ETV Bharat / entertainment

অসীমৰ সৈতে ব্ৰেকআপৰ পিচত শান্তি বিচাৰি চাৰি ধামলৈ গ’ল হিমাংশী খুৰানা

Himanshi Khurana New Post: শেহতীয়াকৈ অসীম ৰিয়াজৰ সৈতে ব্ৰেকআপৰ কথা প্ৰকাশ কৰিছিল হিমাংশী খুৰানাই । ব্ৰেকআপৰ পিচত এতিয়া শান্তিৰ বিচাৰি চাৰি ধাম যাত্ৰালৈ গ’ল হিমাংশী খুৰানা ৷

Himanshi Khurana went on char dham yatra for peace after breakup With Asim Riaz
অসমীৰ সৈতে ব্ৰেকআপ হিমাংশী খুৰানাৰ
author img

By ETV Bharat Assamese Team

Published : Dec 13, 2023, 5:09 PM IST

চিটাৰা ডেস্ক, ১৩ ডিচেম্বৰ : ব্ৰেকআপৰ খবৰৰ বাবে এইকেইদিন বাতৰিৰ শিৰোনাম দখল কৰিছে হিমাংশী খুৰানাই । শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে অসীম ৰিয়াজৰ সৈতে ব্ৰেকআপৰ বিষয়ে এটা পোষ্টৰ জৰিয়তে ছ’চিয়েল মিডিয়াত অনুৰাগীৰ সৈতে প্ৰকাশ কৰে ।

এই কথা ঘোষণা কৰাৰ পিচতে ছ’চিয়েল মিডিয়াত ব্যাপক ট্ৰ’লৰ সন্মুখীন হয় হিমাংশী খুৰানা ৷ ইয়াৰ মাজতে এতিয়া অভিনেত্ৰীগৰাকীয়ে মনৰ শান্তিৰ বাবে চাৰি ধামৰ যাত্ৰালৈ গৈছে, যাৰ ফটো অভিনেত্ৰীগৰাকীয়ে ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে ।

চাৰি ধাম যাত্ৰালৈ হিমাংশী খুৰানা

বহু বছৰ ধৰি অসীমৰ সৈতে সম্পৰ্কত থাকি অৱশেষত বিচ্ছেদৰ কথা ঘোষণা কৰিছিল হিমাংশী খুৰানাই । যাৰ বাবে হিমাংশী আৰু অসীম ৰিয়াজৰ বিচ্ছেদৰ খবৰে স্তম্ভিত কৰি তুলে তেওঁলোকৰ অনুৰাগীক । ইফালে এই সিদ্ধান্তৰ বাবে একাংশই যদি সমৰ্থন কৰিছে, আন একাংশই আকৌ ছ’চিয়েল মিডিয়াত ট্ৰ’ল কৰাও দেখা গৈছে হিমাংশীক ৷ এনে পৰিস্থিতিত অভিনেত্ৰীগৰাকী অতিশয় চিন্তিত হৈ পৰে । সেয়েহে, মনৰ শান্তিৰ বাবে অভিনেত্ৰীগৰাকীয়ে মাতৃৰ সৈতে চাৰি ধামৰ যাত্ৰাত গৈছে ।

হিমাংশীয়ে ইনষ্টাগ্ৰামত এই যাত্ৰাৰ কিছু ফটো শ্বেয়াৰ কৰিছে, য’ত তেওঁক জগন্নাথ মন্দিৰ দৰ্শন কৰা দেখা গৈছে । এই সময়চোৱাত অভিনেত্ৰীগৰাকীয়ে ছ্যুট-ছালৱাৰ পৰিধান কৰি কপালত চন্দনৰ ফুট লগোৱা দেখা গৈছে আৰু কেপচনত লিখিছে, ‘‘মাতৃৰ সৈতে জগন্নাথ পুৰীলৈ, চাৰি ধাম যাত্ৰাত ।’’

এই পোষ্টত ব্যৱহাৰকাৰীৰ মন্তব্য

অনুৰাগীয়ে হিমাংশী খুৰানাক তেওঁৰ পোষ্টত সমৰ্থন কৰা দেখা গৈছে । এজন ব্যৱহাৰকাৰীয়ে লিখিছে, ‘‘৪ বছৰৰ পিচত আপুনি গম পাইছে নেকি অসীম যে এজন মুছলমান ল’ৰা ? ’’ আন এজনে লিখিছে, অসীমৰ লগত ব্ৰেকআপ কৰি আপুনি ভালেই কৰিছে । এজন ব্যৱহাৰকাৰীয়ে লিখিছে, এতিয়া আপুনি ঈশ্বৰৰ পৰা আপোনাৰ বাবে এজন ভাল ল’ৰা বিচাৰি লওক ।

কিয় হ’ল ব্ৰেকআপ ?

হিমাংশী খুৰানাই ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰা পোষ্টটোত ব্ৰেকআপৰ কাৰণ প্ৰকাশ কৰিছিল । হিমাংশীয়ে লিখিছিল, ‘‘হয়, আমি এতিয়া আৰু একেলগে নাই । আমি যিখিনি সময় একেলগে কটালোঁ সেয়া বৰ ভাল আছিল, কিন্তু আমি এতিয়া আৰু একেলগে নাই । আমাৰ সম্পৰ্কৰ যাত্ৰা আছিল অতি সুন্দৰ ৷ কিন্তু এতিয়া আমি দুয়ো জীৱনত আগবাঢ়িছো । আমি দুয়োগৰাকীয়ে নিজৰ নিজৰ ধৰ্মক সন্মান জনাই, আমাৰ ভিন্ন ধৰ্মীয় বিশ্বাসৰ বাবেই আমাৰ প্ৰেমক ত্যাগ কৰিছো । আমাৰ ইগৰাকী সিগৰাকীৰ বিৰুদ্ধে কোনো অভিযোগ নাই । আমাৰ গোপনীয়তাক সন্মান কৰিবলৈ আমি আপোনালোকক অনুৰোধ জনাইছো । ’’

লগতে পঢ়ক: ব্ৰেকআপ হ’ল বিগ বছ ১৩ খ্যাত অসীম ৰিয়াজ-হিমাংশী খুৰানাৰ, হিমাংশীয়ে ক’লে বিচ্ছেদৰ কাৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.