ETV Bharat / entertainment

ভগ্নী আইৰা খানৰ বিয়াত অংশগ্ৰহণ প্ৰেমিকাসহ ইমৰাণ খানৰ

author img

By ETV Bharat Assamese Team

Published : Jan 5, 2024, 3:18 PM IST

Imran Khan With Rumored Girlfriend: প্ৰেমিকা লেখাৰ সৈতে আইৰা খানৰ বিয়াত অংশগ্ৰহণ কৰিছিল ইমৰাণ খান । যাৰ ফটো এতিয়া ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত।

Imran Khan attends Ira's wedding with rumoured bae Lekha Washington - see pic
ইমৰাণ খানৰ ফটো

চিটাৰা ডেস্ক, ৫ জানুৱাৰী: দীৰ্ঘদিনীয়া প্ৰেমিক নুপুৰ শিখাৰেৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ল আমিৰ খান আৰু ৰীণা দত্তৰ কন্যা আইৰা খান ৷ ৩ জানুৱাৰীত আইৰা আৰু নুপুৰৰ আইনী বিবাহ সম্পন্ন হয় । ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে বিয়াৰ ছবি আৰু ভিডিঅ’ । আইৰা আৰু নুপুৰৰ বিয়াত উপস্থিত আছিল কেৱল পৰিয়ালৰ সদস্য আৰু কিছু বিশেষ বন্ধু-বান্ধৱী । ইফালে আইৰাৰ বিয়াত আমিৰ খানৰ ভাগিন ইমৰাণ খানক তেওঁৰ কথিত প্ৰেমিকা লেখা ৱাশ্বিংটনৰ সৈতে দেখা গৈছিল । এতিয়া লেখাই ছ’চিয়েল মিডিয়াত ইমৰাণৰ সৈতে ফটো শ্বেয়াৰ কৰিছে ।

লেখাই ইমৰাণৰ সৈতে বহু ফটো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে । য’ত এই কথিত প্ৰেমিক-প্ৰেমিকাক একেলগে পোজ দিয়া দেখা যায় । লেখাই একেলগে ৬খন ফটোৰ কোলাজ বনাই শ্বেয়াৰ কৰিছে । ফটোকেইখনত দুয়োগৰাকীক কেনডিড পোজ দিয়া দেখা গৈছে ।

ভাইৰেল হৈ পৰিল ইমৰাণ-লেখাৰ ফটো

লেখাই নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত হৃদয়ৰ ইমোজীৰ সৈতে ফটো শ্বেয়াৰ কৰিছে । লেখাৰ লুকৰ কথা ক’বলৈ গ’লে তেওঁ পৰিধান কৰিছিল মেৰুণ আৰু সোণালী ৰঙৰ লেহেংগা । ইফালে ইমৰাণে পৰিধান কৰিছিল ক’লা টাক্সেডো ।

উল্লেখ্য যে, যোৱা বছৰৰ পৰাই ইমৰাণ খান আৰু লেখা ৱাশ্বিংটনৰ ডেটিঙৰ খবৰ চৰ্চালৈ আহিছিল ৷ পাপাৰাজীয়ে দুয়োকে একেলগে দেখাৰ পিচতে দুয়োৰে সম্পৰ্কৰ বিষয়ে জল্পনা-কল্পনা আৰম্ভ হয় । আচলতে সেই সময়ত দুয়ো ইগৰাকীয়ে সিগৰাকীৰ হাতত ধৰি আছিল । দুয়োকে একেলগে দেখি সকলোৱে জল্পনা-কল্পনা কৰিছিল যে দুয়োগৰাকী সম্পৰ্কত আছে। এইখিনিতে উল্লেখ কৰিব লাগিব যে লেখাই ইমৰাণৰ সৈতে কাম কৰিছে ‘মাতৰু কি বিজলি কা মান্ধোলা’ ছবিখনত ।

ইয়াৰ পূৰ্বে ইমৰাণ খানৰ বিবাহ হৈছিল অৱন্তিকা মালিকৰ সৈতে । ২০১১ চনত দুয়োৰে বিয়া হৈছিল । দুয়োৰে এগৰাকী কন্যাও আছে । কিন্তু ২০১৯ চনৰ পৰা ইমৰাণ আৰু অৱন্তিকাৰ বিচ্ছেদৰ খবৰ আহিবলৈ ধৰে । অৱশ্যে দুয়োৰে কোনোৱেই বিচ্ছেদৰ খবৰ আজিলৈকে নিশ্চিত কৰা নাই । কিন্তু বহু সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি দুয়োৰে বিবাহ বিচ্ছেদ হৈছে । কিন্তু এই খবৰ কিমান সঁচা আৰু কিমান মিছা সেয়া জানিব কেৱল ইমৰাণ খানে ৷

লগতে পঢ়ক: কথিত প্ৰেমিকৰ সৈতে তিৰুমালা ভ্ৰমণ জাহ্নৱী কাপুৰৰ, চাওক ভিডিঅ’

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.