ETV Bharat / entertainment

Delicious Recipe: উৎসৱৰ বতৰত ঘৰতে সহজে তৈয়াৰ কৰক ফল-মূল-শুকান ফলৰ এই সুস্বাদু ৰেচিপি - ষ্ট্ৰবেৰী কাজু মিল্কশ্বেক

উৎসৱৰ বতৰত যদি আপুনি ঘৰতে বিশেষ কিবা এটা বনাব বিচাৰে তেন্তে ফল-মূল আৰু শুকান ফলৰ সহায়ত এই বিশেষ খাদ্য প্ৰস্তুত কৰিব পাৰে ৷ জানি লওক ৰেচিপি...

If you want to make something special during the festival, then try this delicious recipe of fruits and dry fruits
ফল-মূল-শুকান ফলৰ সুস্বাদু ৰেচিপি
author img

By ETV Bharat Assamese Team

Published : Sep 23, 2023, 5:16 PM IST

শুকান ফল আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয় ৷ ইয়াত ভিটামিন আৰু খনিজ পদাৰ্থ আদি প্ৰচুৰ পৰিমাণে পোৱা যায় যিবোৰ আমাৰ স্বাস্থ্যৰ বাবে অপৰিহাৰ্য ৷ ইয়াক খাদ্যত গাৰ্নিচিং হিচাপেও ব্যৱহাৰ কৰা হয় ৷ উৎসৱৰ বতৰত যদি আপুনি ঘৰতে বিশেষ কিবা এটা বনাব বিচাৰে তেন্তে ফল-মূল আৰু শুকান ফলৰ সহায়ত এই বিশেষ খাদ্য প্ৰস্তুত কৰিব পাৰে ৷

উৎসৱৰ বতৰ চলি আছে আৰু যদি ঘৰতে বিভিন্ন ধৰণৰ মিঠা খাদ্য তৈয়াৰ কৰা নহয়, তেন্তে উৎসৱটো যেন আধৰুৱা হৈ পৰে ৷ বিশেষকৈ গণেশ চতুৰ্থী উৎসৱত মিঠাইৰ চাহিদা বৃদ্ধি পায় ৷ ইয়াৰ বাহিৰেও যদি আপুনি মিঠা খাদ্যৰ ক্ষেত্ৰত বেলেগ কিবা এটা চেষ্টা কৰিব বিচাৰে তেন্তে ফল-মূল আৰু শুকান ফলৰ সহায়ত ঘৰতে পুষ্টিকৰ আৰু সোৱাদযুক্ত ৰেচিপি তৈয়াৰ কৰিব পাৰে ৷

বাদাম আৰু ফলৰ কাষ্টাৰ্ড

এই কাষ্টাৰ্ড বনাবলৈ আপুনিও আপোনাৰ প্ৰিয় ফলবিধ বাছি ল’ব পাৰে ৷ ইয়াক তৈয়াৰ কৰিবলৈ ১ লিটাৰ গাখীৰ কম জুইত উতলাই লওক ৷ গাখীৰ ঠাণ্ডা হ’লে তাত কাষ্টাৰ্ড পাউদাৰ আৰু চেনি দি ভালদৰে মিহলাই লওক ৷ তাত আঙুৰ আৰু ডালিমৰ গুটি মিহলাই লওক, তাৰ পিছত কটা শুকান ফলৰে সজাই লওক ৷ বাদাম আৰু ফলৰ কাষ্টাৰ্ড ৰেডি ৷

If you want to make something special during the festival, then try this delicious recipe of fruits and dry fruits
ফল-মূল-শুকান ফলৰ সুস্বাদু ৰেচিপি

ষ্ট্ৰবেৰী-কাজু মিল্কশ্বেক

ষ্ট্ৰবেৰী আৰু কাজু মিল্কশ্বেক বৰ সোৱাদযুক্ত ৷ ইয়াক বনাবলৈও যথেষ্ট সহজ ৷ ইয়াৰ বাবে ব্লেণ্ডাৰত আধা কাপ কাজু বাদামৰ মসৃণ পেষ্ট প্ৰস্তুত কৰক, এতিয়া তাত গাখীৰ আৰু চেনি দিব ৷ ডাঠ কৰি লওক ৷ এতিয়া ষ্ট্ৰবেৰীৰ টুকুৰা আৰু কেইটামান স্কুপ ভেনিলা আইচক্ৰীম দিব ৷ ষ্ট্ৰবেৰী আৰু কাজু মিল্কশ্বেক ৰেডি ৷

কল আৰু আখৰোটৰ কেক

এই কেক বনাবলৈ পকা কল আৰু আখৰোট ব্যৱহাৰ কৰিব পাৰে ৷ এইটো বনাবলৈ কলৰ পিউৰি প্ৰস্তুত কৰিব লাগে ৷ তাত মাখন, আখৰোট আৰু চেনি দি ভালদৰে বিট কৰক ৷ ইচ্ছা কৰিলে এই মিশ্ৰণত কিছু গাখীৰও দিব পাৰে ৷ বেটাৰটো বেছি ডাঠ যেন লাগিলে অলপ গাখীৰ দিব পাৰে ৷ এতিয়া অভেনত বেক কৰক ৷ শিশু আৰু প্ৰাপ্তবয়স্ক উভয়ে সকলোৱে ভাল পাব ৷

লগতে পঢ়ক: Getting Wet In The Rain: বৰষুণত তিতাটো শৰীৰৰ বাবে উপকাৰী নে অপকাৰী ? আজি জানি লওক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.