ETV Bharat / entertainment

69th National Film Award: অভিনেতা পংকজ ত্ৰিপাঠীলৈ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা; মনৰ অনুভূতি প্ৰকাশ অভিনেতাগৰাকীৰ

author img

By ETV Bharat Assamese Team

Published : Aug 25, 2023, 1:06 PM IST

মিমিৰ বাবে শ্ৰেষ্ঠ সহযোগী অভিনেতাৰ বঁটা লাভ কৰিছে বলীউডৰ অভিনেতা পংকজ ত্ৰিপাঠীয়ে । বিশেষ বাৰ্তালাপত তেওঁ পিতৃৰ মৃত্যুত শোক প্ৰকাশ কৰে অভিনেতাগৰাকীয়ে । ক’লে যে আজি যদি বাবুজী জীয়াই থাকিলহেঁতেন তেন্তে তেওঁ বহুত সুখী হ’লহেঁতেন ।

interview with actor pankaj tripathi on receiving best supporting actor award in mimi film
ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে পংকজ ত্ৰিপাঠীয়ে

চিটাৰা ডেস্ক, ২৫ আগষ্ট: ঘোষণা হ’ল ৬৯ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৩ৰ বিজয়ীৰ নাম। এইবাৰ ‘মিমি’ ছবিৰ বাবে কৃতি সেননে শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰাৰ বিপৰীতে বিহাৰৰ গোপালগঞ্জৰ পংকজ ত্ৰিপাঠীয়ে শ্ৰেষ্ঠ সহযোগী অভিনেতাৰ বঁটা লাভ কৰিছে । কিন্তু ২১ আগষ্টত পংকজ ত্ৰিপাঠীৰ পিতৃ পণ্ডিত বেনাৰস তিৱাৰীৰ মৃত্যু হৈছে, সেয়াহে অভিনেতাজন পিতৃৰ শ্ৰাদ্ধ অনুষ্ঠানৰ বাবে বিহাৰৰ জন্ম গাঁও গোপালগঞ্জত বৰ্তমান উপস্থিত আছে ।

পিতৃৰ মৃত্যুত মৰ্মাহত পংকজ

মিমি ছবিখনৰ বাবে শ্ৰেষ্ঠ সহযোগী অভিনেতাৰ বঁটা লাভ কৰি সুখী পংকজ ত্ৰিপাঠী, কিন্তু পিতৃৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে পংকজ ত্ৰিপাঠীয়ে । অভিনেতাগৰাকীয়ে কয়, ‘‘আজি বাবুজী যদি আমাৰ লগত থাকিলহেঁতেন তেন্তে তেওঁ বৰ সুখী হ’লহেঁতেন ।’’ পংকজ ত্ৰিপাঠীৰ সাংবাদিকৰ সৈতে হোৱা কথোপকথনৰ সময়ত তেওঁৰ জ্যেষ্ঠ ভাতৃ বিজেন্দ্ৰ নাথ তিৱাৰীও উপস্থিত থাকে, ভাতৃয়েও এই বঁটাৰ বাবে সুখ প্ৰকাশ কৰে ।

পংকজ ত্ৰিপাঠীয়ে লগতে কয়, এইটো সময় আমাৰ পৰিয়ালৰ বাবে অতি দুখৰ সময় । পিতৃৰ মৃত্যু হৈছে, কিন্তু এয়াই জীৱনৰ চক্ৰ । আজি যদি বাবুজী থাকিলহেঁতেন তেন্তে তেওঁ বহুত সুখী হ’লহেঁতেন। যোৱাবাৰ নিউটন ছবিৰ বাবে বঁটা পাইছিলো তেতিয়া তেওঁ বহুত সুখী হৈছিল। এই সকলোবোৰ বঁটা মোৰ দেউতাৰ বাবে উৎসৰ্গিত ।"

পংকজ ত্ৰিপাঠীৰ জ্যেষ্ঠ ভাতৃ বিজেন্দ্ৰ নাথ তিৱাৰীয়ে কয়, ‘‘বঁটা লাভ কৰাৰ বাবে সুখী । দুখৰ পিচত আহে সুখ । সৰু ভাইটিয়ে এই বঁটা লাভ কৰিছে । এইটো মোৰ দেউতাৰ স্মৃতিত উৎসৰ্গিত ।’’

মিমিৰ ছবিখনৰ এক চমু অৱলোকন:

মিমি হৈছে বলীউডৰ অভিনেত্ৰী কৃতি সেননে চেৰ’গেচি মাতৃ হিচাপে অভিনয় কৰা এখন পাৰিবাৰিক নাটক ছবি, আনহাতে পংকজ ত্ৰিপাঠীয়েও ছবিখনত উৎকৃষ্ট অভিনয় কৰিছে । ছবিখনত তেওঁ কৃতি সেননক সহায় কৰা দেখা যায় । সকলোৱে এই ছবিখনৰ শলাগ লৈছে । কৃতি সেননে মিমিৰ বাবে ২০২৩ চনৰ ৬৯ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে ৷

ইফালে পংকজ ত্ৰিপাঠী মূলতঃ বিহাৰৰ গোপালগঞ্জৰ । এন এছ ডিত নাটক অধ্যয়ন কৰা পংকজ ত্ৰিপাঠীয়ে অভিনয়েৰে এক সুকীয়া পৰিচয় গঢ়ি তুলিছে । মিৰ্জাপুৰ ৱেব ছিৰিজত কালিন ভাইয়াৰ চৰিত্ৰৰে তেওঁ বলীউড জগতখনত নিজৰ এক অন্য পৰিচয় বনাবলৈ সক্ষম হৈছে ৷ ইয়াৰ পূৰ্বে গেং অৱ ৱাছেইপুৰতো তেওঁ উজ্জ্বল অভিনয় দেখা পোৱা গৈছিল । শেহতীয়াকৈ তেওঁক দেখা গৈছে ছবি OMG 2 ত ৷ বৰ্তমানো ছবিগৃহত চলি আছে OMG 2 ৷

লগতে পঢ়ক: Allu Arjun: যি কাম কোনেও কৰিব নোৱাৰিলে সেয়া কৰি দেখুৱালে আল্লু অৰ্জুনে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.