ETV Bharat / entertainment

Celebs who committed suicide: নীতিন দেশাইকে ধৰি এইকেইগৰাকী তাৰকায়ো বাছি লৈছিল আত্মহত্য়াৰ পথ

author img

By

Published : Aug 3, 2023, 6:31 PM IST

বলীউডৰ পৰা টিভিৰ তাৰকালৈকে বহু লোক বলি হৈছে ডিপ্ৰেছনৰ । কোনো কোনোৱে ইয়াৰ সৈতে যুঁজি জীৱন যুদ্ধত জয় লাভ কৰিছে, আন কোনোৱে আকৌ বাছি লৈছে আত্মহত্যাৰ পথ ৷

Including Nitin desai Celebrities who committed suicide due to depression
বলীউডৰ পৰা টিভিৰ তাৰকালৈকে বহু লোক বলি হৈছে ডিপ্ৰেছনৰ

চিটাৰা ডেস্ক, 3 আগষ্ট: বৰ্তমান সময়ত ‘ডিপ্ৰেছন’ শব্দটো অতি সাধাৰণ হৈ পৰিছে । কিন্তু ‘ডিপ্ৰেছন’ শব্দটো শুনিবলৈ যিমান সাধাৰণ, কিন্তু ই সাধাৰণ ৰোগ নহয় । ডিপ্ৰেছনে ইতিমধ্যেই বহু লোকৰ প্ৰাণ কাঢ়িছে । উদ্বিগ্নতা আৰু চিন্তিত ব্যক্তি এই ৰোগত আক্ৰান্ত হয় ৷ আনকি এই ৰোগৰ পৰা সাৰি যোৱা নাই তাৰকাসকলো ৷ ইয়াৰে এক উদাহৰণ হৈছে শেহতীয়াকৈ বিশিষ্ট কলা পৰিচালক নীতিন দেশাইৰ মৃত্যু ৷ বুধবাৰে চিপ লৈ আত্মহত্যা কৰে কলা পৰিচালকগৰাকীয়ে ৷ প্ৰাৰম্ভিক তথ্য অনুসৰি জানিব পৰা মতে তেওঁ হতাশাত ভুগি আছিল ৷ এনে পদক্ষেপ লোৱা একমাত্ৰ চেলিব্ৰিটি নহয় নীতিন দেশাই, এই উদ্য়োগটোৰ বহু লোক এই ৰোগৰত আক্ৰান্ত হৈ শেষ কৰিছে নিজৰ জীৱন ৷ জানো আহক কোন সেইকেইগৰাকী জনপ্ৰিয় নাম ৷

সুশান্ত সিং ৰাজপুত

যোৱা ১৪ জুন ২০২০ তাৰিখে বলীউডৰ প্ৰতিভাসম্পন্ন অভিনেতা সুশান্ত সিং ৰাজপুতৰ বান্দ্ৰা ঘৰত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হয় মৃতদেহ ৷ অৱশ্যে অভিনেতাগৰাকীৰ ঘৰৰ পৰা পোৱা নগ’ল কোনো ছুইচাইড নোট । কিন্তু সংবাদ মাধ্যমৰ খবৰ অনুসৰি তেওঁ দীৰ্ঘদিন ধৰি হতাশাত ভুগি আছিল । মুম্বাই আৰক্ষীৰ তথ্য অনুসৰি তেওঁৰ ঘৰৰ পৰা কিছু চিকিৎসা কাগজ আৰু এন্টিডিপ্ৰেছন টেবলেটো উদ্ধাৰ কৰা হৈছিল ।

দিশা ছালিয়ান

২০২০ চনৰ ৮ জুনত খবৰ ওলাইছিল যে সুশান্ত সিং ৰাজপুতৰ প্ৰাক্তন মেনেজাৰ দিশা ছালিয়ানে আত্মহত্যা কৰিছে ৷ দিশাই মালাডত থকা নিজৰ ১৪ নং মহলাৰ ফ্লেটৰ পৰা জপিয়াই মৃত্যুক সাৱটি লৈছিল ৷ ছালিয়ানৰ মৃত্যুৰ পাঁচ দিনৰ পিচত সুশান্ত সিং ৰাজপুতৰ মৃত্যু হয় ।

