বাৰ্ষিকী
author img

By ETV Bharat Assamese Team

Published : Jan 7, 2024, 1:33 PM IST

চিটাৰা ডেস্ক, ৭ জানুৱাৰী: বলীউড আৰু হলিউডত নিজৰ উৎকৃষ্ট অভিনয়ৰে নাম অৰ্জন কৰা ইৰফান খান আজি আমাৰ মাজত নাই, কিন্তু ছবিৰ জৰিয়তে এতিয়াও অনুৰাগীৰ মাজত জীয়াই আছে । ১৯৬৭ চনৰ ৭ জানুৱাৰীত জয়পুৰৰ মুছলমান পাঠান পৰিয়ালত জন্ম হৈছিল ইৰফান খানৰ । তেওঁৰ সম্পূৰ্ণ নাম সাবাহজাদে ইৰফান আলী খান । তেওঁৰ পিতৃয়ে টায়াৰৰ ব্যৱসায় কৰিছিল । আপুনি জানি আচৰিত হ’ব যে ইৰফান খান শৈশৱত নিৰামিষভোজী আছিল । তেওঁৰ জন্মদিনত জানো আহক তেওঁৰ সৈতে জড়িত এনে কিছুমান আমোদজনক কাহিনী ।

শৈশৱত নিৰামিষভোজী আছিল ইৰফান

পাঠান পৰিয়ালত জন্মগ্ৰহণ কৰাৰ পিচতো ইৰফান শৈশৱত নিৰামিষভোজী আছিল । দেউতাকে সদায় ধেমালিতে কৈছিল যে তেওঁ পাঠান পৰিয়ালত ব্ৰাহ্মণ জন্ম হৈছে । আচলতে শৈশৱত জীৱ-জন্তু চিকাৰ কৰাটো ইৰফানে ভাল পোৱা নাছিল ৷ ইৰফান খানৰ কেৰিয়াৰৰ প্ৰাৰম্ভিক দিনবোৰ বহু সংগ্ৰামৰ সৈতে পাৰ হৈছিল । আচলতে ইৰফানে যেতিয়া এন এছ ডিত এডমিচন লৈছিল তেতিয়া সেইদিনা দেউতাকৰ মৃত্যু হৈছিল । ইয়াৰ পিচত ইৰফানে ঘৰৰ পৰা পইচা পোৱা বন্ধ হৈ পৰিছিল । ইয়াৰ পিচত ফেল’শ্বিপৰ জৰিয়তে নিজৰ শিক্ষা সম্পূৰ্ণ কৰিছিল ।

ধৰ্ম সলনি কৰিবলৈ সাজু আছিল ইৰফান

১৯৯৫ চনৰ ২৩ ফেব্ৰুৱাৰীত ইৰফান খানে সহপাঠী সুতাপা চিকন্দৰৰ সৈতে বিবাহপাশত আবদ্ধ হয় । সংবাদ মাধ্যমৰ খবৰ অনুসৰি যেতিয়া ইৰফানে সুতাপা চিকন্দৰক বিয়া কৰাবলৈ সিদ্ধান্ত লৈছিল তেতিয়া তেওঁ সুতাপাৰ বাবে ধৰ্ম সলনি কৰিবলৈ সাজু হৈছিল ৷ কিন্তু তেনেকৈয়ে সুতাপাৰ পৰিয়ালে তেওঁলোকৰ বিয়াৰ বাবে সন্মতি দিছিল । ইয়াৰ পিচত ইৰফানে নিজৰ ধৰ্ম সলনি কৰাৰ প্ৰয়োজন নহ’ল ।

কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যু হয় ইৰফানৰ

৫৩ বছৰ বয়সত নিউৰ’এণ্ড’ক্ৰাইন টিউমাৰ নামৰ কৰ্কট ৰোগত আক্ৰান্ত হয় ইৰফান খান ৷ এই ৰোগৰ সৈতে যুঁজি ইৰফান খানে ৫৩ বছৰ বয়সত ২০২০ চনৰ ২৯ এপ্ৰিলত এই পৃথিৱীৰ পৰা বিদায় লয় । অভিনেতাগৰাকীৰ মৃত্যুত সমগ্ৰ বলীউড মৰ্মাহত হৈ পৰিছিল । ইৰফান খান যে আমাৰ মাজত নাই সেই কথা কোনেও বিশ্বাস কৰিব পৰা নাছিল । মৃত্যুৰ সময়ত তেওঁ পত্নী সুতাপা আৰু দুই পুত্ৰ বাবিল আৰু আয়ানক এৰি থৈ যায় ।

লগতে পঢ়ক: বন্ধুৰ সৈতে মিলি আৰম্ভ কৰিছিল সংগীত যাত্ৰা; প্ৰথমখন ছবিৰ গীতেৰেই ৰচিলে ইতিহাস

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.