ETV Bharat / entertainment

নুপুৰ শিখাৰেৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ল ইৰা খান

Ira Khan-Nupur Shikhare Wedding: বুধবাৰে প্ৰেমিক নুপুৰ শিখাৰেৰ সৈতে বিবাহপাশত আৱদ্ধ হয় আমিৰ খানৰ কন্যা ইৰা খান । কিন্তু এই বিয়াখন আছিল বলীউডৰ আন বিয়াতকৈ সম্পূৰ্ণ ব্যতিক্ৰম ৷ সবিশেষ জানিবলৈ পঢ়ক এই প্ৰতিবেদন ৷

Ira Khan Nupur Shikhare Wedding, take a look of Aamir khans daughter wedding
ইৰা খানৰ বিয়া
author img

By ETV Bharat Assamese Team

Published : Jan 4, 2024, 10:42 AM IST

চিটাৰা ডেস্ক, ৪ জানুৱাৰী: বলীউডৰ প্ৰত্যেকখন বিয়াত সকলোৰে দৃষ্টি থাকে । কাৰণ বলীউড তাৰকাসকলে নিজৰ কিম্বা নিজৰ সন্তানৰ বাবে গ্ৰেণ্ড ৱেডিং বা ডেষ্টিনেচন ৱেডিঙৰ আয়োজন কৰে । তাৰকাসকলে বিয়াত পানীৰ দৰে টকা খৰচ হয়, সেয়েহে, বলীউডৰ বিয়াত বহু নতুন নতুন বস্তু চাবলৈ পাই অনুৰাগীয়ে । কিন্তু বলীউডৰ এগৰাকী ছুপাৰষ্টাৰৰ কন্যাই বুধবাৰে অতি সাধাৰণভাৱে বিবাহপাশত আৱদ্ধ হয় ৷ যিটো বলীউডত খুব কম দেখা পোৱা যায় । যাৰ বাবে এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে এই বিবাহখনে ৷ হয়, আমি কৈছো আমিৰ খানৰ কন্যা ইৰা খানৰ বিবাহৰ কথা ৷

উল্লেখ্য যে, ৩ জানুৱাৰীত আমিৰ খানৰ কন্যা ইৰা খানে দীৰ্ঘদিনীয়া প্ৰেমিক নুপুৰ শিখাৰেৰ সৈতে বিবাহপাশত আবদ্ধ হয় । কিন্তু বলীউডৰ গ্ৰেণ্ড ৱেডিঙৰ পৰা সম্পূৰ্ণ ব্যতিক্ৰম আছিল ইৰাৰ বিবাহ অনুষ্ঠান ৷ দৰা-কইনাৰ সাজ-পোছাকৰ পৰা আৰম্ভ কৰি সকলো বস্তুৱেই আছিল অতি স্বাভাৱিক । আনকি ইৰাৰ সপোনৰ ৰাজকুমাৰ আৰু আমিৰ খানৰ জোঁৱাই নুপুৰ শিখাৰেও দৰাৰ সাজত পিন্ধি আহিছিল জগিং কৰা সাজ-পোছাক ৷ হয়, আচৰিত যেন লাগিলেও এই বিবাহখনত সকলো কথাই আছিল ব্যতিক্ৰমী ৷

ইৰা আৰু নুপুৰৰ বিয়াৰ সাজ-পোছাক

ইৰাই কোনো দামী লেহেংগা বা ডিজাইনাৰ সাজ-পোছাক পৰিধান কৰা নাছিল, আনহাতে নুপুৰেও বিয়াত কোনো দামী শ্বেৰৱানী পৰিধান কৰা নাছিল । লেহেংগা আৰু শাৰীৰ সলনি ইৰাই বিয়াত পৰিধান কৰিছিল অতি সহজ সাজ-পোছাক ৷ ইৰাই পৰিধান কৰিছিল বটল সেউজীয়া ৰঙৰ ব্লাউজ এটাৰ সৈতে পাতল গোলাপী ৰঙৰ হাৰেম পেচ আৰু মেচিং দুপট্টা । ইৰাই কোলহাপুৰী চপ্পলেৰে নিজৰ ব্রাইডল লুকটো সম্পূৰ্ণ কৰিছিল । আনহাতে দৰাজনে শ্বৰ্ট আৰু হাফপেন্ট পিন্ধি জগিং কৰি বৰযাত্ৰী লৈ আমিৰ খানৰ দুৱাৰমুখত উপস্থিত হয়হি । ইয়াৰ পিচত ইৰা আৰু নুপুৰে বিবাহৰ কাগজ-পত্ৰত চহী কৰি চিৰদিনৰ বাবে ইজনে সিজনক নিজৰ কৰি লয় ।

লগতে পঢ়ক: বিয়াৰ পূৰ্বে মিনি স্কাৰ্ট পিন্ধি পাৰ্লাৰলৈ গ’ল আমিৰ খানৰ কন্যা ইৰা খান, চাওক ভিডিঅ’

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.