কুশল পাঞ্জাবী

১৯৭৭ চনত জন্মগ্ৰহণ কৰা কুশল পাঞ্জাবীয়ে বহু ৰিয়েলিটি শ্ব’ আৰু টিভি ধাৰাবাহিকত কাম কৰিছিল । লগতে তেওঁ বহু বঁটাও লাভ কৰে । কিন্তু ২০১৯ চনৰ ২৬ ডিচেম্বৰত তেওঁক মুম্বাইৰ ঘৰত ওলমি থকা অৱস্থাত উদ্ধাৰ কৰা হয় । মাত্ৰ ৪২ বছৰ বয়সতে অভিনেতাজনে সমাপ্ত কৰে নিজৰ জীৱন ৷ খবৰ অনুসৰি কুশল পাঞ্জাবীও হতাশাত ভুগি আছিল ৷

জিয়া খান

জিয়া খানৰ প্ৰকৃত নাম আছিল নফিছা ৰিজভি খান আৰু তেওঁৰ জন্ম হৈছিল ১৯৮৮ চনত। জিয়া আছিল এগৰাকী ব্ৰিটিছ আমেৰিকান অভিনেত্ৰী আৰু গায়িকা । ২০১৩ চনৰ ৩ জুনত চিপ লৈ ওলমি থকা অৱস্থাত উদ্ধাৰ কৰা হয় জিয়াৰ মৃতদেহ ৷ মৃত্যুৰ কেইদিনমান পিচতে জিয়াৰ ঘৰৰ পৰা উদ্ধাৰ হয় ছয় পৃষ্ঠাৰ এখন ছুইচাইড নোট । চিঠিখনত জিয়াৰ প্ৰেমিক সুৰজ পাঞ্চোলিৰ নাম উল্লেখ আছিল। চিঠিখনৰ পৰা অনুমান কৰিব পৰা যায় যে জিয়াই দীৰ্ঘদিন ধৰি ডিপ্ৰেছনত ভুগি আছিল ।

প্ৰত্যুষা বেনাৰ্জী

সৰু পৰ্দাৰ জনপ্ৰিয় শ্ব’ বালিকা বধুৰ ‘আনন্দী’ৰ চৰিত্ৰত অভিনয় কৰি ঘৰে ঘৰে পৰিচয় লাভ কৰা প্ৰত্যুষাক ২০১৬ চনৰ ১ এপ্ৰিলত মুম্বাইৰ এপাৰ্টমেণ্টত মৃত অৱস্থাত উদ্ধাৰ কৰা হয় । বিগ বছৰ ছিজন ৭ তো দেখা গৈছিল অভিনেত্ৰীগৰাকীক । প্ৰত্যুষাৰ বিষয়েও কোৱা হয় যে তেওঁ হতাশাৰ বলি হৈছিল ৷

টুনিছা শৰ্মা

টিভি অভিনেত্ৰী টুনিছা শৰ্মাইয়ো আত্মহত্যা কৰি শেষ কৰিছিল নিজৰ ৷ নিজৰ টিভি ধাৰাবাহিকখনৰ চেটতে চিপ লৈ আত্মহত্যা কৰে অভিনেত্ৰীগৰাকীয়ে । জানিব পৰা মতে ২১ বছৰীয়া টুনিছা হতাশাত ভুগি আছিল । যাৰ বাবে টুনিছাই এই চৰম সিদ্ধান্ত লয় ৷

লগতে পঢ়ক: Nitin Desai Funeral: কেতিয়া হ’ব নীতিন দেশাইৰ শেষকৃত্য় ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.