ETV Bharat / entertainment

HBD Rashmika Mandanna: ছামি ছামিৰ পৰা ৰঞ্জিতমেলৈ চাওক ৰশ্মিকা মান্দানাৰ শীৰ্ষ নৃত্যৰ ভিডিঅ’ - हैप्पी बर्थडे रश्मिका मंदाना

টলিউডৰ পৰা বলীউডলৈকে যাত্ৰা কৰা অভিনেত্ৰীগৰাকীয়ে হৈছে ৰশ্মিকা মান্দানা ৷ আজি অভিনেত্ৰীগৰাকীৰ ২৭ সংখ্যক জন্মদিন ৷ নিজৰ অভিনয় আৰু সৌন্দৰ্যৰে অনুৰাগীৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছিল অভিনেত্ৰীগৰাকী ৷ ৰশ্মিকা অভিনেত্ৰীৰ উপৰিও এগৰাকী নৃত্যশিল্পীও । চাওক জন্মদিন উপলক্ষে অভিনেত্ৰীগৰাকীৰ জনপ্ৰিয় নৃত্যৰ কিছুমান ভিডিঅ’ ৷

Happy birthday Rashmika Mandanna top dance numbers watch video
আজি ৰশ্মিকা মান্দানাৰ ২৭ সংখ্যক জন্মদিন
author img

By

Published : Apr 5, 2023, 1:47 PM IST

চিটাৰা ডেস্ক, 5 এপ্ৰিল: দক্ষিণৰ চলচ্চিত্ৰ উদ্যোগত অভিনেত্ৰী হিচাবে নিজৰ যোগ্যতা প্ৰমাণ কৰা ‘ছামি গাৰ্ল’ ৰশ্মিকা মান্দানাই ২০২২ চনত ‘গুড বাই’ ছবিৰে বলীউডত আত্মপ্ৰকাশ কৰিছিল (Rashmika Mandanna) ৷ ছবিখনত অভিনেত্ৰীগৰাকীক বলীউডৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ সৈতে অভিনয় কৰা দেখা পোৱা গৈছিল । অভিনয়ৰ উপৰিও ৰশ্মিকা এগৰাকী নৃত্যশিল্পীও । নিজৰ নৃত্যৰ জৰিয়তে এই কথা বহুবাৰ প্ৰমাণ কৰিছে ৰশ্মিকাই (Rashmika Mandanna Birthday) । একে সময়তে ৰশ্মিকাই নিজৰ নৃত্যৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত প্ৰায়ে শ্বেয়াৰ কৰি থাকে । গতিকে চাও আহক ২৭ সংখ্যক জন্মদিনত ৰশ্মিকাৰ বিশেষ নৃত্যৰ কিছুমান ভিডিঅ’...

ছামি-ছামি

২০২১ চনত মুক্তি পোৱা ‘পুষ্পা - দ্য ৰাইজ’ৰ জনপ্ৰিয় গীত 'ছামি-ছামি' গীতটিত কণ্ঠদান কৰিছে সুনিধি চৌহানে । এই গীতটিৰ বিটত ৰশ্মিকাই নৃত্য প্ৰদৰ্শন কৰে ৷ ইয়াৰ পিচতে ছ’চিয়েল মিডিয়াত জনপ্ৰিয় হৈ পৰে ছামি-ছামি গীতটি ৷ গীতটিৰ ওপৰত বহু ৰিলো বনোৱা হৈছে। ৰশ্মিকাৰ সৈতে এই গীতটোত নৃত্য প্ৰদৰ্শন কৰা দেখা যায় আল্লু অৰ্জুনক (Happy birthday Rashmika Mandanna)।

টপ টাকাৰ

২০২১ চনত ৰশ্মিকাৰ আন এটি গীত মুকলি হৈছিল ৷ গীতটিৰ নাম, ‘টপ টাকাৰ’। এই গীতটিত কণ্ঠদান কৰিছিল বাদশ্বাহ, উচানা অমিত, য়ুৱান শংকৰ ৰাজা আৰু জোনিতা গান্ধীয়ে । এলবামটোত ৰশ্মিকাৰ সৈতে বাদশ্বাহ, উচানা অমিত, য়ুৱান শংকৰ ৰাজাক চাউথ ষ্টাইলত দেখা গৈছিল (Rashmika mandanna saami saami) ।

ৰঞ্জিতমে - ৱৰিছু (তামিল)

২০২৩ চনত টলিউডৰ ছুপাৰষ্টাৰ বিজয় আৰু ৰশ্মিকাৰ ৱৰিছু ছবিয়ে মুক্তি লাভ কৰিছে । ছবিখনৰ এটা গীত 'ৰঞ্জিতমে' অতি জনপ্ৰিয় হৈ পৰে । ৰশ্মিকাই এই গীতটোত বিজয়ৰ সৈতে এনাৰজেটিক নৃত্য প্ৰদৰ্শন কৰে । এই গীতটিত ৰশ্মিকাৰ লুক আছিল অতি আকৰ্ষণীয় (Rashmika Mandanna top dance) ।

দ্য হিক গীত

'গুডবাই' ছবিৰ 'দ্য হিক গীত' আছিল ৰশ্মিকাৰ পাৰ্টি গীত । এই গীতটোত ৰশ্মিকাই ক্লাবত নাচি থকা দেখা পোৱা গৈছে, য’ত অভিনেত্ৰীগৰাকীক ডিস্কো বিটত পাৱাৰফুল পাৰফৰমেনচ কৰা দেখা যায় ৷

মাইণ্ড ব্লক

‘মাইণ্ড ব্লক’ ২০২০ চনত মুক্তি পোৱা তেলেগু ছবি ‘ছাৰিলেৰু নিকেভৰু’ৰ গীত ৷ এই গীতটিত নৃত্য কৰিছে ৰশ্মিকা আৰু মহেশ বাবুৱে । আনহাতে গীতটিত কণ্ঠদান কৰিছে ব্লেজ আৰু ৰানিনা ৰেড্ডীয়ে।

লগতে পঢ়ক: Pushpa The Rule TEASER: ৰশ্মিকা মান্দানাৰ জন্মদিনত অনুৰাগীলৈ পুষ্পা 2 ৰ ডাঙৰ উপহাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.