ETV Bharat / entertainment

ৰজনীকান্তৰ মুঠ সম্পত্তিৰ মূল্য জানিলে হতবাক হ’ব আপুনি - ৰজনীকান্তৰ মুঠ সম্পত্তিৰ পৰিমাণ কিমান

Happy Birthday Rajinikanth: দক্ষিণৰ ছুপাৰষ্টাৰ ৰজনীকান্তৰ আজি ৭৩ সংখ্যক জন্মদিন । গতিকে জন্মদিনত ৰজনীকান্তৰ মুঠ সম্পত্তিৰ বিষয়ে জানো আহক ।

Happy Birthday Rajinikanth: All you need to know about Thalaiva of Indian cinema
জন্মদিনৰ শুভেচ্ছা ৰজনীকান্ত
author img

By ETV Bharat Assamese Team

Published : Dec 12, 2023, 11:57 AM IST

চিটাৰা ডেস্ক, ১২ ডিচেম্বৰ: দক্ষিণ ভাৰতত ভগৱানৰ দৰে পূজা কৰা ছুপাৰষ্টাৰ ৰজনীকান্তৰ সমগ্ৰ বিশ্বতে ফেন ফ’ল’ৱাৰ আছে । আজিৰ দিনটো অৰ্থাৎ ১২ ডিচেম্বৰৰ দিনটো ৰজনীকান্তৰ বাবে অতি বিশেষ ৷ কাৰণ আজি ছুপাৰষ্টাৰগৰাকীৰ ৭৩ সংখ্যক জন্মদিন ৷ গতিকে ৰজনীকান্তৰ জন্মদিনত জানো আহক তেওঁৰ বিষয়ে কিছু নজনা কথা আৰু তেওঁ সম্পত্তিৰ পৰিমাণ কিমান ৷

কোনে জানিছিল যে বাছ কণ্ডাক্টৰ হিচাপে কাম কৰা এজন সাধাৰণ ব্যক্তিয়ে এদিন গোটেই পৃথিৱীখনত নিজৰ নাম উজলাই তুলিব। হয়, ছবিজগতলৈ অহাৰ পূৰ্বে ৰজনীকান্তে সৰু সৰু কাম কৰি নিজৰ জীৱিকা উপাৰ্জন কৰিছিল। জীৱিকা উপাৰ্জনৰ বাবে কাঠমিস্ত্ৰীৰ পৰা আৰম্ভ কৰি কৰ্ণাটক পৰিবহণ সেৱাত কণ্ডাক্টৰ হিচাপেও কাম কৰিছিল ৰজনীকান্তে । বিশ্বাস কৰিবলৈ নিশ্চয় টান হৈছে, নহয় জানো ? যে ইমান ডাঙৰ এজন ছুপাৰষ্টাৰে এসময়ত এনে কামো কৰিছিল নে, কিন্তু এয়াই সঁচা ৷ কোনেও জন্মৰ পৰাই ছুপাৰষ্টাৰ হৈ নাযায়, তাৰ বাবে কৰিব লাগে কঠোৰ পৰিশ্ৰম ৷ পৰিশ্ৰমৰ ভিত্তিতেই মাহিলী ২০০০ টকা উপাৰ্জন কৰা ৰজনীকান্তৰ আজি আছে কোটি টকাৰ সম্পত্তি ৷

গতিকে ৰজনীকান্তৰ জন্মদিন উপলক্ষে তেওঁৰ মুঠ সম্পত্তিৰ বিষয়ে জানো আহক । মাত্ৰ ২০০০ টকাৰে অভিনয় জীৱন আৰম্ভ কৰিছিল ৰজনীকান্তে । কেৰিয়াৰৰ প্ৰাৰম্ভিক পৰ্যায়ত তেওঁ শ্ৰীদেৱীৰ সৈতে এখন ছবি কৰিছিল, য’ত তেওঁ অভিনেত্ৰীগৰাকীৰ মাহীমাকৰ পুত্ৰৰ চৰিত্ৰত অভিনয় কৰিছিল । এই চৰিত্ৰত অভিনয় কৰাৰ বাবে তেওঁ লাভ কৰিছিল ২০০০ টকা ।

কিন্তু বৰ্তমান সময়ত ৰজনীকান্তে এখন ছবি বাবে পাৰিশ্ৰমিক লয় প্ৰায় ১০০ কোটি টকা । শেহতীয়াকৈ তেওঁৰ ছবি জেইলাৰ মুক্তি পাইছিল, যাৰ বাবে তেওঁ ১১০ কোটি টকাৰ পাৰিশ্ৰমিক লৈছিল । জেইলাৰৰ লাভৰ অংশীদাৰিত্বকে ধৰি ৰজনীকান্তে মুঠ ২১০ কোটি টকা উপাৰ্জন কৰিছিল । হয়, ২০০০ টকাৰ পৰা আৰম্ভ কৰা যাত্ৰা, ২১০ কোটি টকালৈ অব্যাহত আছে ৷

ৰজনীকান্তৰ মুঠ সম্পত্তিৰ পৰিমাণ জানি হতবাক হ’ব আপুনি

ফাইনেন্সিয়েল এক্সপ্ৰেছৰ তথ্য অনুসৰি ৰজনীকান্তৰ সম্পত্তিৰ পৰিমাণ ৪৩০ কোটি টকা । ছবিৰ উপৰিও থালাইভি তাৰকাগৰাকীয়ে বিলাসী বাহনৰ প্ৰতিও অতি আকৰ্ষিত । ইয়াৰ ভিতৰত আছে ৬.৫ কোটি টকাৰ ৰ’লছ ৰয়চ ফেণ্টম আৰু ৬ কোটি টকাৰ ৰ’লছ ৰয়ছ ঘোষ্টৰ দৰে বিলাসী বাহন।

বিলাসী বাহনৰ সংগ্ৰহ

ইয়াৰ উপৰিও, তেওঁৰ ওচৰত 1.77 ৰ পৰা 67.90 কোটি মূল্যৰ BMW X5, 2.55 কোটি মূল্যৰ Mercedes-Benz G Wagon, 3.10 কোটি টকাৰ Lamborghini Urus, Premier Padmini, Toyota Innova আৰু Hindustan Motors Ambassador আছে । একে সময়তে, চেন্নাইত অৱস্থিত ৰজনীকান্তৰ বিলাসী বাংলোৰ মূল্য প্ৰায় 35 কোটি টকা ।

লগতে পঢ়ক: অনন্যা পাণ্ডেৰ সৈতে সম্পৰ্কত আছে নেকি আদিত্য ৰয় কাপুৰ ? এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ অভিনেতাগৰাকীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.