ETV Bharat / entertainment

Nitin Desai audio clip: নীতিন দেশাইৰ অডিঅ’ ক্লিপৰ পৰা উদ্ধাৰ গুৰুত্বপূৰ্ণ তথ্য, চৰকাৰক আবেদন, মৃত্যুৰ বাবে জগৰীয়া কৰিলে এই কোম্পানীটোক - নীতিন দেশাই

বিশিষ্ট কলা নিৰ্দেশক নীতিন দেশাইৰ অডিঅ’ ক্লিপৰ পৰা গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিছে আৰক্ষীয়ে । আত্মহত্যাৰ পূৰ্বে দেশাইয়ে কিছু গুৰুত্বপূৰ্ণ কথা ভইচ ৰেকৰ্ডাৰত শ্বেয়াৰ কৰিছে ।

Hours before death, Nitin Desai appealed to state to take over studio
নীতিন দেশাইয়ে অডিঅ’ ক্লিপত বৰ্ণনা কৰিলে আত্মহত্যাৰ কাৰণ
author img

By

Published : Aug 4, 2023, 10:19 AM IST

চিটাৰা ডেস্ক, 4 আগষ্ট: শেহতীয়াকৈ মহাৰাষ্ট্ৰৰ কাৰ্জাটৰ এন ডি ষ্টুডিঅ’ত চিপ লৈ আত্মহত্যা কৰে জ্যেষ্ঠ কলা নিৰ্দেশক নীতিন দেশাইয়ে । সংবাদ মাধ্যমৰ খবৰ অনুসৰি নীতিন দেশাইৰ কোম্পানীটোৱে কোটি কোটি টকাৰ ঋণ লৈ থৈছিল । লগতে সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি নীতিন দেশাইয়ে মৃত্যুৰ পূৰ্বে এটা অডিঅ’ ক্লিপ ৰেকৰ্ডিং কৰিছিল, যাৰ তথ্য এতিয়া চৰ্চালৈ আহিছে । মৃত্যুৰ পূৰ্বে ৰেকৰ্ডিং কৰা অডিঅ’টোত নীতিন দেশাইয়ে কয় যে, তেওঁ এডেলৱেইছ কোম্পানীৰ বাহিৰে আন কাকো দোষ নিদিয়ে ।

নীতিন দেশাইয়ে অডিঅ’ ৰেকৰ্ডিঙত তথ্য দিছে যে এডেলৱেইছ কোম্পানীটোৰ বাবে বিপদত পৰিবলগীয়া হৈছিল, প্ৰতাৰণৰ বলি হৈছিল আৰু মানসিক শাৰাশাস্তিৰ সন্মুখীন হ’বলগীয়া হৈছিল ৷ এই ক্লিপটোত তেওঁ কৈছে যে, এডেলৱেইছ কোম্পানীটোৰ বাহিৰে নিজৰ মৃত্যুৰ বাবে আন কাকো দোষ নিদিয়ে ।

মহাৰাষ্ট্ৰ চৰকাৰলৈ আবেগিক আবেদন

লালবাগৰ ৰজাক শেষ প্ৰণাম জনাই অডিঅ’ ক্লিপটোৰ যোগে মহাৰাষ্ট্ৰ চৰকাৰক আহ্বান জনাইছে নীতিন দেশাইয়ে । নীতিন দেশাইয়ে কৈছে- মই বহুত কষ্ট আৰু বহু সপোনেৰে এই ষ্টুডিঅ’টো গঢ় দিছিলো ৷ জীৱনত বহু অসুবিধাৰ সন্মুখীন হৈ এই ষ্টুডিঅ’টো সম্পূৰ্ণ কৰিছিলোঁ । জীৱনত বহু উত্থান-পতন ঘটিছিল, সফলতা-বিফলতা আহিছিল, সকলো অসুবিধাৰ সন্মুখীন হৈছিলো । কিন্তু এই ষ্টুডিঅ’টোৱেই মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ সম্পদ ।

এডেলৱাইছ কোম্পানীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি নীতিন দেশাইয়ে চৰকাৰক এন ডি ষ্টুডিঅ’ৰ দায়িত্ব ল’বলৈ আবেদন জনাইছে কাৰণ ইয়াৰ দ্বাৰা নীতিন দেশাই বা তেওঁৰ পৰিয়ালৰ লাভ নহ’লেও উদীয়মান শিল্পীসকল লাভবান হ’ব ৷

পৃথিৱী এৰি যোৱাৰ পাছতো ভৱিষ্যতৰ সপোন দেখা এইগৰাকী কলা পৰিচালকে এই ষ্টুডিঅ’ৰ জৰিয়তে বহু কঠোৰ পৰিশ্ৰমী আৰু উদীয়মান শিল্পী হ’ব বুলি আশ্বাস দিছে । সেয়েহে ষ্টুডিঅ’টো কোনো ঋণ প্ৰদানকাৰী প্ৰতিষ্ঠানৰ হাতত গতাই নিদিবলৈ আহ্বান জনাইছে । ইয়াক সুৰক্ষিত কৰিব লাগে বুলি তেওঁ অডিঅ’ ক্লিপটোত উল্লেখ কৰিছে ।

তেওঁৰ শেষৰটো অডিঅ’ ৰেকৰ্ডিঙত কৈছে যে বহু অসুবিধাৰ সন্মুখীন হৈ মই এন ডি ষ্টুডিঅ’ৰ এই ধনুখন তুলি লৈছো । এতিয়ালৈকে এই শিৱ ধনুখন তুলি লৈছিলো, কিন্তু এতিয়া কঠিন হৈ পৰিছে । এই সংকটৰ পৰা ওলাই আহিবলৈ মই যৎপৰোনাস্তি চেষ্টা কৰিলোঁ, কিন্তু ওলাই আহিব নোৱাৰিলোঁ। গতিকে বন্ধ কৰাৰ সময় আহি পৰিছে ৷

লগতে পঢ়ক: Celebs who committed suicide: নীতিন দেশাইকে ধৰি এইকেইগৰাকী তাৰকায়ো বাছি লৈছিল আত্মহত্য়াৰ পথ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.