চিটাৰা ডেস্ক, ১৫ জানুৱাৰী: শাম কটা নাই মালদ্বীপ বিতৰ্ক । ছ’চিয়েল মিডিয়াত ট্ৰেণ্ড হৈ আছে হেচটেগ বয়কট মালদ্বীপ । ইয়াৰ মাজতে এতিয়া দক্ষিণৰ জনপ্ৰিয় ছুপাৰষ্টাৰ নাগাৰ্জুনে বাতিল কৰিছে মালদ্বীপ ভ্ৰমণ । ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে তেওঁৰ এটা ভিডিঅ’, য’ত তেওঁ মালদ্বীপ ভ্ৰমণ বাতিল কৰাৰ কথা কৈছে ।
মালদ্বীপ বিতৰ্ক আৰম্ভ হোৱাৰ পূৰ্বে নাগাৰ্জুনে পৰিয়ালৰ সৈতে মালদ্বীপত ছুটী উপভোগ কৰিবলৈ যাব বিচাৰিছিল । কিন্তু এতিয়া তেওঁৰ মন সলনি হৈছে । বয়কট মালদ্বীপৰ ট্ৰেণ্ডৰ সৈতে তেওঁ সহমত প্ৰকাশ কৰিছে আৰু যাৰ বাবে তেওঁ মালদ্বীপ ভ্ৰমণ বাতিল কৰিছে । নাগাৰ্জুনৰ মতে কিছুদিন ধৰি তেওঁ চিনেমাত অতি ব্যস্ত হৈ আছিল আৰু সেয়েহে তেওঁ পৰিয়ালৰ সৈতে সময় কটাব পৰা নাছিল । এনে পৰিস্থিতিত তেওঁ ছুটীৰ বাবে মালদ্বীপ বাছি লৈছিল, যদিও এতিয়া তেওঁ তালৈ যোৱাৰ পৰিকল্পনা বাতিল কৰিছে ।
ভিডিঅ’টোত নাগাৰ্জুনক মালদ্বীপ ভ্ৰমণৰ কথা কোৱা দেখা গৈছে । নাগাৰ্জুনে কয়, ‘‘মই ১৭ জানুৱাৰীত মালদ্বীপলৈ ছুটীত যাবলৈ ওলাইছিলো কাৰণ মই পৰিয়ালৰ বাবে সময় উলিয়াব পৰা নাছিলো । ‘না সমী ৰঙা’ আৰু ‘বিগ বছ’ত ব্যস্ত হৈ যোৱা ৭৫ দিন ধৰি কোনো বিৰতি লোৱা নাছিলোঁ । মালদ্বীপলৈ যোৱাৰ টিকট বাতিল কৰিছো আৰু এতিয়া অহা সপ্তাহত লক্ষদ্বীপলৈ যোৱাৰ পৰিকল্পনা কৰিছো । তাত থকা মন্ত্ৰীসকলে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে মন্তব্য কৰিছিল, যিবোৰ আপত্তিজনক আছিল আৰু তাৰ মূল্য তেওঁলোকে দিব লাগিব । ১.৫ বিলিয়ন লোকৰ নেতা প্ৰধানমন্ত্ৰী মোদী সমগ্ৰ বিশ্বতে অতিশয় সন্মানীয় ।’’
মালদ্বীপ বিবাদ কেনেকৈ আৰম্ভ হৈছিল ?
দৰাচলতে বছৰটোৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰী মোদীয়ে লক্ষদ্বীপ ভ্ৰমণৰ কিছু ফটো শ্বেয়াৰ কৰিছিল ৷ লগতে তেওঁ লক্ষদ্বীপৰ পৰ্যটনক প্ৰচাৰো কৰিছিল ৷ তাৰ পিচতে সকলোৱে গুগলত লক্ষদ্বীপৰ বিষয়ে জানিবলৈ চাৰ্চ কৰিবলৈ আৰম্ভ কৰে৷ আনকি ছ’চিয়েল মিডিয়াত বহুতে লক্ষদ্বীপৰ ছবি শ্বেয়াৰ কৰিবলৈ আৰম্ভ কৰে ৷ একাংশই কয় যে আমাৰ নিজৰ দেশখনত ইমান ধুনীয়া ধুনীয়া ঠাই আছে, তেতিয়াহ’লে ছুটী উপভোগ কৰিবলৈ বাহিৰৰ ঠাইলৈ যোৱাৰ কি প্ৰয়োজন আছে ।
ইয়াৰ পিচতে মালদ্বীপৰ মন্ত্ৰীসকলে ইয়াৰ বিৰোধিতা কৰে । প্ৰথমে মালদ্বীপৰ মন্ত্ৰী মৰিয়ম শ্বিউনাই এই সন্দৰ্ভত আপত্তিজনক মন্তব্য কৰে৷ তাৰ পিচত মৰিয়মক সকলোৱে সমালোচনা কৰে, যাৰ বাবে মুইজু চৰকাৰৰ মন্ত্ৰী মৰিয়ম শ্বিউনাই আপত্তিজনক মন্তব্য কৰা টুইটটো ডিলিট কৰি দিয়ে । কেৱল ইমানেই নহয়, মালদ্বীপৰ আন দুগৰাকী নেতা মালছা শ্বৰীফ আৰু মাহজুম মজীদেও লক্ষ্যদ্বীপ সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীয়ে শ্বেয়াৰ কৰা ছবিসমূহক লৈ আপত্তিজনক মন্তব্য কৰে । ছিনেটৰ সদস্য জাহিৰ ৰমিজেও একেধৰণৰ অপমানজনক মন্তব্য কৰে । ইয়াৰ পিচতে ছ’চিয়েল মিডিয়াত আৰম্ভ হয় মালদ্বীপ বয়কট ট্ৰেণ্ড আৰু হাজাৰ হাজাৰ ভাৰতীয় লোকে মালদ্বীপৰ ফ্লাইট কেনচেল কৰে ৷
লগতে পঢ়ক: লক্ষদ্বীপক অপমান কৰাত ক্ষুব্ধ হৈ পৰিল অমিতাভ বচ্চন, বয়কট মালদ্বীপ অভিযানৰ অংশ হ’ল বিগ বি