ETV Bharat / entertainment

Subrata Roy-Amitabh Bachchan: সুব্ৰত ৰয়ৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক আছিল অমিতাভৰ - subrata roy 2023

বলীউডৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ সৈতে সাহাৰাশ্ৰী সুব্ৰত ৰয়ৰ আছিল ঘনিষ্ঠ বন্ধুত্ব। কেনেকৈ দুয়োৰে মাজত গঢ়ি উঠিছিল বন্ধুত্বৰ সম্পৰ্ক ? জানক এই প্ৰতিবেদনত ৷

How Subrata Roy and Amitabh Bachchan became friends ?  Know the behind story
অমিতাভ বচ্চনৰ সৈতে সহাৰাশ্ৰী সুব্ৰত ৰয়ৰ আছিল ঘনিষ্ঠ বন্ধুত্ব
author img

By ETV Bharat Assamese Team

Published : Nov 15, 2023, 10:52 AM IST

চিটাৰা ডেস্ক, 15 নৱেম্বৰ: বিশিষ্ট উদ্যোগপতি তথা সাহাৰা গ্ৰুপৰ প্ৰতিষ্ঠাপক সুব্ৰত ৰয় আৰু নাই ৷ মৃত্যুৰ সময়ত সাহাৰাশ্ৰী সুব্ৰত ৰয়ৰ বয়স আছিল ৭৫ বছৰ। খবৰ অনুসৰি দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল সুব্ৰত ৰয় ৷ অৱশেষত মঙলবাৰে হৃদযন্ত্ৰৰ শ্বাস-প্ৰশ্বাস বন্ধ হৈ পৰাত মৃত্যু হয় সাহাৰা গ্ৰুপৰ মুৰব্বীগৰাকীৰ ৷ সাহাৰাশ্ৰী (সুব্ৰত ৰয়)ৰ সম্পৰ্ক কেৱল ব্যৱসায়িক ঘৰৰ মালিকৰ সৈতেই নাছিল, বলীউডৰ বহু চেলিব্ৰিটিৰ সৈতেও তেওঁৰ ভাল সম্পৰ্ক আছিল । জানিব পৰা মতে মেগাষ্টাৰ অমিতাভ বচ্চনৰ সৈতে সুব্ৰত ৰয়ৰ গভীৰ সম্পৰ্ক আছিল ।

অমিতাভ বচ্চন আৰু সুব্ৰত ৰয়ৰ সম্পৰ্ক কেনেকুৱা আছিল ?

বাতৰি অনুসৰি, অমিতাভ বচ্চন যেতিয়া বেয়া সময়ৰ মাজেৰে পাৰ হ’বলগীয়া হৈছিল, তেতিয়া তেওঁক সুব্ৰত ৰয়ে সমৰ্থন আগবঢ়াইছিল । ইয়াৰ পিচতে সাহাৰাশ্ৰী আৰু বিগ বিৰ মাজত গঢ়ি উঠে বন্ধুত্বৰ সম্পৰ্ক । কোৱা হয় যে ৰাজনীতিবিদ অমৰ সিঙে বিগ বি আৰু সাহাৰাশ্ৰীক লগ কৰাইছিল। এনে পৰিস্থিতিত অমৰ সিং, অমিতাভ বচ্চন আৰু সুব্ৰত ৰয় এই তিনিওগৰাকীৰ বন্ধুত্ব অতি ঘনিষ্ঠ হৈ পৰে ৷ খবৰ অনুসৰি ২০১০ চনত যেতিয়া সুব্ৰত ৰয়ৰ ভতিজীৰ বিবাহ হৈছিল, তেতিয়া সেই বিয়াত বহু ডাঙৰ ডাঙৰ ব্যক্তিয়ে অংশগ্ৰহণ কৰিছিল । এই বিয়াত অমিতাভ বচ্চন আৰু জয়া বচ্চনেও অংশগ্ৰহণ কৰিছিল ৷ সুব্ৰত ৰায়ৰ সৈতে অমিতাভ বচ্চন আৰু জয়া বচ্চনক দেখা গৈছিল বিবাহ অনুষ্ঠানত ।

কি ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছে সুব্ৰত ৰয়ৰ ?

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি বিপাকীয় সমস্যা, উচ্চ ৰক্তচাপ আৰু মধুমেহ ৰোগৰ দৰে সমস্যাৰ সৈতে দীৰ্ঘদিন ধৰি যুঁজি আছিল ছাহাৰা গ্ৰুপৰ প্ৰতিষ্ঠাপকগৰাকী ৷ দীৰ্ঘদিনীয়া যুঁজৰ অন্তত ১৪ নৱেম্বৰত হৃদযন্ত্ৰৰ শ্বাস-প্ৰশ্বাস বন্ধ হোৱাৰ বাবে সুব্ৰত ৰয়ৰ মৃত্যু হয় । ১২ নৱেম্বৰত স্বাস্থ্যৰ অধিক অৱনতি ঘটাত তেওঁক কোকিলাবেন ধীৰুভাই আম্বানী চিকিৎসালয় আৰু চিকিৎসা গৱেষণা প্ৰতিষ্ঠানত ভৰ্তি কৰোৱা হৈছিল । কিন্তু অৱশেষত নিয়তিৰ ওচৰত হাৰ মানে সুব্ৰত ৰয়ে ৷

লগতে পঢ়ক: Sahara Group chief death : বিশিষ্ট উদ্যোগপতি তথা ছাহাৰা গ্ৰুপৰ প্ৰতিষ্ঠাপক সুব্ৰত ৰয়ৰ দেহাৱসান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.