চিটাৰা ডেস্ক, 11 অক্টোবৰ: ৰণবীৰ কাপুৰৰ বহু প্ৰত্যাশিত ছবি ‘Animal’ ৰ বাবে অপেক্ষা কৰি আছে অনুৰাগীয়ে । শেহতীয়াকৈ ছবিখনৰ টিজাৰ মুকলি কৰা হৈছে, যিয়ে দৰ্শকৰ পৰা যথেষ্ট ইতিবাচক সঁহাৰি লাভ কৰিছে । অনুৰাগীৰ বাবে এতিয়া নিৰ্মাতাই মুকলি কৰিছে ছবিখনৰ প্ৰথমটো গীত । গীতটিৰ নাম ‘হোৱা মে’ ৷
এনিমেলৰ প্ৰথমটো গীত 'হোৱা মে' মুক্তি
‘হোৱা মে’ গীতটি হৈছে ৰোমান্টিক ট্ৰেক, য’ত দেখা যায় ৰণবীৰ-ৰশ্মিকাৰ ছিজলিং কেমিষ্ট্ৰী । দুয়োগৰাকীৰ আচৰিত কেমিষ্ট্ৰী দেখা গৈছে এই গীতটিত । উল্লেখযোগ্য যে এই ছবিখনৰ জৰিয়তে প্ৰথমবাৰৰ বাবে ৰণবীৰ আৰু ৰশ্মিকাক একেলগে ডাঙৰ পৰ্দাত দেখা যাব ।
- " class="align-text-top noRightClick twitterSection" data="">
গীতটোত দেখা গৈছে আচৰিত ধৰণৰ কেমিষ্ট্ৰী
দুয়োৰে মৰমেৰে চুমা খোৱা দৃশ্যৰে আৰম্ভ হয় গীতটি আৰু ইয়াৰ পিচতে দুয়োগৰাকীক কেইবাৰো চুম্বন কৰা দেখা যায় । দুয়োৰে যুটিটোক গীতটিত অতি সুন্দৰকৈ দেখুওৱা হৈছে ।
এনিমেলৰ টিজাৰ
ৰণবীৰ কাপুৰৰ জন্মদিনত মুকলি কৰিছিল ছবিখন টিজাৰ ৷ ২.২৬ মিনিটৰ টিজাৰত দেখা গৈছিল ৰণবীৰ কাপুৰ, ৰশ্মিকা, অনিল কাপুৰ আৰু ছবিখনৰ খলনায়ক ববি দেওলক । টিজাৰৰ আৰম্ভণি হয় ৰণবীৰ আৰু ৰশ্মিকাৰ পৰা । ৰণবীৰৰ পিতৃৰ বিষয়ে ৰশ্মিকাই প্ৰশ্ন কৰে, তাৰ পাচতে খঙত অগ্নিশৰ্মা পৰে ৰণবীৰ। তাৰ পাচত এন্ট্ৰি হয় অনিল কাপুৰৰ ৷ অনিলক দেখা যায় ৰণবীৰৰ পিতৃৰ চৰিত্ৰত, য’ত তেওঁ মাতৃক কোৱা দেখা যায় আমি এজন অপৰাধীক জন্ম দিছো ৷ ইফালে টিজাৰৰ শেষত ববি দেওলক দেখা যায়, য’ত ববিক এজন চাইকো খলনায়কৰ চৰিত্ৰত দেখা গৈছে ৷
ছবিখনৰ কাহিনী
আণ্ডাৰৱৰ্ল্ডৰ বিপদজনক পটভূমিৰ ওপৰত আধাৰিত পিতৃ-পুত্ৰৰ এক অশান্ত সম্পৰ্কক কেন্দ্ৰ কৰিয়েই নিৰ্মাণ কৰা হৈছে ‘এনিমেল’ৰ কাহিনী । ছবিখনৰ মূল নায়কজন মনোৰোগীলৈ পৰিণত হয় । ছবিখনত এজন পুত্ৰৰ পিতৃৰ প্ৰতি থকা আৱেগিক প্ৰেমো দেখা গৈছে । ‘এনিমেল’ পৰিচালনা কৰিছে সন্দীপ ৰেড্ডী ভাংগাই । ছবিখনত ৰণবীৰ কাপুৰৰ উপৰিও অনিল কাপুৰ, ববি দেওল আৰু ৰশ্মিকা মান্দানাই গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে। এই ছবিখন ২০২৩ চনৰ ১ ডিচেম্বৰত একাধিক ভাষাত ছবিগৃহত মুক্তি পাব । হিন্দী, তামিল, তেলুগু, কানাড়া আৰু মালয়ালম ভাষাত মুক্তি পাব ছবিখন ।
লগতে পঢ়ক: Animal Rashmika Mandanna Look: 'এনিমেল'ৰ পৰা ৰশ্মিকা মান্ধানাৰ প্ৰথম লুক প্ৰকাশ, এই চৰিত্ৰত অভিনয় কৰিব ৰশ্মিকাই