ETV Bharat / entertainment

Sunny Deol: বেংক অৱ বৰোদাৰ সম্পত্তিৰ নিলামৰ জাননী সন্দৰ্ভত ছানী দেওলে প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়া - বেংক অৱ বৰোদাৰ সম্পত্তিৰ নিলামৰ জাননী

বলীউডৰ অভিনেতা তথা বিজেপিৰ সাংসদ ছানী দেওলে সম্পত্তিৰ নিলামৰ জাননী সন্দৰ্ভত প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়া ৷ ইয়াক ব্যক্তিগত বিষয় বুলি অভিহিত কৰি চৰকাৰী বেংক অৱ বৰোদাৰ সম্পত্তিৰ নিলামৰ জাননীত ৫৬ কোটি টকা আদায়ৰ অভিযোগ উত্থাপন কৰা সন্দৰ্ভত কোনো মন্তব্য দিবলৈ অস্বীকাৰ কৰে অভিনেতাগৰাকীয়ে ।

'I don't want to comment': Sunny Deol on Bank of Baroda's property auction notice
ছানী দেওলে সম্পত্তিৰ নিলামৰ জাননীত প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়া
author img

By

Published : Aug 22, 2023, 10:07 AM IST

চিটাৰা ডেস্ক, 22 আগষ্ট: দেওবাৰে ছানী দেওলৰ সন্দৰ্ভত আহিছিল এটা দুখবৰ ৷ খবৰ অনুসৰি অভিনেতাগৰাকীয়ে বেংক অৱ বৰোদাৰ পৰা লোৱা ঋণ সময়মতে পৰিশোধ নকৰাৰ বাবে বেংকে তেওঁলৈ জাননী প্ৰেৰণ কৰিছিল ৷ জাননী অনুসৰি বেংক অৱ বৰোদাই তেওঁৰ মুম্বাই জুহুস্থিত বাংলোটো 25 ছেপ্টেম্বৰত নিলাম কৰাৰ কথা ঘোষণা কৰিছিল ৷ এই খবৰ অতি দ্ৰুতগতিত ভাইৰেল হৈ পৰে ছ’চিয়েল মিডিয়াত ৷ কিন্তু জাননী প্ৰেৰণ কৰাৰ এদিন পাচতেই সেই জাননী প্ৰত্যাহাৰ কৰে বেংকে ৷ এতিয়া এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অভিনেতাগৰাকীয়ে ৷

মঙলবাৰে অভিনেতা ছানী দেওলে বেংক অৱ বৰোদাৰ সম্পত্তি নিলামৰ জাননী সন্দৰ্ভত কোনো মন্তব্য দিবলৈ অস্বীকাৰ কৰি কয় যে, এইবোৰ ব্যক্তিগত বিষয় হোৱাৰ বাবে মই কোনো মন্তব্য দিব নিবিচাৰো । চৰকাৰী বেংক বেংক অৱ বৰোদাই 56 কোটি টকা আদায় কৰিবলৈ অভিনেতা তথা বিজেপিৰ সংসদৰ সদস্য ছানী দেওলৰ সম্পত্তি নিলাম কৰিবলৈ সাজু হৈছিল ।

তেওঁ এই সন্দৰ্ভত কয়, "মই মন্তব্য দিব নিবিচাৰো । এইবোৰ ব্যক্তিগত কথা । মই এই বিষয়ে একো ক’ব নিবিচাৰো ৷ মানুহে ইয়াৰ বেলেগ মতলব উলিয়াব ৷’’ ইফালে বেংক অৱ বৰোদাই ছানী দেওলৰ সম্পত্তিৰ নিলামৰ জাননী কিয় প্ৰত্যাহাৰ কৰিলে তাৰ দুটা ডাঙৰ “কাৰিকৰী” কাৰণ উল্লেখ কৰিছে । পূৰ্বে বেংকে ই “কাৰিকৰী কাৰণ”ৰ উল্লেখ কৰি প্ৰকাশিত বিক্ৰীৰ জাননী প্ৰত্যাহাৰ কৰিছিল ।

প্ৰথমতে, মুঠ বাবদ ধনত আদায় কৰিবলগীয়া বাবদ ধনৰ সঠিক পৰিমাণ নিৰ্দিষ্ট কৰা হোৱা নাছিল । দ্বিতীয়তে, বিক্ৰীৰ জাননীখন The Security Interest (Enforcement) Rules 2002 ৰ নিয়ম 8(6) অনুসৰি সম্পত্তিৰ প্ৰতীকী দখলৰ ওপৰত ভিত্তি কৰি কৰা হৈছিল । 1 আগষ্টত বেংকৰ দ্বাৰা মুখ্য মহানগৰ দণ্ডাধীশৰ ওচৰত শাৰীৰিক দখলৰ বাবে আবেদন কৰা হৈছে '2023, যিটো অনুমতিৰ বাবে বাকী আছে বুলি বেংক অৱ বৰোদাৰ এগৰাকী মুখপাত্ৰই এক বিবৃতিত প্ৰকাশ কৰে ।

মুখপাত্ৰগৰাকীয়ে কয়, ‘যিহেতু ঋণগ্ৰহণকাৰীয়ে আমাক প্ৰেৰণ কৰা ধৰণে ইউনিটটো চলি আছে, সেয়েহে ছাৰ্ফেছি আইনৰ বিধান অনুসৰি বিক্ৰীৰ ব্যৱস্থা আৰম্ভ কৰা হ’ব, এবাৰ শাৰীৰিক দখল লোৱাৰ পিছত ।” ইয়াৰ মাজতে বেংকে কয় যে ঋণগ্ৰহণকাৰীয়ে দেওবাৰে প্ৰকাশিত বিক্ৰীৰ জাননী অনুসৰি বাবদ ধন পৰিশোধৰ বাবে ঋণদাতাৰ কাষ চাপিছে, “য’ত ঋণগ্ৰহণকাৰী/গেৰাণ্টৰসকলক অৱগত কৰা হৈছিল যে তেওঁলোকে বাকী থকা বাবদ ধন বাংলো বিক্ৰী পূৰ্বে যদি পৰিশোধ কৰে তেন্তে নিলাম নহয় বাংলো ৷” এইবোৰক কাৰণ হিচাপে উল্লেখ কৰি বিক্ৰীৰ জাননী প্ৰত্যাহাৰ কৰা হৈছে বুলিও মুখপাত্ৰগৰাকীয়ে কয় । (ANI)

লগতে পঢ়ক: Sunny Deol: নিলাম নহয় ছানী দেওলৰ বাংলো, বেংকে প্ৰত্যাহাৰ কৰিলে জাননী, কিন্তু কিয় ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.